--°C
Loading...
Listen to Article
2 min read
80%
ৱাশ্বিংটনঃ কৰ’না ভাইৰাছৰ নতুন ষ্ট্ৰেইন অ’মিক্ৰনৰ দাবানলে আমেৰিকা যুক্তৰাষ্ট্ৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে বুলি মন্তব্য কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ সংক্ৰামক ৰোগ বিশেষজ্ঞ এন্থনী ফাউছীয়ে। ফাউছীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত অ’মিক্ৰনৰ সংক্ৰমণৰ ওপৰত লক্ষ্য ৰাখি চেণ্টাৰ ফ’ৰ ষ্ট্ৰেটেজীক এণ্ড ইণ্টাৰনেচনেল ষ্টাডীজৰ উপ-সভাপতি জে ষ্টিফেন মৰিছনৰ সৈতেও কথা-বাৰ্তাত মিলিত হোৱা বুলি জানিবলৈ পোৱা গৈছে। অ’মিক্ৰনৰ সংক্ৰমণ ক্ষমতা অস্বাভাৱিক। চলিত মাহৰ শেষৰফালে ই ব্যাপক হাৰত বিয়পি পৰিব পাৰে বুলিও শংকা প্ৰকাশ কৰিছে ফাউছীয়ে। আমেৰিকাৰ যিসকলক ব্যক্তিয়ে ক’ভিড টিকা গ্ৰহণ কৰিছে বা বুষ্টাৰ পালিও লৈছে তেওঁলোকো অ’মিক্ৰনত আক্ৰান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও প্ৰকাশ পাইছে। অৱশ্যে, কিছুমান ব্যক্তিৰ ক্ষেত্ৰত হয়তো তেনে লক্ষণে দেখা নিদিবও পাৰে। কিন্তু অ’মিক্ৰনত আক্ৰান্ত ব্যক্তিৰ মৃত্যুৰ সম্ভাৱনা যথেষ্ট কম বুলি সদৰী কৰিছে ফাউছীয়ে। স্মৰ্তব্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ’না ভাইৰাছৰ টিকাকৰণ কাৰ্যসূচী প্ৰত্যাশা অনুসৰি দেশখনে আগবাঢ়িব পৰা নাই। বিশ্বৰ আগশাৰীৰ দেশখনতে এতিয়া অবাধ গতিত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাইছে। দেশখনৰ এনে অস্বাভাৱিক পৰিস্থিতিয়ে সম্প্ৰতি উদ্বিগ্ন কৰি তুলিছে সংশ্লিষ্ট কৰ্তৃপক্ষক। টিকাকৰণ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত কেইবাখনো ৰাজ্যত সাপ্তাহিক বঁটা পৰ্যন্ত ঘোষণা কৰিছিল চৰকাৰে। তথাপি, দেশখনৰ ৬৫ নিযুত লোকক এতিয়ালৈকে ক’ভিড টিকা গ্ৰহণ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ