--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ এছিয়াৰ অন্যতম বৃহৎ সামৰিক মহাশক্তি ভাৰতে নিজৰ চাহিদা পূৰণ কৰাৰ উপৰি আন দেশ সমূহলৈও সময়ে সময়ে ক্ষেপণাস্ত্ৰ ৰপ্তানি কৰি আহিছে। এইবাৰ ভাৰতৰ পৰা ৩৭৫ মিলিয়ন মিছাইল ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিছে ফিলিপাইনে। ফিলিপাইনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই বিষয়ে নিশ্চিত কৰিছে। ফিলিপাইনে তেওঁলোকৰ নৌবাহিনীৰ পুনৰ্নিৰ্মাণ আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰতৰ পৰা জাহাজ বিৰোধী মিছাইল ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে। চুক্তি অনুসৰি, ভাৰতৰ ব্ৰাহ্মছ এৰোস্পেচ প্ৰাইভেট লিমিটেডে ফিলিপাইনছক তিনিটা বেটাৰি, ট্ৰেইন অপাৰেটৰ আৰু লজিষ্টিক ছাপোৰ্ট প্ৰদান কৰিব। ভাৰত আৰু ফিলিপাইনছৰ মাজত এই চুক্তিখন ২০১৭ চনতে স্বাক্ষৰ হোৱাৰ কথা আছিল। কিন্তু সেই সময়ত বিভিন্ন কাৰণত সেয়া সম্ভৱপৰ হৈ নুঠিল। পৰৱৰ্তী দুটা বৰ্ষত কৰ’নাই বিধি-পথালি দিয়া বাবে চুক্তিখন তেনেকৈয়ে পৰি ৰয়। উল্লেখ্য যে, ফিলিপাইনে তেওঁলোকৰ সামৰিক বাহিনীৰ আধুনিকীকৰণৰ বাবে ৫ বছৰীয়া প্ৰকল্প হাতত লৈছে। এই সময়ছোৱাত ৫.৮৫ বিলিয়ন ডলাৰ মূল্যৰ যুদ্ধ সামগ্ৰী ক্ৰয় কৰিব দেশখনে। মন কৰিবলগীয়া যে, ফিলিপাইনছৰ বৰ্তমান সম্বল বুলি ক’বলৈ গ’লে দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত যুদ্ধজাহাজ আৰু ভিয়েটনাম যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই ব্যৱহাৰ কৰা সামৰিক হেলিকপ্টাৰে। সম্প্ৰতি ন ন প্ৰযুক্তি বিদ্যাৰে নিজকে অধিক শক্তিশালী ৰূপত গঢ় দিয়াৰে দুৰন্ত দুৰ্নিবাৰ স্বপ্ন দেখিছে এছিয়াৰ দেশখনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ