--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেষৰ পাঁচটা বলত জয়ী হ’বলৈ লাগে ২৮ ৰান। আপাততঃ এটা অসম্ভৱ লক্ষ্য। এনে পৰিস্থিতিত কোনেও ভবা নাছিল যে গুজৰাট টাইটানছৰ বিৰুদ্ধে ৫টা ছয় মাৰি ৰিংকু সিঙে কলকাতা নাইট ৰাইডাৰ্ছক জয়ী কৰিব। কিন্তু উত্তৰ প্ৰদেশৰ ৰিংকু সিঙে সেই কাম কৰি দেখুৱালে। কেকেআৰক অবিস্মৰণীয়ভাৱে বিজয় প্ৰদান কৰে বেটাৰগৰাকীয়ে।

গুজৰাট টাইটানছৰ পেচাৰ যশ দয়ালে দিয়া শেষৰ অভাৰত ৰিংকু সিঙে এই পাঁচটা ছয় মাৰে। লক্ষণীয়ভাৱে ৰিংকু সিঙৰ দৰেই যশ দয়ালো উত্তৰপ্ৰদেশৰে। একে ৰাজ্যৰে এজন ক্ৰিকেটাৰৰ হাতত বিধ্বস্ত হৈ পৰিল আন এজন ক্ৰিকেটাৰ। একেৰাহে পাঁচটা ছয় কেনেকৈ হজম কৰিলে যশ দয়ালে?

যশৰ দেউতাক চন্দ্ৰপলে দয়ালে এই বিষয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে। তেওঁ ক’লে- “বলটো তাৰ হাতৰ পৰা পিছলি ওলাই গৈছিল। যশে মোক কয় যে হাতৰ গ্ৰীপটো ঠিক হোৱা নাছিল। মন্থৰ গতিৰ বলিং কৰিবলৈও চেষ্টা কৰিছিল। কিন্তু ৰিংকুৱে সেইটোতো ছয় মাৰে। ৰিংকুৱে সকলো বল কোবোৱাৰ চেষ্টা কৰিছিল।’’

ৰিংকুৰ বাবে এই প্ৰদৰ্শন কিদৰে সম্ভৱ হ’ল সেয়াও কয় তেওঁ। কয়- ''তেওঁলোক ইজনে সিজনক ভালদৰে চিনি পায়। হয়তো তাৰ বাবেই ৰিংকুৰ বাবে কামটো অলপ সহজ হৈ পৰিছিল। যশৰ পূৰ্বে চেতন শৰ্মাৰ দৰে ক্ৰিকেটাৰেও এনে পৰিস্থিতিৰ মাজেৰে পাৰ হ’বলগীয়া হৈছিল।”

আনহাতে, যশ দয়ালৰ প্ৰশিক্ষক অমিত পলৰ মতে যশৰ বাবে দিন বেয়া আছিল। তেওঁ কয়- “দিনটো তেওঁৰ নাছিল। য়শে বহুত ভাল ইয়ৰ্কাৰ বল কৰিব পাৰে। কিন্তু সেই সময়ত তেওঁ হয়তো হেঁচাত পৰিছিল। হয়তো সিপাৰে ৰিংকু থকা বাবেই হেঁচা বাঢ়িছিল। যশে জানে যে ৰিংকুৱে তেওঁক সৰুৰে পৰা চিনি পায়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ