--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুটাকৈ বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফী জয় কৰাৰ বাবেই নহয়, তেওঁৰ ব্যৱহাৰৰ বাবেও সকলোৱে ভাল পায়। বহু প্ৰাক্তন ক্ৰিকেটাৰেও মহেন্দ্ৰ সিং ধোনীক সন্মান কৰে। ধোনীৰ অনুৰাগী আনকি প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰশিক্ষক ৰবি শাস্ত্ৰীও।

ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষকগৰাকীয়ে কয় যে তেওঁৰ মনলৈ প্ৰথমে আহিছিল ধোনীক অধিনায়ক হিচাপে গঢ়ি তোলাৰ কথা। ২০০৭ চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ নেতৃত্ব দিছিল ধোনীয়ে। তাৰ আগতে ৰাহুল দ্ৰাবিড় ভাৰতীয় দলৰ অধিনায়ক আছিল। সেই সময়তে দ্ৰাবিড় অসুস্থ হৈ পৰিছিল।

দ্ৰাবিড়ৰ অসুস্থতাৰ বাবে তেতিয়াৰ নিৰ্বাচক দিলীপ বেংছাৰকাৰে কাক অধিনায়ক বনাব লাগে সেই বিষয়ে চিন্তা কৰি আছিল। তেওঁ দলৰ তেতিয়াৰ মেনেজাৰ ৰবি শাস্ত্ৰীক সুধিছিল কাক অধিনায়ক বনাব পাৰি।

সেই কাণ্ডৰ কথা উল্লেখ কৰি শাস্ত্ৰীয়ে কয়, “২০০৭ চনত মই টিম মেনেজাৰ আৰু দিলীপ চিলেক্টৰ আছিল। ইডেনত অনুশীলনৰ সময়ত আঘাতপ্ৰাপ্ত হয় দ্ৰাবিড়। আমি কথা পাতি আছিলো কোন কেপ্তেইন হ’ব লাগে। হঠাৎ ধোনিৰ নামটো মনলৈ আহে। মই ক'লোঁ- "এই ল'ৰাটোৰ নেতৃত্ব দিয়াৰ ক্ষমতা আছে।" দিলীপেও একেই কথা ক’লে। সেইবাবেই ধোনীক অধিনায়ক বনাবলৈ বিশেষ চিন্তাৰ প্ৰয়োজন হোৱা নাছিল। মেচৰ গতি বুজিব পৰা ক্ষমতা, দ্ৰুত সিদ্ধান্ত লোৱাৰ ক্ষমতা, ব্যক্তিত্ব সকলো ধোনিৰ মাজত আছে।"

পৰৱৰ্তী সময়ত শাস্ত্ৰী ভাৰতীয় দলৰ প্ৰশিক্ষক হয়। সেই সময়ত ধোনিৰ সৈতেও তেওঁ কাম কৰিছিল। শেহতীয়াকৈ শাস্ত্ৰীয়ে কয় যে  ধোনিৰ নেতৃত্বত তেওঁও খেলিবলৈ পোৱা হ’লে মজা লাগিলহেঁতেন। শাস্ত্ৰীয়ে কয়- ''অধিনায়ক হিচাপে তেওঁৰ সফলতা সঁচাকৈয়ে চাবলগীয়া দৃশ্য।"

উল্লেখ্য যে ধোনীক শেষবাৰৰ বাবে ২০১৯ চনত ভাৰতৰ হৈ খেলা দেখা গৈছিল। ২০২০ চনৰ ১৫ আগষ্টত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেতিয়াৰ পৰা তেওঁক কেৱল আই পি এলত খেলা দেখা যায়। এই বছৰ ধোনীৰ আই পি এলৰ অন্তিমখন খেল হ’ব বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশ্যে ভাৰতৰ বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে এই সন্দৰ্ভত একো কোৱা নাই।













FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে