--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএছিয়া কাপৰ উদ্বোধনী খেল  উপভোগ কৰিবলৈ জয় শ্বাহক আমন্ত্ৰণ জনাইছে  পাকিস্তানে । পিচিবিয়ে বিচিচিআইৰ সচিব জয় শ্বাহক এছিয়া কাপৰ উদ্বোধনী খেল চাবলৈ আমন্ত্ৰণ জনাইছে।  জয় শ্বাহক পূৰ্বে পাকিস্তান ক্ৰিকেট বোৰ্ডে মৌখিকভাৱে আমন্ত্ৰণ জনাইছিল। এতিয়া  লিখিতভাৱে  শ্বাহলৈ আমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে।

মুলতানত পাকিস্তান আৰু নেপালৰ মাজৰ খেলেৰে ৩০ আগষ্টত এছিয়া কাপ আৰম্ভ হ'ব।  কেৱল জয় শ্বাহকে  নহয়, এছিয়াৰ আন সকলো বোৰ্ডৰ মুৰব্বীসকলক এছিয়া কাপৰ উদ্বোধনী খেল চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে। পাকিস্তান বোৰ্ডৰ মুৰব্বী জাকা আশ্ৰাফে আইচিচিৰ বৈঠকত জয় শ্বাহক মৌখিকভাৱে আমন্ত্ৰণ জনাইছিল। এতিয়া আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰিছে। অৱশ্যে বহুতে  জয় শ্বাহে পাকিস্তানলৈ গৈ এছিয়া কাপৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা নাই।

এছিয়া কাপৰ বাবে ভাৰতীয় দলটো পাকিস্তানলৈ যোৱাৰ বিষয়ে বহুত জল্পনা-কল্পনা চলি আছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সচিব তথা এছিয়ান ক্ৰিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহৰ আপত্তিৰ বাবে ভাৰতীয় দলটোৱে পাকিস্তানত খেলিব বিচৰা নাছিল। ফলস্বৰূপে, এছিয়া কাপৰ বেছিভাগ খেল শ্ৰীলংকালৈ স্থানান্তৰিত কৰা হৈছে। ইয়াৰ স্বত্বেওপিচিবিয়ে 'মহানুভৱতা' দেখুৱাবলৈয়ে শ্বাহক নিম্ন্ত্ৰণ জনাইছে।  পিচিবিয়ে ভাৰত-পাকিস্তানৰ কূটনৈতিক সম্পৰ্কত ক্ৰীড়াই প্ৰভাৱ পেলোৱাটো নিবিচাৰে।

অৱশ্যে, বিচিচিআইৰ সূত্ৰই কৈছে  যে জয় শ্বাহে পাকিস্তান ব'ৰ্ডৰ পৰা আগবঢ়োৱা আমন্ত্ৰণ গ্ৰহণ কৰা নাই।সেয়ে  তেওঁ এছিয়া কাপৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰো সম্ভাৱনা নাই। অৱশ্যে তেওঁ এছিয়ান ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হিচাপে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement