--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনৰ এছিয়া কাপৰ আটাইতকৈ ডাঙৰ খেলখন অহা ২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। আচলতে ২ ছেপ্টেম্বৰত ২০২৩ চনৰ এছিয়া কাপত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। যেতিয়াই ক্ৰিকেটত ভাৰত আৰু পাকিস্তানৰ মাজত মেচ হয়, তেতিয়াই মেচখনৰ উত্তেজনাৰ সৰ্বোচ্চ শিখৰত উপনীত হয়।

অহা ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ। প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল পাকিস্তান আৰু নেপালৰ মাজত অনুষ্ঠিত হ’ব। ইয়াৰ পাছত ২ ছেপ্টেম্বৰত বাবৰ আজমৰ দলে ভাৰতৰ বিৰুদ্ধে খেলিব। এই মেচত পাকিস্তানৰ প্লেয়িং একাদশ কেনে হ’ব পাৰে জানো আহক।

ভাৰতৰ বিৰুদ্ধে খেলখনত ফখৰ জামান আৰু ইমাম উল হকে ইনিংছৰ আৰম্ভণি কৰিব। ইয়াৰ পাছত তিনি নম্বৰত অধিনায়ক বাবৰ আজম আৰু চাৰি নম্বৰত উইকেটকীপাৰ বেটছমেন মহম্মদ ৰিজৱানৰ বিৰুদ্ধে খেলাৰ সিদ্ধান্ত লোৱা হৈছে। এই দুয়োগৰাকী খেলুৱৈয়ে টি-২০ ফৰ্মেটত অপেনিং কৰে যদিও এইবাৰ এছিয়া কাপ এদিনীয়া ফৰ্মেটত অনুষ্ঠিত হৈছে। এনে পৰিস্থিতিত এই দুয়োজন খেলুৱৈয়ে তিনি আৰু চাৰি নম্বৰত খেলিব।

পাকিস্তানৰ মিডল অৰ্ডাৰৰ কথা ক’বলৈ গ’লে ছলমান আলী আঘাই পাঁচ নম্বৰত আৰু ইফতিকাৰ আহমেদে ছয় নম্বৰত বেটিং কৰিব। ইয়াৰ পাছত ছাদাব খান আৰু মহম্মদ নৱাজৰ যুটিক একচনত দেখা পোৱা যাব৷

দলটোত ছাদাব আৰু নৱাজৰ ৰূপত থাকিব দুজন স্পিনাৰ। দ্ৰুত বলিঙৰ কথা কওঁতে শ্বাহীন শ্বাহ আফ্ৰিদী, নছিম শ্বাহ আৰু হেৰিছ ৰাউফক একচনত দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক