--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃএছিয়ান গেমছৰ বক্সিঙৰ ফাইনেলত প্ৰৱেশ কৰিলে লাভলীনা  বৰগোঁহায়ে ।  চীনৰ হাংঝৌত চলি থকা এছিয়ান গেমছ ২০২৩ ত মঙলবাৰে লাভলীনাই  চতুৰ্থগৰাকী  ভাৰতীয় বক্সাৰ হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে। মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং প্ৰতিযোগিতাত লাভলীনাই  ছেমি ফাইনেলত থাইলেণ্ডৰ বাইচন মানেকনক পৰাস্ত কৰি বুধবাৰে অনুষ্ঠিত হ'বলগীয়া ফাইনেলৰ বাবে  স্থান নিশ্চিত কৰে৷ 

উল্লেখ্য আশা কৰা ধৰণেই অসম কন্যা লাভলীনা বৰগোঁহাইয়ে চীনত অনুষ্ঠিত হৈ থকা এছিয়ান গেমছত পদক নিশ্চিত কৰিবলৈ সক্ষম হ’ল। মহিলাৰ ৭৫ কিলোগ্ৰাম বক্সিং কোৱাৰ্টাৰ ফাইনেলত লাভলীনা বৰগোহাঁইয়ে দক্ষিণ কোৰিয়াৰ চুয়ন চেয়ংক ৫:০ ব্যৱধানত পৰাস্ত কৰি মহিলাৰ ৭৫ কিলোগ্ৰাম ইভেণ্টৰ ছেমিফাইনেলত স্থান দখল কৰিবলৈ সক্ষম হৈছিল। 

 এনে জয়ৰ জড়িয়তে লাভলীনাই ভাৰতৰ বাবে  পদকো নিশ্চিত কৰিছিল। উল্লেখ্য লাভলীনাই এইবেলি চীনত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানত  ভাৰতৰ জাতীয় পতাকা কঢ়িয়াই নিয়াৰ সৌভাগ্য লভিছিল। উল্লেখ্য লাভলীনাই প্ৰথম বাৰৰ বাবে ২০১৮ চনত ভাৰতক AIBA মহিলা বক্সিং বিশ্ব চেম্পিয়নশ্বিপত প্ৰতিনিধিত্ব কৰিছিল।

 সেই প্ৰতিযোগিতাত লাভলীনাই   মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।২০২০ চনৰ মাৰ্চ মাহত লাভলীনাই উজবেকিস্তানৰ মফতুনাখন মেলিভাক ৫-০ ব্যৱধানত পৰাস্ত কৰি টকিঅ অলিম্পিকৰ বাবে  নিৰ্বাচিত হৈছিল আৰু  টকিঅ' অলিম্পিকৰ ৬৯ কিলোগ্ৰাম ছেমিফাইনেল তুৰ্কীৰ বিশ্ব চেম্পিয়ন বুচেনাজ সুৰমেনেলিৰ হাতত  পৰাজিত হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ