--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ২৩ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈকে চীনত অনুষ্ঠিত হ'ব এছিয়ান গেমছ-২০২৩। টি-২০ সংস্কৰণৰ খেল অনুষ্ঠিত হ'ব এছিয়ান গেমছ-২০২৩ত। এছিয়ান গেমছ-২০২৩ৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা কৰে বিচিচিআইয়ে। প্ৰতিযোগিতাখনত ভাগ ল'ব পুৰুষ-মহিলা দুয়োটা দলে। শুকুৰবাৰে নিশা বি চি চি আয়ে এছিয়ান গেমছৰ বাবে ভাৰতীয় দল ঘোষণা কৰে। ঘোষিত পুৰুষৰ দলটোক নেতৃত্ব প্ৰদান কৰিব প্ৰতিভাৱান খেলুৱৈ ঋতুৰাজ গাইকোৱাড়ে। আনহাতে মহিলা দলটোক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে।

উল্লেখ্য যে ২০১৪ চনৰ পাছত এছিয়ান গেমছত দেখা যাব ভাৰতীয় ক্ৰিকেট খেল। সেয়ে ক্ৰিকেটপ্ৰেমীয়ে বৰ আশাৰে বাট চাইছে এছিয়ান গেমছলৈ।  

ভাৰতৰ হবলগীয়া এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি চীনলৈ দ্বিতীয় শাৰীৰ দল পঠিয়াব বি চি চি আয়ে। গতিকে  এছিয়ান গেমছত দেখিবলৈ পোৱা নাযাব বিৰাট কোহলি-ৰোহিত শৰ্মা আদিৰ দৰে তাৰকা খেলুৱৈক।


বি চি চি আয়ে ঘোষণা কৰা দল দুটা  হ'ল-

ঘোষিত দল(পুৰুষ) : ঋতুৰাজ গাইকোৱাড় (অধিনায়ক),যশস্বী জয়ছোৱাল,ৰাহুল ত্ৰিপাঠী,তিলক বাৰ্মা,ৰিংকু সিং,জীতেশ শৰ্মা (উইকেট ৰক্ষক),ৱাশ্বিংটন সুন্দৰ,শ্বাহবাজ আহমেদ,ৰবি বিষ্ণই,আৱেশ খান,অৰ্শদ্বীপ সিং,মুকেশ কুমাৰ,শিৱম মাভী,শিৱম ডুবে আৰু প্ৰভিস্মৰণ সিং ((উইকেট ৰক্ষক)।

ষ্টেণ্ডবাই - য়শ ঠাকুৰ,ছাই কিশোৰ,ভেংকাটেশ আয়াৰ,দীপক হুদা আৰু ছাই সুদৰ্শন।

ঘোষিত দল (মহিলা) : হৰমনপ্ৰীত কৌৰ ( অধিনায়ক),স্মৃতি মান্ধানা (সহঃ অধিনায়ক),শেফালী বাৰ্মা,জেমিমাহ ৰড্ৰিগাছ,দিপ্তী শৰ্মা,ৰিচা ঘোষ (উইকেট ৰক্ষক),অমনজত কৌৰ,দেৱীকা বৈদ্য,অঞ্জলী চাৰ্বানী,তিতাস সাধু,ৰাজেশ্বৰী গাইকোৱাড়,মিন্নু মনি,কণিকা আহুজা,উমা ছেত্ৰী (উইকেট ৰক্ষক) আৰু অনুসা বাৰেড্ডী।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ