--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুৱেইটক পৰাস্ত কৰি SAFF Cup জয় কৰাৰ পিছতো ভাৰতীয় ফুটবল দলে বিতৰ্কৰ পৰা হাত সাৰিব নোৱাৰিলে। প্ৰতিযোগিতাৰ বিজয় উদযাপন কৰাৰ সময়তে ৰাষ্ট্ৰীয় পতাকাৰ পৰিৱৰ্তে ভাৰতীয় ফুটবলাৰ জেকচন সিঙৰ কান্ধত মণিপুৰৰ পতাকা দেখা গ’ল।

জেকচনে সেই পতাকাখন লৈয়ে চেম্পিয়নৰ পদক লৈছিল। দলটোৰ বহু ফুটবলাৰৰ কান্ধত দেশৰ জাতীয় পতাকা সজোৱাৰ সময়তে জেকচনৰ কান্ধত মণিপুৰৰ পতাকাৰ বাবেই বিতৰ্ক আৰম্ভ হয়। মণিপুৰৰ ফুটবলাৰ জেকচনৰ কান্ধত আছিল মেইটেই সম্প্ৰদায়ৰ সাতৰঙী পতাকা।

উল্লেখ্য যে মণিপুৰত বিগত দুমাহ ধৰি মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে। জেকচন নিজেই মেইটেই সম্প্ৰদায়ৰ। সেয়েহে বিশেষজ্ঞসকলৰ মতে তেওঁ এই পতাকাখনেৰে নিজৰ জনগোষ্ঠীৰ ভাৱমূৰ্তিক উজ্জ্বল কৰি তুলিব বিচাৰিছিল। অৱশ্যে ফুটবল মঞ্চত তেওঁ যিদৰে ব্যৱহাৰ কৰিছে তাত বহুতেই অসন্তুষ্ট। তেওঁলোকৰ মতে, ইয়াৰ ফলত পুনৰ অশান্তিৰ সৃষ্টি হ’ব পাৰে।


পিছত জেকচনে ছ’চিয়েল মিডিয়াত কয় যে তেওঁ কেৱল নিজকৰ বক্তব্য সকলোৰে সন্মুখত ৰাখিব বিচাৰিছে। ফুটবলাৰগৰাকীয়ে কয়, “মই কাৰো মনত আঘাত দিব বিচৰা নাছিলো। মোৰ ৰাজ্য মণিপুৰে এতিয়া যি পৰিস্থিতিৰ মাজেৰে পাৰ হৈ গৈছে, সেই পৰিস্থিতিৰ প্ৰতি সোঁৱৰাব বিচাৰিছিলো।’’

উল্লেখ্য যে জেকচন ভাৰতৰ ১৭ বছৰ অনুৰ্ধ দলৰ অধিনায়ক আছিল। ১৭ বছৰ অনুৰ্ধ বিশ্বকাপ খেলিছিল। বিশ্বকাপত গ’ল দিয়া একমাত্ৰ ভাৰতীয় ফুটবলাৰ তেওঁৱেই। 

আনহাতে ছাফ কাপৰ ফাইনেলত কুৱেইটক পৰাস্ত কৰিলে ভাৰতে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ’লত ড্ৰ’ হৈছিল। অতিৰিক্ত সময়ত কোনো গ’ল নাছিল। টাইব্ৰেকাৰৰ প্ৰথম পাঁচটা শ্বটত দুয়োটা দলে চাৰিটা গ’ল দিয়ে। ভাৰতীয় গ’লৰক্ষক গুৰপ্ৰীত সিং সন্ধুৱে কুৱেইটৰ অধিনায়কৰ ষষ্ঠটো শ্বট ৰক্ষা কৰে। ভাৰতে লাভ কৰে ট্ৰফী। ইয়াৰ লগে লগে ভাৰতে নৱমবাৰৰ বাবে SAFF Cup চেম্পিয়ন হয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু