--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ডমিনিকাত অনুষ্ঠিত হৈছে। টীম ইণ্ডিয়াৰ ডেবিউ বেটছমেন যশস্বী জয়ছোৱালে এই অভিষেক মেচখনত খেলিছে। তেওঁ নিজৰ অভিষেক মেচতে শতক অৰ্জন কৰি বহু অভিলেখ ভংগ কৰিছে।যশস্বী মেচখনৰ দ্বিতীয় দিনটোৰ শেষলৈকে ১৪৩ ৰানত অপৰাজিত হৈ আছিল।ইতিমধ্যে  যশস্বীয়ে শতকটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।যশস্বীয়ে কাক এই উৎসৰ্গা কৰিব বুলি ক’লে আহক জানো সবিশেষ-


শতকীয় ইনিংছৰ পাছত যশস্বীয়ে কয়, "মই অতি আৱেগিক আছিলোঁ। মোক সহায় কৰা সেই সকলো লোককে ধন্যবাদ জনাইছো। এই শতকটো মোৰ পিতৃ-মাতৃৰ বাবে উৎসৰ্গা কৰিব বিচাৰিছো। তেওঁলোকৰ অৱদান বিপুল। মোৰ এয়া এক দীঘলীয়া যাত্ৰা। বেছি নকওঁ, বহুত সুখী। ই মাত্ৰ আৰম্ভণিহে আৰু ভৱিষ্যতে আমি আৰু ভাল কৰিব লাগিব।"

এই টেষ্ট শতকেৰে যশস্বীয়ে বহু অভিলেখ ভংগ কৰে। লগতে তেওঁ অৰ্জন কৰিলে এক বিশেষ কৃতিত্ব। টেষ্টত অভিষেক ঘটোৱাৰ সময়ত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈৰ তালিকাত তেওঁ চতুৰ্থ স্থানত আছে। যশস্বীয়ে ২১ বছৰ ১৯৬ দিন বয়সত অভিষেক শতক অৰ্জন কৰে। এই বিষয়ত পৃথ্বী শ্ব’ শীৰ্ষত আছে। ১৮ বছৰ ৩২৯ দিন বয়সত শতক অৰ্জন কৰে।

খেলখনৰ দ্বিতীয় দিনৰ শেষলৈকে ভাৰতে ৩১২ ৰান সংগ্ৰহ কৰিছিল। যশস্বীয়ে ৩৫০ বলত ১৪৩ ৰান সংগ্ৰহ কৰে। যশস্বীৰ ইনিংছত আছিল ১৪টা বাউণ্ডাৰী। ১০৩ ৰান সংগ্ৰহ কৰি আউট হয় অধিনায়ক ৰোহিত শৰ্মা। ২২১টা বলৰ মুখামুখি হৈ ১০টা চাৰি আৰু ২টা ছয় সংগ্ৰহ কৰে। ৯৬টা বলত ৩৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে বিৰাট কোহলী।উল্লেখ্য যে, ৬ ৰান সংগ্ৰহ কৰি আউট হয় শুভমন গীল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ