--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়ান গেমছ ২০২৩ৰ তৃতীয় দিনাও ভাৰতীয় খেলুৱৈসকলৰ চমকপ্ৰদ সাফল্যৰ ধাৰা অব্যাহত থাকে। তৃতীয় দিনা ভাৰতে তৃতীয়টো স্বৰ্ণ পদক লাভ কৰে। ভাৰতৰ অশ্বাৰোহীৰ দলটোৱে ৪১ বছৰৰ পাছত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ভাৰতীয় অশ্বাৰোহী সুদীপ্তী হাজেলা, দিব্যাকীৰ্তি সিং, অনুষ আগৰৱালা আৰু হৃদয় চেদাই দলীয় ইভেণ্টটোত সোণৰ পদক লাভ কৰে।

ঘোঁৰা চালনাৰ ৪০ বছৰীয়া ইতিহাসত ভাৰতে প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ড্ৰেছেজ ইভেণ্টৰ ফাইনেলত ভাৰতৰ অশ্বাৰোহী অনুষ, সুদীপ্তি, দিব্যাকিৰ্তী, হৃদয়ে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়ায়। দলটোৱে মুঠ লাভ কৰে ২০৯.২০৫ পইণ্ট। দিব্যাকৰ্তীয়ে ৬৮.১৭৬ পইণ্ট, হৃদয়ে ৬৯.৯৪১ পইণ্ট আৰু অনুষে ৭১.০৮৮ পইণ্ট লাভ কৰে।ইভেণ্টটো ভাৰতীয় দলটো চীনতকৈ ৪.৫ পইণ্ট আগবাঢ়ি থাকে ।

উল্লেখ্য যে তৃতীয় দিনা ভাৰতে লাভ কৰিলে এছিয়ান গেমছৰ তৃতীয়টো স্বৰ্ণ পদক। ইয়াৰ পূৰ্বে মহিলা ক্ৰিকেট দলে স্বৰ্ণ পদক লাভ কৰিছিল। চূড়ান্ত খেলখনত ভাৰতীয় মহিলা দলে শ্ৰীলংকাক ১৯ ৰাণত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ভাৰতে শ্বুটিঙত স্বৰ্ণ পদক লাভ কৰিছিল। এতিয়া টিম ইণ্ডিয়াৰ হাতত মুঠ ১৪টা পদক। ভাৰতৰ ৩টা স্বৰ্ণ, ৪টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদক। টীম ইণ্ডিয়াই মঙলবাৰে পালতোলাত ২টা ব্ৰঞ্জৰ পদক লাভ কৰে।

স্মৰ্তব্য যে ঘোঁৰা চালনাৰ ড্ৰেছেজ ইভেণ্টত ভাৰতে সোণৰ পদক লাভ কৰিছিল। আনহাতে চীনৰ দলটোৱে দ্বিতীয় স্থান লাভ কৰে। মুঠ ২০৪.৮৮২ পইণ্ট লাভ কৰে চীনে। হংকঙে লাভ কৰে ২০৪.৮৫২ পইণ্ট। এই দলটোৱে তৃতীয় স্থান লাভ কৰে। একেদৰে চাইনিজ-টাইপেইৰ দলটোৱে চতুৰ্থ স্থান আৰু ইউ এ ইৰ দলটোৱে পঞ্চম স্থান দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু