--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত হৈছে বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতি। ৰাষ্ট্ৰসংঘই মোদীৰ চৰকাৰে ইমান দিনে কৰি অহা  দাবীকেই যেন মানি ল’লে। ২০২৪ চনৰ বিশ্ব অৰ্থনৈতিক পৰিস্থিতি আৰু সম্ভাৱনা সন্দৰ্ভত  ৰাষ্ট্ৰসংঘই কয় যে ২০২৪ বিত্তীয় বৰ্ষত বিশ্বৰ  মুখ্য অৰ্থনীতিসমূহৰ ভিতৰত ভাৰতৰ অৰ্থনীতি  দ্ৰুতগতিত বৃদ্ধি হ'বলৈ ধৰিছে। 

ৰাষ্ট্ৰসংঘৰ (ৰাষ্ট্ৰসংঘ) প্ৰতিবেদন অনুসৰি, ২০২৪  চনত ভাৰতৰ সামগ্ৰিক মুছ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ৬.২  শতাংশ হ'ব। অৱশ্যে, এই হাৰ ২০২৩  চনৰ তুলনাত সেয়া  অলপ কম হ’ব। ২০২৩ চনত ভাৰতৰ অৰ্থনীতি ৬.৩ শতাংশ হাৰত বৃদ্ধি পাইছিল।  নিৰ্মাণৰ পৰা খনি বা সেৱাখণ্ডলৈকে সকলোতে ভাৰতে  ভাল প্ৰদৰ্শন কৰাৰ  বাবে এই বৃদ্ধি হোৱা বুলি ধাৰণা কৰা হৈছে। একে সময়তে, সেৱা খণ্ডত গ্ৰাহকৰ চাহিদা  বৃদ্ধিৰ দৰে বিভিন্ন বিষয়েও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

কিছু সংখ্যক  অৰ্থনীতিবিদে মত পোষণ কৰিছে যে কৰোনাৰ বাবে ভাৰতৰ অৰ্থনৈতিক বিকাশ স্থৱিৰ হৈছিল। কিছুমান জৰীপৰ ফলাফলেও সেয়া  প্ৰমাণ কৰিছিল। অৱশ্যে, ৰাষ্ট্ৰসংঘৰ জৰীপটো সেই ধাৰণাটোৰ সৈতে একমত নহয়। উন্নয়নশীল দেশসমূহৰ ভিতৰত ভাৰত দ্ৰুততম বিকাশশীল অৰ্থনীতি হিচাবে ৰাষ্ট্ৰসংঘই মানি লৈছে। অন্যান্য মুখ্য অৰ্থনীতিবোৰে এতিয়াও কৰোনাৰ আঘাতৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হোৱা নাই বুলিও কোৱা হৈছে। চীনতো  এই বছৰ বিনিয়োগ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত প্ৰভাৱ পৰিছে।

২০২৩  চনত বিশ্বব্যাপী মন্দাৱস্থাৰ আশংকা  কৰা হৈছিল। সেই ভয় এতিয়া দূৰ হৈছে। অৱশ্যে, বিশ্বৰ সামগ্ৰিক বিকাশৰ হাৰ এতিয়াও বৃদ্ধি হোৱা নাই। ২০২৫ চনৰ ভিতৰত বিশ্বৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশ ২.৭০ শতাংশ হ'ব বুলি আশা কৰা হৈছে বুলি  ৰাষ্ট্ৰসংঘই ভৱিষ্যতবাণী কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু