--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া  কাপ শ্ৰীলংকা আৰু পাকিস্তানত অনুষ্ঠিত হ'ব। অৱশ্যে, ভাৰতীয় দলটোৱে তেওঁলোকৰ খেলবোৰ শ্ৰীলংকাৰ মাটিতে খেলিব। শেহতীয়াকৈ এখন ছবি ছ'চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে। 

ছ'চিয়েল মিডিয়াত ভাইৰেল ফটোখনত ঋষভ পন্তে ভাৰতীয় খেলুৱৈসকলক সাক্ষাৎ  দেখা গৈছে। ভাৰতীয় খেলুৱৈসকলে শ্ৰীলংকালৈ ৰাওনা হোৱাৰ পূৰ্বে ঋষভ পন্তে বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত দলটোক সাক্ষাৎ কৰে।  শেহতীয়াকৈ ঋষভ পন্তৰ অস্ত্ৰোপচাৰ হৈছে। অস্ত্ৰোপচাৰৰ পিছত ভাৰতীয় দলৰ  উইকেটকিপাৰ বেটছমেনজনক সুস্থ হৈ উঠা দেখা গৈছে । সেইবাবেই তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈসকলে শ্ৰীলংকালৈ ৰাওনা হোৱাৰ পূৰ্বে বাংগালোৰৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত  সহযোগী খেলুৱৈ আৰু দলৰ আন কৰ্মচাৰীসকলক সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰিব পাৰিছে। 

 এই বছৰৰ আৰম্ভণিতে ঋষভ পন্ত এক পথ দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত  হৈছিল। ফলত  তেওঁ খেলপথাৰত উপস্থিত থাকিব পৰা নাই অৱশ্যে, ভাৰতীয় অনুৰাগীসকলৰ বাবে এটা ভাল খবৰ কঢ়িয়াই  ঋষভ পন্তে  দ্ৰুতগতিত আৰোগ্য লাভ কৰি আছে। ভাৰতীয় দলৰ খেলুৱৈসকলক নিজে গৈ সাক্ষাৎ কৰাই তাৰ প্ৰমাণ।

উল্লেখ্য এছিয়া কাপ ৩০ আগষ্টৰ পৰা আৰম্ভ হ'ব। এই প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত বাবৰ আজমৰ নেতৃত্বত পাকিস্তান দলে নেপালৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ'ব। একে সময়তে, ভাৰতীয় দলটোৱে পাকিস্তানৰ বিৰুদ্ধে এখন মেচৰ জড়িয়তে এছিয়া কাপৰ অভিযান আৰম্ভ কৰিব। ভাৰত আৰু পাকিস্তানৰ মাজৰ খেলখন ২ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোৱে কেণ্ডিত পাকিস্তানৰ মুখামুখি হ'ব। এছিয়া কাপৰ চূড়ান্ত খেলখন ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক