--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এডেনোভাইৰাছ নামৰ অতি সংক্ৰামক ভাইৰাছবিধে এতিয়া পশ্চিমবংগত ত্ৰাসৰ সৃষ্টি কৰিছে৷ চিকিৎসালয়ত ভৰ্তি হোৱা ১১ টি শিশুৰ মৃত্যুকলৈয়ো সেয়ে এতিয়া ৰহস্যৰ সৃষ্টি হৈছে৷ মৃত শিশু কেইটি এডেনোভাইৰাছত আক্ৰান্ত হৈছিল নেকি তাকে লৈয়ো বহুতৰে মন্ত প্ৰশ্নৰ উদ্ৰেক ঘটিছে৷ অৱশ্যে শিশুকেইটিৰ মৃত্যু এডেনোভাইৰাছত আক্ৰান্ত হৈয়েই হোৱা বুলি চৰকাৰী ভাবে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই৷ 

এডেনোভাইৰাছৰ দ্বাৰা শিশুসকল বেছিকৈ আক্ৰান্ত হৈছে। বংগত পশ্চিমবংগৰ বহু  চিকিৎসালয়ৰ শিশু বিভাগত কোনো খালী বিচনা নোহোৱা হৈ পৰিছে। কোনো খালী ভেণ্টিলেটৰো  নাই বুলি সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে। এডেনোভাইৰাছত আক্ৰান্ত হোৱাৰ প্ৰধান লক্ষণ হৈছে  জ্বৰ, চৰ্দি, কাহ আৰু উশাহ চুটি হোৱা আদি ৷বহু  চিকিৎসকসকলে দাবী কৰিছে যে বেছিভাগ শিশু এডেনোভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল, ঋতুগত জ্বৰ আৰু চৰ্দিৰ দ্বাৰা নহয়।

 এডেনোভাইৰাছৰ তীব্ৰতাৰ বিষয়ে শিশু স্বাস্থ্য প্ৰতিষ্ঠানৰ মুখ্য চিকিৎসক আৰু শিশু ৰোগ বিশেষজ্ঞ প্ৰভাস প্ৰসূন গিৰিয়ে কয় "বতৰৰ পৰিৱৰ্তনৰ বাবে, চৰ্দি আৰু কাহৰ সমস্যা হয়। কিন্তু এতিয়া জ্বৰ, চৰ্দিত ভুগি থকা বেছিভাগ শিশু এডেনোভাইৰাছৰ দ্বাৰা সংক্ৰমিত আৰু এই ভাইৰাছৰ প্ৰভাৱ মাৰাত্মক। গতিকে, এই সময়ত সাৱধান হ'ব।যিহেতু বতৰ এতিয়া সলনি হৈছে আৰু শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ঘৰত জ্বৰ আৰু চৰ্দিত ভুগি আছে''।  এডেনোভাইৰাছৰ লক্ষণবোৰ কেনেদৰে চিনাক্ত কৰিব পাৰি বুলি সাংবাদিকে সোধা   প্ৰশ্নৰ উত্তৰত বিশেষজ্ঞগৰাকীয়ে কয় যে জ্বৰ, চৰ্দি, কাহ আদি লক্ষণ । যদি কাৰোবাৰ  ডিঙিৰ বিষ হৈছে, নাকেৰে পানী বৈ আছে  , চকু ৰঙা হৈছে, উশাহ লোৱাত সমস্যা হৈছে, লগে লগে  চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে"। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক