--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মঙলবাৰে হাংঝুৰ পিংফেং কেম্পাছ ক্ৰিকেট ফিল্ডত নেপালৰ বিৰুদ্ধে এছিয়ান গেমছ ২০২৩ৰ কোৱাৰ্টাৰ ফাইনেলত শতক অৰ্জন কৰে যশস্বী জয়ছৱাল।  টি-২০ শতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় হিচাপে পৰিগণিত হয় তেওঁ।

২১ বছৰ বয়সত ৯ মাহ ১৩ দিন বয়সত জয়ছৱালে পূৰ্বে ২৩ বছৰ ১৪৬ দিনত নিউজিলেণ্ডৰ বিৰুদ্ধে শতক কৰা শুবমান গীলৰ অভিলেখ ভংগ কৰে।

জয়ছৱালে ৪৮টা ডেলিভাৰীৰ সমুখিন হৈ প্ৰথমবাৰৰ বাবে টি-২০ শতকত উপনীত হয়। এই ফৰ্মেটত ষষ্ঠখন খেলত অংশগ্ৰহণ কৰে তেওঁ।

গিল, বিৰাট কোহল, কে এল ৰাহুল, ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, দীপক হুদা আৰু সুৰেশ ৰাইনাৰ পিছতে টি-২০ত শতক ৰেকৰ্ড কৰা মাত্ৰ অষ্টমজন ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় এই বাওঁহাতৰ বেটছমেনগৰাকী।

ইতিমধ্যে টেষ্টত শতক অৰ্জন কৰিছে জয়ছৱালে। ডমিনিকাত অনুষ্ঠিত প্ৰথমখন টেষ্টত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১৭১ ৰান সংগ্ৰহ কৰে মুম্বাইৰ তৰুণজনে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু