--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষৰ পাঁচটা বলত জয়ী হ’বলৈ লাগে ২৮ ৰান। আপাততঃ এটা অসম্ভৱ লক্ষ্য। এনে পৰিস্থিতিত কোনেও ভবা নাছিল যে গুজৰাট টাইটানছৰ বিৰুদ্ধে ৫টা ছয় মাৰি ৰিংকু সিঙে কলকাতা নাইট ৰাইডাৰ্ছক জয়ী কৰিব। কিন্তু উত্তৰ প্ৰদেশৰ ৰিংকু সিঙে সেই কাম কৰি দেখুৱালে। কেকেআৰক অবিস্মৰণীয়ভাৱে বিজয় প্ৰদান কৰে বেটাৰগৰাকীয়ে।

গুজৰাট টাইটানছৰ পেচাৰ যশ দয়ালে দিয়া শেষৰ অভাৰত ৰিংকু সিঙে এই পাঁচটা ছয় মাৰে। লক্ষণীয়ভাৱে ৰিংকু সিঙৰ দৰেই যশ দয়ালো উত্তৰপ্ৰদেশৰে। একে ৰাজ্যৰে এজন ক্ৰিকেটাৰৰ হাতত বিধ্বস্ত হৈ পৰিল আন এজন ক্ৰিকেটাৰ। একেৰাহে পাঁচটা ছয় কেনেকৈ হজম কৰিলে যশ দয়ালে?

যশৰ দেউতাক চন্দ্ৰপলে দয়ালে এই বিষয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে। তেওঁ ক’লে- “বলটো তাৰ হাতৰ পৰা পিছলি ওলাই গৈছিল। যশে মোক কয় যে হাতৰ গ্ৰীপটো ঠিক হোৱা নাছিল। মন্থৰ গতিৰ বলিং কৰিবলৈও চেষ্টা কৰিছিল। কিন্তু ৰিংকুৱে সেইটোতো ছয় মাৰে। ৰিংকুৱে সকলো বল কোবোৱাৰ চেষ্টা কৰিছিল।’’

ৰিংকুৰ বাবে এই প্ৰদৰ্শন কিদৰে সম্ভৱ হ’ল সেয়াও কয় তেওঁ। কয়- ''তেওঁলোক ইজনে সিজনক ভালদৰে চিনি পায়। হয়তো তাৰ বাবেই ৰিংকুৰ বাবে কামটো অলপ সহজ হৈ পৰিছিল। যশৰ পূৰ্বে চেতন শৰ্মাৰ দৰে ক্ৰিকেটাৰেও এনে পৰিস্থিতিৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল।”

আনহাতে, যশ দয়ালৰ প্ৰশিক্ষক অমিত পলৰ মতে যশৰ বাবে দিন বেয়া আছিল। তেওঁ কয়- “দিনটো তেওঁৰ নাছিল। য়শে বহুত ভাল ইয়ৰ্কাৰ বল কৰিব পাৰে। কিন্তু সেই সময়ত তেওঁ হয়তো হেঁচাত পৰিছিল। হয়তো সিপাৰে ৰিংকু থকা বাবেই হেঁচা বাঢ়িছিল। যশে জানে যে ৰিংকুৱে তেওঁক সৰুৰে পৰা চিনি পায়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে