--°C
Loading...
Listen to Article
2 min read
80%
ৱাশ্বিংটনঃ কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইন অ’মিক্ৰনৰ দাবানলে আমেৰিকা যুক্তৰাষ্ট্ৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বুলি মন্তব্য কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ সংক্ৰামক ৰোগ বিশেষজ্ঞ এন্থনী ফাউছীয়ে। ফাউছীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত অ’মিক্ৰনৰ সংক্ৰমণৰ ওপৰত লক্ষ্য ৰাখি চেণ্টাৰ ফ’ৰ ষ্ট্ৰেটেজীক এণ্ড ইণ্টাৰনেচনেল ষ্টাডীজৰ উপ-সভাপতি জে ষ্টিফেন মৰিছনৰ সৈতেও কথা-বাৰ্তাত মিলিত হোৱা বুলি জানিবলৈ পোৱা গৈছে। অ’মিক্ৰনৰ সংক্ৰমণ ক্ষমতা অস্বাভাৱিক। চলিত মাহৰ শেষৰফালে ই ব্যাপক হাৰত বিয়পি পৰিব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে ফাউছীয়ে। আমেৰিকাৰ যিসকলক ব্যক্তিয়ে ক’ভিড টিকা গ্ৰহণ কৰিছে বা বুষ্টাৰ পালিও লৈছে তেওঁলোকো অ’মিক্ৰনত আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও প্ৰকাশ পাইছে। অৱশ্যে, কিছুমান ব্যক্তিৰ ক্ষেত্ৰত হয়তো তেনে লক্ষণে দেখা নিদিবও পাৰে। কিন্তু অ’মিক্ৰনত আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ সম্ভাৱনা যথেষ্ট কম বুলি সদৰী কৰিছে ফাউছীয়ে। স্মৰ্তব্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’না ভাইৰাছৰ টিকাকৰণ কাৰ্যসূচী প্ৰত্যাশা অনুসৰি দেশখনে আগবাঢ়িব পৰা নাই। বিশ্বৰ আগশাৰীৰ দেশখনতে এতিয়া অবাধ গতিত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে। দেশখনৰ এনে অস্বাভাৱিক পৰিস্থিতিয়ে সম্প্ৰতি উদ্বিগ্ন কৰি তুলিছে সংশ্লিষ্ট কৰ্তৃপক্ষক। টিকাকৰণ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত কেইবাখনো ৰাজ্যত সাপ্তাহিক বঁটা পৰ্যন্ত ঘোষণা কৰিছিল চৰকাৰে। তথাপি, দেশখনৰ ৬৫ নিযুত লোকক এতিয়ালৈকে ক’ভিড টিকা গ্ৰহণ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু