--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই বৰ্ষৰ পৰা আৰম্ভ হৈছে মহিলাৰ আই পি এল (মহিলা প্ৰিমিয়াৰ লীগ)। প্ৰতিযোগিতাৰ পৰা ব’ৰ্ডৰ আয় প্ৰায় ৪০০ কোটি টকা। ব’ৰ্ডৰ বাৰ্ষিক সাধাৰণ সভাত এই কথা কয় কোষাধ্যক্ষ আশীষ শ্বেলাৰে।

মাৰ্চ মাহত পাঁচটা দলৰ সৈতে অনুষ্ঠিত হৈছিল মহিলাৰ আই পি এল। সেই প্ৰতিযোগিতাৰ পৰা ব’ৰ্ডে উপাৰ্জন কৰিছিল ৩৭৭ কোটি ৪৯ লাখ টকা। ২০২২-২৩ বিত্তীয় বৰ্ষত যিটো ব’ৰ্ডৰ আয়ৰ ৬ শতাংশ। ল’ৰাৰ আই পি এলৰ পৰা বাৰ্ষিক আয়ৰ ৩৭ শতাংশ লাভ কৰে ব’ৰ্ডে। এই সংখ্যা ২৪০০ কোটি। সম্প্ৰচাৰৰ অধিকাৰ বিক্ৰী কৰি বিচিচিআইয়ে ৩৮ শতাংশ উপাৰ্জন কৰে।

বিদেশ ভ্ৰমণৰ পৰা জ্যেষ্ঠ দলৰ আয়ৰ ১০ শতাংশ। ২০২২-২৩ চনত ব’ৰ্ডৰ মুঠ আয় ৬৫৫৮ কোটি ৮০ লাখ টকা। ২০২১-২২ বিত্তীয় বৰ্ষত যিটো আছিল ৪৩৬০ কোটি ৫৭ কোটি টকা।

সোমবাৰে গোৱাত অনুষ্ঠিত হয় ব’ৰ্ডৰ বাৰ্ষিক বৈঠক। ৰাজ্যিক ক্ৰিকেট সংস্থা এটাৰ মুৰব্বীৰ মতে, শ্বেলাৰে ব’ৰ্ডৰ সেই বৈঠকত কৈছিল, “যেতিয়া মোক দায়িত্ব দিয়া হৈছিল, তেতিয়া ব’ৰ্ডৰ অৱস্থা আছিল অতি ভাল। ইয়াক আগুৱাই নিয়াটো মোৰ কৰ্তব্য আছিল। আমি এতিয়া য’ত থিয় দিছো সেয়া সম্ভৱ হৈছে কেৱল সকলোৱে মিলি কাম কৰাৰ বাবে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ