--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই বৰ্ষৰ পৰা আৰম্ভ হৈছে মহিলাৰ আই পি এল (মহিলা প্ৰিমিয়াৰ লীগ)। প্ৰতিযোগিতাৰ পৰা ব’ৰ্ডৰ আয় প্ৰায় ৪০০ কোটি টকা। ব’ৰ্ডৰ বাৰ্ষিক সাধাৰণ সভাত এই কথা কয় কোষাধ্যক্ষ আশীষ শ্বেলাৰে।

মাৰ্চ মাহত পাঁচটা দলৰ সৈতে অনুষ্ঠিত হৈছিল মহিলাৰ আই পি এল। সেই প্ৰতিযোগিতাৰ পৰা ব’ৰ্ডে উপাৰ্জন কৰিছিল ৩৭৭ কোটি ৪৯ লাখ টকা। ২০২২-২৩ বিত্তীয় বৰ্ষত যিটো ব’ৰ্ডৰ আয়ৰ ৬ শতাংশ। ল’ৰাৰ আই পি এলৰ পৰা বাৰ্ষিক আয়ৰ ৩৭ শতাংশ লাভ কৰে ব’ৰ্ডে। এই সংখ্যা ২৪০০ কোটি। সম্প্ৰচাৰৰ অধিকাৰ বিক্ৰী কৰি বিচিচিআইয়ে ৩৮ শতাংশ উপাৰ্জন কৰে।

বিদেশ ভ্ৰমণৰ পৰা জ্যেষ্ঠ দলৰ আয়ৰ ১০ শতাংশ। ২০২২-২৩ চনত ব’ৰ্ডৰ মুঠ আয় ৬৫৫৮ কোটি ৮০ লাখ টকা। ২০২১-২২ বিত্তীয় বৰ্ষত যিটো আছিল ৪৩৬০ কোটি ৫৭ কোটি টকা।

সোমবাৰে গোৱাত অনুষ্ঠিত হয় ব’ৰ্ডৰ বাৰ্ষিক বৈঠক। ৰাজ্যিক ক্ৰিকেট সংস্থা এটাৰ মুৰব্বীৰ মতে, শ্বেলাৰে ব’ৰ্ডৰ সেই বৈঠকত কৈছিল, “যেতিয়া মোক দায়িত্ব দিয়া হৈছিল, তেতিয়া ব’ৰ্ডৰ অৱস্থা আছিল অতি ভাল। ইয়াক আগুৱাই নিয়াটো মোৰ কৰ্তব্য আছিল। আমি এতিয়া য’ত থিয় দিছো সেয়া সম্ভৱ হৈছে কেৱল সকলোৱে মিলি কাম কৰাৰ বাবে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক