--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া  কাপ শ্ৰীলংকা আৰু পাকিস্তানত অনুষ্ঠিত হ'ব। অৱশ্যে, ভাৰতীয় দলটোৱে তেওঁলোকৰ খেলবোৰ শ্ৰীলংকাৰ মাটিতে খেলিব। শেহতীয়াকৈ এখন ছবি ছ'চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। 

ছ'চিয়েল মিডিয়াত ভাইৰেল ফটোখনত ঋষভ পন্তে ভাৰতীয় খেলুৱৈসকলক সাক্ষাৎ  দেখা গৈছে। ভাৰতীয় খেলুৱৈসকলে শ্ৰীলংকালৈ ৰাওনা হোৱাৰ পূৰ্বে ঋষভ পন্তে বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত দলটোক সাক্ষাৎ কৰে।  শেহতীয়াকৈ ঋষভ পন্তৰ অস্ত্ৰোপচাৰ হৈছে। অস্ত্ৰোপচাৰৰ পিছত ভাৰতীয় দলৰ  উইকেটকিপাৰ বেটছমেনজনক সুস্থ হৈ উঠা দেখা গৈছে । সেইবাবেই তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলে শ্ৰীলংকালৈ ৰাওনা হোৱাৰ পূৰ্বে বাংগালোৰৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত  সহযোগী খেলুৱৈ আৰু দলৰ আন কৰ্মচাৰীসকলক সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰিব পাৰিছে। 

 এই বছৰৰ আৰম্ভণিতে ঋষভ পন্ত এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত  হৈছিল। ফলত  তেওঁ খেলপথাৰত উপস্থিত থাকিব পৰা নাই অৱশ্যে, ভাৰতীয় অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ কঢ়িয়াই  ঋষভ পন্তে  দ্ৰুতগতিত আৰোগ্য লাভ কৰি আছে। ভাৰতীয় দলৰ খেলুৱৈসকলক নিজে গৈ সাক্ষাৎ কৰাই তাৰ প্ৰমাণ।

উল্লেখ্য এছিয়া কাপ ৩০ আগষ্টৰ পৰা আৰম্ভ হ'ব। এই প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত বাবৰ আজমৰ নেতৃত্বত পাকিস্তান দলে নেপালৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ'ব। একে সময়তে, ভাৰতীয় দলটোৱে পাকিস্তানৰ বিৰুদ্ধে এখন মেচৰ জড়িয়তে এছিয়া কাপৰ অভিযান আৰম্ভ কৰিব। ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন ২ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে কেণ্ডিত পাকিস্তানৰ মুখামুখি হ'ব। এছিয়া কাপৰ চূড়ান্ত খেলখন ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু