--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়ান গেমছ ২০২৩ত মহিলা দলৰ লগতে পুৰুষৰ দলটোও অৱতীৰ্ণ হ’ব। ইয়াৰ বাবে ভাৰতৰ পুৰুষ দলৰ অধিনায়কত্ব ঋতুৰাজ গাইকোৱাডৰ হাতত অৰ্পণ কৰা হৈছে। এতিয়া এছিয়া কাপৰ সূচীক লৈ ডাঙৰ খবৰ আহিছে। এক প্ৰতিবেদন অনুসৰি গাইকোৱাডৰ অধিনায়কত্বত থকা ভাৰতীয় পুৰুষ দলটোৱে আইচিচি টি-২০ ৰেংকিঙৰ ভিত্তিত পোনপটীয়াকৈ কোৱাৰ্টাৰ ফাইনেলত স্থান লাভ কৰিছে। ৫ অক্টোবৰত অনুষ্ঠিত হ’ব টিম ইণ্ডিয়াৰ কোৱাৰ্টাৰ ফাইনেল মেচখন। আনহাতে মহিলা দলৰ বাবে ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব মেচ।

যদি আমি ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ কথা কওঁ, তেন্তে কোৱাৰ্টাৰ ফাইনেলত জয়ী হ’লে ৬ অক্টোবৰত ছেমি ফাইনেল খেলিব। ইয়াৰ পাছত ৭ অক্টোবৰত চূড়ান্ত খেল অনুষ্ঠিত হ’ব। এই খেলখন হ’ব স্বৰ্ণ পদকৰ বাবে। গুৰুত্বপূৰ্ণ কথাটো হ’ল এছিয়ান গেমছৰ সমান্তৰালকৈ ক্ৰিকেট বিশ্বকাপৰ আয়োজনো হ’ব। গতিকে ভাৰতৰ লগতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আফগানিস্তান আৰু বাংলাদেশৰ বি দলেহে। এনে পৰিস্থিতিত ভাৰতৰ বাবে জয় অধিক সহজ হ’ব পাৰে। অৱশ্যে টিম ইণ্ডিয়াৰ সূচী সন্দৰ্ভত আনুষ্ঠানিক তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

এছিয়ান গেমছত ১৪টা দলে মহিলা ক্ৰিকেট খেলিব। আনহাতে ১৮টা দলে পুৰুষ ক্ৰিকেটত অংশগ্ৰহণ কৰিব। ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব মহিলা ক্ৰিকেট। আৰু ২৬ ছেপ্টেম্বৰত সোণ আৰু ব্ৰঞ্জৰ পদকৰ বাবে খেলখন অনুষ্ঠিত হ’ব। ২৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব পুৰুষৰ ক্ৰিকেট। ইয়াৰ ফাইনেল ৭ অক্টোবৰত অনুষ্ঠিত হ’ব। যদি আমি খেলৰ সময়ৰ কথা কওঁ, তেন্তে ভাৰতীয় সময় অনুসৰি দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’ব।

১৯ সংখ্যক এছিয়ান গেমছৰ বাবে টীম ইণ্ডিয়া (পুৰুষৰ দল) : ঋতুৰাজ গাইকোৱাড (অধিনায়ক), যশস্বী জয়ছোৱাল, ৰাহুল ত্ৰিপাঠী, তিলক বাৰ্মা, ৰিংকু সিং, জিতেশ শৰ্মা (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, শ্বাহবাজ আহমেদ, ৰবি বিষ্ণোই, আৱেশ খান,অশৰ্দ্বীপ সিং , মুকেশ কুমাৰ, শিৱম মাবী, শিৱম ডুবে, প্ৰভসীমৰণ সিং (উইকেটকীপাৰ)

ষ্টেণ্ডবাই খেলুৱৈ : যশ ঠাকুৰ, সাই কিশোৰ, ভেংকটেশ আয়াৰ, দীপক হুদা, সাই সুদৰ্শন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement