--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএছিয়ান গেমছৰ বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনা  বৰগোঁহায়ে ।  চীনৰ হাংঝৌত চলি থকা এছিয়ান গেমছ ২০২৩ ত মঙলবাৰে লাভলীনাই  চতুৰ্থগৰাকী  ভাৰতীয় বক্সাৰ হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং প্ৰতিযোগিতাত লাভলীনাই  ছেমি ফাইনেলত থাইলেণ্ডৰ বাইচন মানেকনক পৰাস্ত কৰি বুধবাৰে অনুষ্ঠিত হ'বলগীয়া ফাইনেলৰ বাবে  স্থান নিশ্চিত কৰে৷ 

উল্লেখ্য আশা কৰা ধৰণেই অসম কন্যা লাভলীনা বৰগোঁহাইয়ে চীনত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত পদক নিশ্চিত কৰিবলৈ সক্ষম হ’ল। মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং কোৱাৰ্টাৰ ফাইনেলত লাভলীনা বৰগোহাঁইয়ে দক্ষিণ কোৰিয়াৰ চুয়ন চেয়ংক ৫:০ ব্যৱধানত পৰাস্ত কৰি মহিলাৰ ৭৫ কিলোগ্ৰাম ইভেণ্টৰ ছেমিফাইনেলত স্থান দখল কৰিবলৈ সক্ষম হৈছিল। 

 এনে জয়ৰ জড়িয়তে লাভলীনাই ভাৰতৰ বাবে  পদকো নিশ্চিত কৰিছিল। উল্লেখ্য লাভলীনাই এইবেলি চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানত  ভাৰতৰ জাতীয় পতাকা কঢ়িয়াই নিয়াৰ সৌভাগ্য লভিছিল। উল্লেখ্য লাভলীনাই প্ৰথম বাৰৰ বাবে ২০১৮ চনত ভাৰতক AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত প্ৰতিনিধিত্ব কৰিছিল।

 সেই প্ৰতিযোগিতাত লাভলীনাই   মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।২০২০ চনৰ মাৰ্চ মাহত লাভলীনাই উজবেকিস্তানৰ মফতুনাখন মেলিভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি টকিঅ অলিম্পিকৰ বাবে  নিৰ্বাচিত হৈছিল আৰু  টকিঅ' অলিম্পিকৰ ৬৯ কিলোগ্ৰাম ছেমিফাইনেল তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ সুৰমেনেলিৰ হাতত  পৰাজিত হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য