--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে এছিয়া কাপ ২০২৩ খিতাপ দখল কৰে। ফাইনেলত ভাৰতে শ্ৰীলংকাক ১০ উইকেটত পৰাস্ত কৰে। ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে ট্ৰফী দখল কৰা পৰিঘটনা এইটোৱেই প্ৰথম নহয়। ইয়াৰ পূৰ্বে ২০১৮ চনত খেলা এছিয়া কাপত ৰোহিত শৰ্মাৰ অধিনায়কত্বতে টিম ইণ্ডিয়াই খিতাপ দখল কৰিছিল।

অধিনায়ক ৰোহিত শৰ্মা কিমান মহান সেইটো আই পি এলৰ পৰাও অনুমান কৰিব পাৰি। আই পি এলত ৫টা ট্ৰফী লাভ কৰা প্ৰথমজন অধিনায়ক হিচাপে পৰিগণিত হয় ৰোহিত। ভাৰতীয় অধিনায়ক হোৱাৰ কথা উল্লেখ কৰিবলৈ গ’লে ২০১৮ চনত এছিয়া কাপৰ বাহিৰেও ৰোহিত শৰ্মাৰ অধিনায়কত্বত একে বছৰতে নিদাহাছ ট্ৰফীত ভাৰতক বিজয়ী কৰি তুলিছিল। এতিয়ালৈকে অধিনায়ক হিচাপে ৰোহিত শৰ্মাই বহু ট্ৰফী লাভ কৰিছে।

আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কত্ব কৰা ৰোহিত শৰ্মাই নিজৰ দলৰ হৈ চেম্পিয়নছ লীগৰ খিতাপ দখল কৰে। ২০১৩ চনত ৰোহিত শৰ্মাৰ অধিনায়কত্বত খেলি মুম্বাই ইণ্ডিয়ানছে চেম্পিয়নছ লীগৰ ট্ৰফী লাভ কৰিছিল। আই পি এল আৰু ভাৰতৰ হৈ অধিনায়ক হিচাপে এতিয়ালৈকে মুঠ ৯টা ট্ৰফী লাভ কৰিবলৈ সক্ষম হৈছে ৰোহিত শৰ্মাই।

অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ ট্ৰফীৰ তালিকা-

আইপিএলত ২০১৩ চনত জয়ী হৈছিল
২০১৩ চনত চেম্পিয়নছ লীগ ২০ চনত জয়ী হয়
আইপিএলত ২০১৫ চনত জয়ী হৈছিল
আইপিএলৰ  ২০১৭ চনৰ সংস্কৰণত জয়ী হয়
এছিয়া কাপ ২০১৮ চনত জয়ী হয়
২০১৮ চনত নিদাহাছ ট্ৰফী লাভ কৰে
আইপিএলৰ ২০১৯ চনৰ সংস্কৰণত জয়ী হয়
আইপিএল ২০২০ চনত জয়ী হয়
এছিয়া কাপ ২০২৩ চনত জয়ী হয়


উল্লেখযোগ্য যে এইবাৰ টিম ইণ্ডিয়াই এছিয়া কাপৰ অষ্টম খিতাপ দখল কৰে। এছিয়া কাপত সৰ্বাধিক খিতাপ দখল কৰা দলটোৱেই হৈছে ভাৰত। ইয়াৰ পূৰ্বেও ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে এছিয়া কাপ জয় কৰিছিল। ভাৰতক দুবাৰকৈ এছিয়া কাপৰ খিতাপ দখল কৰা অধিনায়ক হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা। উল্লেখযোগ্য যে বৰ্তমান ৰোহিত শৰ্মা ভাৰতীয় দলৰ মূল অধিনায়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু