--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল ডমিনিকাত অনুষ্ঠিত হৈছে। টীম ইণ্ডিয়াৰ ডেবিউ বেটছমেন যশস্বী জয়ছোৱালে এই অভিষেক মেচখনত খেলিছে। তেওঁ নিজৰ অভিষেক মেচতে শতক অৰ্জন কৰি বহু অভিলেখ ভংগ কৰিছে।যশস্বী মেচখনৰ দ্বিতীয় দিনটোৰ শেষলৈকে ১৪৩ ৰানত অপৰাজিত হৈ আছিল।ইতিমধ্যে  যশস্বীয়ে শতকটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।যশস্বীয়ে কাক এই উৎসৰ্গা কৰিব বুলি ক’লে আহক জানো সবিশেষ-


শতকীয় ইনিংছৰ পাছত যশস্বীয়ে কয়, "মই অতি আৱেগিক আছিলোঁ। মোক সহায় কৰা সেই সকলো লোককে ধন্যবাদ জনাইছো। এই শতকটো মোৰ পিতৃ-মাতৃৰ বাবে উৎসৰ্গা কৰিব বিচাৰিছো। তেওঁলোকৰ অৱদান বিপুল। মোৰ এয়া এক দীঘলীয়া যাত্ৰা। বেছি নকওঁ, বহুত সুখী। ই মাত্ৰ আৰম্ভণিহে আৰু ভৱিষ্যতে আমি আৰু ভাল কৰিব লাগিব।"

এই টেষ্ট শতকেৰে যশস্বীয়ে বহু অভিলেখ ভংগ কৰে। লগতে তেওঁ অৰ্জন কৰিলে এক বিশেষ কৃতিত্ব। টেষ্টত অভিষেক ঘটোৱাৰ সময়ত শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈৰ তালিকাত তেওঁ চতুৰ্থ স্থানত আছে। যশস্বীয়ে ২১ বছৰ ১৯৬ দিন বয়সত অভিষেক শতক অৰ্জন কৰে। এই বিষয়ত পৃথ্বী শ্ব’ শীৰ্ষত আছে। ১৮ বছৰ ৩২৯ দিন বয়সত শতক অৰ্জন কৰে।

খেলখনৰ দ্বিতীয় দিনৰ শেষলৈকে ভাৰতে ৩১২ ৰান সংগ্ৰহ কৰিছিল। যশস্বীয়ে ৩৫০ বলত ১৪৩ ৰান সংগ্ৰহ কৰে। যশস্বীৰ ইনিংছত আছিল ১৪টা বাউণ্ডাৰী। ১০৩ ৰান সংগ্ৰহ কৰি আউট হয় অধিনায়ক ৰোহিত শৰ্মা। ২২১টা বলৰ মুখামুখি হৈ ১০টা চাৰি আৰু ২টা ছয় সংগ্ৰহ কৰে। ৯৬টা বলত ৩৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে বিৰাট কোহলী।উল্লেখ্য যে, ৬ ৰান সংগ্ৰহ কৰি আউট হয় শুভমন গীল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু