--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়ান গেমছ ২০২৩ৰ তৃতীয় দিনাও ভাৰতীয় খেলুৱৈসকলৰ চমকপ্ৰদ সাফল্যৰ ধাৰা অব্যাহত থাকে। তৃতীয় দিনা ভাৰতে তৃতীয়টো স্বৰ্ণ পদক লাভ কৰে। ভাৰতৰ অশ্বাৰোহীৰ দলটোৱে ৪১ বছৰৰ পাছত স্বৰ্ণ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। ভাৰতীয় অশ্বাৰোহী সুদীপ্তী হাজেলা, দিব্যাকীৰ্তি সিং, অনুষ আগৰৱালা আৰু হৃদয় চেদাই দলীয় ইভেণ্টটোত সোণৰ পদক লাভ কৰে।

ঘোঁৰা চালনাৰ ৪০ বছৰীয়া ইতিহাসত ভাৰতে প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ড্ৰেছেজ ইভেণ্টৰ ফাইনেলত ভাৰতৰ অশ্বাৰোহী অনুষ, সুদীপ্তি, দিব্যাকিৰ্তী, হৃদয়ে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়ায়। দলটোৱে মুঠ লাভ কৰে ২০৯.২০৫ পইণ্ট। দিব্যাকৰ্তীয়ে ৬৮.১৭৬ পইণ্ট, হৃদয়ে ৬৯.৯৪১ পইণ্ট আৰু অনুষে ৭১.০৮৮ পইণ্ট লাভ কৰে।ইভেণ্টটো ভাৰতীয় দলটো চীনতকৈ ৪.৫ পইণ্ট আগবাঢ়ি থাকে ।

উল্লেখ্য যে তৃতীয় দিনা ভাৰতে লাভ কৰিলে এছিয়ান গেমছৰ তৃতীয়টো স্বৰ্ণ পদক। ইয়াৰ পূৰ্বে মহিলা ক্ৰিকেট দলে স্বৰ্ণ পদক লাভ কৰিছিল। চূড়ান্ত খেলখনত ভাৰতীয় মহিলা দলে শ্ৰীলংকাক ১৯ ৰাণত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ভাৰতে শ্বুটিঙত স্বৰ্ণ পদক লাভ কৰিছিল। এতিয়া টিম ইণ্ডিয়াৰ হাতত মুঠ ১৪টা পদক। ভাৰতৰ ৩টা স্বৰ্ণ, ৪টা ৰূপ আৰু ৭টা ব্ৰঞ্জৰ পদক। টীম ইণ্ডিয়াই মঙলবাৰে পালতোলাত ২টা ব্ৰঞ্জৰ পদক লাভ কৰে।

স্মৰ্তব্য যে ঘোঁৰা চালনাৰ ড্ৰেছেজ ইভেণ্টত ভাৰতে সোণৰ পদক লাভ কৰিছিল। আনহাতে চীনৰ দলটোৱে দ্বিতীয় স্থান লাভ কৰে। মুঠ ২০৪.৮৮২ পইণ্ট লাভ কৰে চীনে। হংকঙে লাভ কৰে ২০৪.৮৫২ পইণ্ট। এই দলটোৱে তৃতীয় স্থান লাভ কৰে। একেদৰে চাইনিজ-টাইপেইৰ দলটোৱে চতুৰ্থ স্থান আৰু ইউ এ ইৰ দলটোৱে পঞ্চম স্থান দখল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement