--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃ এছিয়াৰ অন্যতম বৃহৎ সামৰিক মহাশক্তি ভাৰতে নিজৰ চাহিদা পূৰণ কৰাৰ উপৰি আন দেশ সমূহলৈও সময়ে সময়ে ক্ষেপণাস্ত্ৰ ৰপ্তানি কৰি আহিছে। এইবাৰ ভাৰতৰ পৰা ৩৭৫ মিলিয়ন মিছাইল ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিছে ফিলিপাইনে। ফিলিপাইনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে এই বিষয়ে নিশ্চিত কৰিছে। ফিলিপাইনে তেওঁলোকৰ নৌবাহিনীৰ পুনৰ্নিৰ্মাণ আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ভাৰতৰ পৰা জাহাজ বিৰোধী মিছাইল ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে। চুক্তি অনুসৰি, ভাৰতৰ ব্ৰাহ্মছ এৰোস্পেচ প্ৰাইভেট লিমিটেডে ফিলিপাইনছক তিনিটা বেটাৰি, ট্ৰেইন অপাৰেটৰ আৰু লজিষ্টিক ছাপোৰ্ট প্ৰদান কৰিব। ভাৰত আৰু ফিলিপাইনছৰ মাজত এই চুক্তিখন ২০১৭ চনতে স্বাক্ষৰ হোৱাৰ কথা আছিল। কিন্তু সেই সময়ত বিভিন্ন কাৰণত সেয়া সম্ভৱপৰ হৈ নুঠিল। পৰৱৰ্তী দুটা বৰ্ষত কৰ’নাই বিধি-পথালি দিয়া বাবে চুক্তিখন তেনেকৈয়ে পৰি ৰয়। উল্লেখ্য যে, ফিলিপাইনে তেওঁলোকৰ সামৰিক বাহিনীৰ আধুনিকীকৰণৰ বাবে ৫ বছৰীয়া প্ৰকল্প হাতত লৈছে। এই সময়ছোৱাত ৫.৮৫ বিলিয়ন ডলাৰ মূল্যৰ যুদ্ধ সামগ্ৰী ক্ৰয় কৰিব দেশখনে। মন কৰিবলগীয়া যে, ফিলিপাইনছৰ বৰ্তমান সম্বল বুলি ক’বলৈ গ’লে দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহৃত যুদ্ধজাহাজ আৰু ভিয়েটনাম যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই ব্যৱহাৰ কৰা সামৰিক হেলিকপ্টাৰে। সম্প্ৰতি ন ন প্ৰযুক্তি বিদ্যাৰে নিজকে অধিক শক্তিশালী ৰূপত গঢ় দিয়াৰে দুৰন্ত দুৰ্নিবাৰ স্বপ্ন দেখিছে এছিয়াৰ দেশখনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু