--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএছিয়া কাপৰ উদ্বোধনী খেল  উপভোগ কৰিবলৈ জয় শ্বাহক আমন্ত্ৰণ জনাইছে  পাকিস্তানে । পিচিবিয়ে বিচিচিআইৰ সচিব জয় শ্বাহক এছিয়া কাপৰ উদ্বোধনী খেল চাবলৈ আমন্ত্ৰণ জনাইছে।  জয় শ্বাহক পূৰ্বে পাকিস্তান ক্ৰিকেট বোৰ্ডে মৌখিকভাৱে আমন্ত্ৰণ জনাইছিল। এতিয়া  লিখিতভাৱে  শ্বাহলৈ আমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে।

মুলতানত পাকিস্তান আৰু নেপালৰ মাজৰ খেলেৰে ৩০ আগষ্টত এছিয়া কাপ আৰম্ভ হ'ব।  কেৱল জয় শ্বাহকে  নহয়, এছিয়াৰ আন সকলো বোৰ্ডৰ মুৰব্বীসকলক এছিয়া কাপৰ উদ্বোধনী খেল চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে। পাকিস্তান বোৰ্ডৰ মুৰব্বী জাকা আশ্ৰাফে আইচিচিৰ বৈঠকত জয় শ্বাহক মৌখিকভাৱে আমন্ত্ৰণ জনাইছিল। এতিয়া আনুষ্ঠানিকভাৱে নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰিছে। অৱশ্যে বহুতে  জয় শ্বাহে পাকিস্তানলৈ গৈ এছিয়া কাপৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বুলি আশা কৰা নাই।

এছিয়া কাপৰ বাবে ভাৰতীয় দলটো পাকিস্তানলৈ যোৱাৰ বিষয়ে বহুত জল্পনা-কল্পনা চলি আছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সচিব তথা এছিয়ান ক্ৰিকেট পৰিষদৰ অধ্যক্ষ জয় শ্বাহৰ আপত্তিৰ বাবে ভাৰতীয় দলটোৱে পাকিস্তানত খেলিব বিচৰা নাছিল। ফলস্বৰূপে, এছিয়া কাপৰ বেছিভাগ খেল শ্ৰীলংকালৈ স্থানান্তৰিত কৰা হৈছে। ইয়াৰ স্বত্বেওপিচিবিয়ে 'মহানুভৱতা' দেখুৱাবলৈয়ে শ্বাহক নিম্ন্ত্ৰণ জনাইছে।  পিচিবিয়ে ভাৰত-পাকিস্তানৰ কূটনৈতিক সম্পৰ্কত ক্ৰীড়াই প্ৰভাৱ পেলোৱাটো নিবিচাৰে।

অৱশ্যে, বিচিচিআইৰ সূত্ৰই কৈছে  যে জয় শ্বাহে পাকিস্তান ব'ৰ্ডৰ পৰা আগবঢ়োৱা আমন্ত্ৰণ গ্ৰহণ কৰা নাই।সেয়ে  তেওঁ এছিয়া কাপৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰো সম্ভাৱনা নাই। অৱশ্যে তেওঁ এছিয়ান ক্ৰিকেট পৰিষদৰ অধ্যক্ষ হিচাপে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোৱে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু