--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ২৩ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈকে চীনত অনুষ্ঠিত হ'ব এছিয়ান গেমছ-২০২৩। টি-২০ সংস্কৰণৰ খেল অনুষ্ঠিত হ'ব এছিয়ান গেমছ-২০২৩ত। এছিয়ান গেমছ-২০২৩ৰ বাবে ভাৰতীয় ক্ৰিকেট দল ঘোষণা কৰে বিচিচিআইয়ে। প্ৰতিযোগিতাখনত ভাগ ল'ব পুৰুষ-মহিলা দুয়োটা দলে। শুকুৰবাৰে নিশা বি চি চি আয়ে এছিয়ান গেমছৰ বাবে ভাৰতীয় দল ঘোষণা কৰে। ঘোষিত পুৰুষৰ দলটোক নেতৃত্ব প্ৰদান কৰিব প্ৰতিভাৱান খেলুৱৈ ঋতুৰাজ গাইকোৱাড়ে। আনহাতে মহিলা দলটোক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে।

উল্লেখ্য যে ২০১৪ চনৰ পাছত এছিয়ান গেমছত দেখা যাব ভাৰতীয় ক্ৰিকেট খেল। সেয়ে ক্ৰিকেটপ্ৰেমীয়ে বৰ আশাৰে বাট চাইছে এছিয়ান গেমছলৈ।  

ভাৰতৰ হবলগীয়া এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি চীনলৈ দ্বিতীয় শাৰীৰ দল পঠিয়াব বি চি চি আয়ে। গতিকে  এছিয়ান গেমছত দেখিবলৈ পোৱা নাযাব বিৰাট কোহলি-ৰোহিত শৰ্মা আদিৰ দৰে তাৰকা খেলুৱৈক।


বি চি চি আয়ে ঘোষণা কৰা দল দুটা  হ'ল-

ঘোষিত দল(পুৰুষ) : ঋতুৰাজ গাইকোৱাড় (অধিনায়ক),যশস্বী জয়ছোৱাল,ৰাহুল ত্ৰিপাঠী,তিলক বাৰ্মা,ৰিংকু সিং,জীতেশ শৰ্মা (উইকেট ৰক্ষক),ৱাশ্বিংটন সুন্দৰ,শ্বাহবাজ আহমেদ,ৰবি বিষ্ণই,আৱেশ খান,অৰ্শদ্বীপ সিং,মুকেশ কুমাৰ,শিৱম মাভী,শিৱম ডুবে আৰু প্ৰভিস্মৰণ সিং ((উইকেট ৰক্ষক)।

ষ্টেণ্ডবাই - য়শ ঠাকুৰ,ছাই কিশোৰ,ভেংকাটেশ আয়াৰ,দীপক হুদা আৰু ছাই সুদৰ্শন।

ঘোষিত দল (মহিলা) : হৰমনপ্ৰীত কৌৰ ( অধিনায়ক),স্মৃতি মান্ধানা (সহঃ অধিনায়ক),শেফালী বাৰ্মা,জেমিমাহ ৰড্ৰিগাছ,দিপ্তী শৰ্মা,ৰিচা ঘোষ (উইকেট ৰক্ষক),অমনজত কৌৰ,দেৱীকা বৈদ্য,অঞ্জলী চাৰ্বানী,তিতাস সাধু,ৰাজেশ্বৰী গাইকোৱাড়,মিন্নু মনি,কণিকা আহুজা,উমা ছেত্ৰী (উইকেট ৰক্ষক) আৰু অনুসা বাৰেড্ডী।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক