--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুৱেইটক পৰাস্ত কৰি SAFF Cup জয় কৰাৰ পিছতো ভাৰতীয় ফুটবল দলে বিতৰ্কৰ পৰা হাত সাৰিব নোৱাৰিলে। প্ৰতিযোগিতাৰ বিজয় উদযাপন কৰাৰ সময়তে ৰাষ্ট্ৰীয় পতাকাৰ পৰিৱৰ্তে ভাৰতীয় ফুটবলাৰ জেকচন সিঙৰ কান্ধত মণিপুৰৰ পতাকা দেখা গ’ল।

জেকচনে সেই পতাকাখন লৈয়ে চেম্পিয়নৰ পদক লৈছিল। দলটোৰ বহু ফুটবলাৰৰ কান্ধত দেশৰ জাতীয় পতাকা সজোৱাৰ সময়তে জেকচনৰ কান্ধত মণিপুৰৰ পতাকাৰ বাবেই বিতৰ্ক আৰম্ভ হয়। মণিপুৰৰ ফুটবলাৰ জেকচনৰ কান্ধত আছিল মেইটেই সম্প্ৰদায়ৰ সাতৰঙী পতাকা।

উল্লেখ্য যে মণিপুৰত বিগত দুমাহ ধৰি মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। জেকচন নিজেই মেইটেই সম্প্ৰদায়ৰ। সেয়েহে বিশেষজ্ঞসকলৰ মতে তেওঁ এই পতাকাখনেৰে নিজৰ জনগোষ্ঠীৰ ভাৱমূৰ্তিক উজ্জ্বল কৰি তুলিব বিচাৰিছিল। অৱশ্যে ফুটবল মঞ্চত তেওঁ যিদৰে ব্যৱহাৰ কৰিছে তাত বহুতেই অসন্তুষ্ট। তেওঁলোকৰ মতে, ইয়াৰ ফলত পুনৰ অশান্তিৰ সৃষ্টি হ’ব পাৰে।


পিছত জেকচনে ছ’চিয়েল মিডিয়াত কয় যে তেওঁ কেৱল নিজকৰ বক্তব্য সকলোৰে সন্মুখত ৰাখিব বিচাৰিছে। ফুটবলাৰগৰাকীয়ে কয়, “মই কাৰো মনত আঘাত দিব বিচৰা নাছিলো। মোৰ ৰাজ্য মণিপুৰে এতিয়া যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈছে, সেই পৰিস্থিতিৰ প্ৰতি সোঁৱৰাব বিচাৰিছিলো।’’

উল্লেখ্য যে জেকচন ভাৰতৰ ১৭ বছৰ অনুৰ্ধ দলৰ অধিনায়ক আছিল। ১৭ বছৰ অনুৰ্ধ বিশ্বকাপ খেলিছিল। বিশ্বকাপত গ’ল দিয়া একমাত্ৰ ভাৰতীয় ফুটবলাৰ তেওঁৱেই। 

আনহাতে ছাফ কাপৰ ফাইনেলত কুৱেইটক পৰাস্ত কৰিলে ভাৰতে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ’লত ড্ৰ’ হৈছিল। অতিৰিক্ত সময়ত কোনো গ’ল নাছিল। টাইব্ৰেকাৰৰ প্ৰথম পাঁচটা শ্বটত দুয়োটা দলে চাৰিটা গ’ল দিয়ে। ভাৰতীয় গ’লৰক্ষক গুৰপ্ৰীত সিং সন্ধুৱে কুৱেইটৰ অধিনায়কৰ ষষ্ঠটো শ্বট ৰক্ষা কৰে। ভাৰতে লাভ কৰে ট্ৰফী। ইয়াৰ লগে লগে ভাৰতে নৱমবাৰৰ বাবে SAFF Cup চেম্পিয়ন হয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে