--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে এছিয়া কাপ ২০২৩ খিতাপ দখল কৰে। ফাইনেলত ভাৰতে শ্ৰীলংকাক ১০ উইকেটত পৰাস্ত কৰে। ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে ট্ৰফী দখল কৰা পৰিঘটনা এইটোৱেই প্ৰথম নহয়। ইয়াৰ পূৰ্বে ২০১৮ চনত খেলা এছিয়া কাপত ৰোহিত শৰ্মাৰ অধিনায়কত্বতে টিম ইণ্ডিয়াই খিতাপ দখল কৰিছিল।

অধিনায়ক ৰোহিত শৰ্মা কিমান মহান সেইটো আই পি এলৰ পৰাও অনুমান কৰিব পাৰি। আই পি এলত ৫টা ট্ৰফী লাভ কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয় ৰোহিত। ভাৰতীয় অধিনায়ক হোৱাৰ কথা উল্লেখ কৰিবলৈ গ’লে ২০১৮ চনত এছিয়া কাপৰ বাহিৰেও ৰোহিত শৰ্মাৰ অধিনায়কত্বত একে বছৰতে নিদাহাছ ট্ৰফীত ভাৰতক বিজয়ী কৰি তুলিছিল। এতিয়ালৈকে অধিনায়ক হিচাপে ৰোহিত শৰ্মাই বহু ট্ৰফী লাভ কৰিছে।

আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব কৰা ৰোহিত শৰ্মাই নিজৰ দলৰ হৈ চেম্পিয়নছ লীগৰ খিতাপ দখল কৰে। ২০১৩ চনত ৰোহিত শৰ্মাৰ অধিনায়কত্বত খেলি মুম্বাই ইণ্ডিয়ানছে চেম্পিয়নছ লীগৰ ট্ৰফী লাভ কৰিছিল। আই পি এল আৰু ভাৰতৰ হৈ অধিনায়ক হিচাপে এতিয়ালৈকে মুঠ ৯টা ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে ৰোহিত শৰ্মাই।

অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ ট্ৰফীৰ তালিকা-

আইপিএলত ২০১৩ চনত জয়ী হৈছিল
২০১৩ চনত চেম্পিয়নছ লীগ ২০ চনত জয়ী হয়
আইপিএলত ২০১৫ চনত জয়ী হৈছিল
আইপিএলৰ  ২০১৭ চনৰ সংস্কৰণত জয়ী হয়
এছিয়া কাপ ২০১৮ চনত জয়ী হয়
২০১৮ চনত নিদাহাছ ট্ৰফী লাভ কৰে
আইপিএলৰ ২০১৯ চনৰ সংস্কৰণত জয়ী হয়
আইপিএল ২০২০ চনত জয়ী হয়
এছিয়া কাপ ২০২৩ চনত জয়ী হয়


উল্লেখযোগ্য যে এইবাৰ টিম ইণ্ডিয়াই এছিয়া কাপৰ অষ্টম খিতাপ দখল কৰে। এছিয়া কাপত সৰ্বাধিক খিতাপ দখল কৰা দলটোৱেই হৈছে ভাৰত। ইয়াৰ পূৰ্বেও ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে এছিয়া কাপ জয় কৰিছিল। ভাৰতক দুবাৰকৈ এছিয়া কাপৰ খিতাপ দখল কৰা অধিনায়ক হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা। উল্লেখযোগ্য যে বৰ্তমান ৰোহিত শৰ্মা ভাৰতীয় দলৰ মূল অধিনায়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?