--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিণ্ডেনবাৰ্গ গোচৰত উচ্চতম ন্যায়ালয়ে দুদিন পূৰ্বে  সকাহ দিছিল আদানীক। এনে সময়তে গৌতম আদানীয়ে আকৌ এটা ভাল খবৰ লাভ কৰিছে। মুকেশ আম্বানীক চেৰ পেলাই আদানী  এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হৈ পৰিছে।  ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি আদানী এতিয়া এছিয়াৰ ভিতৰতে ধনী ব্যক্তি। 

বুধবাৰে উচ্চতম ন্যায়ালয়ে কৈছিল যে হিণ্ডেনবাৰ্গ গোচৰত এছ.আই.টি. তদন্তৰ কোনো প্ৰয়োজন নাই। শীৰ্ষ আদালতে ছেবিক গোচৰটোৰ তদন্তৰ  নিৰ্দেশ দিছিল।ইয়াৰ  পিছতে আদানীৰ  শ্বেয়াৰে গতি লাভ কৰে। বিশেষকৈ আদানি পোৰ্টছ আৰু অম্বুজা চিমেণ্টে যোৱা ৫২  সপ্তাহত সৰ্বশ্ৰেষ্ঠ স্থানত উপনীত হৈছে। আদানিৰ বৰ্তমান মুঠ সম্পত্তিৰ মুঠ মূল্য হৈছে ৯৭.৬ 
বিলিয়ন মাৰ্কিন ডলাৰ। যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৮ লাখ ১১ হাজাৰ ৫৮৪ কোটি। মুকেশ আম্বানী তেওঁৰ পৰা অলপ দূৰত অৱস্থান কৰিছে।   তেওঁৰ সম্পত্তিৰ  মুঠ মূল্য ৯৭ বিলিয়ন ডলাৰ।

 হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছত আদানিৰ শ্বেয়াৰ হ্ৰাস পায়। গোটটোৰ বজাৰ মূলধন দ্ৰুত হাৰত বৃদ্ধি পাইছিল । কিন্তু  উচ্চতম ন্যায়ালয়ত সকাহ দিয়াৰ  পিছত আদানিৰ শ্বেয়াৰৰ বিক্ৰী পুনৰ বৃদ্ধি পায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক