--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এডেনোভাইৰাছ নামৰ অতি সংক্ৰামক ভাইৰাছবিধে এতিয়া পশ্চিমবংগত ত্ৰাসৰ সৃষ্টি কৰিছে৷ চিকিৎসালয়ত ভৰ্তি হোৱা ১১ টি শিশুৰ মৃত্যুকলৈয়ো সেয়ে এতিয়া ৰহস্যৰ সৃষ্টি হৈছে৷ মৃত শিশু কেইটি এডেনোভাইৰাছত আক্ৰান্ত হৈছিল নেকি তাকে লৈয়ো বহুতৰে মন্ত প্ৰশ্নৰ উদ্ৰেক ঘটিছে৷ অৱশ্যে শিশুকেইটিৰ মৃত্যু এডেনোভাইৰাছত আক্ৰান্ত হৈয়েই হোৱা বুলি চৰকাৰী ভাবে কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই৷ 

এডেনোভাইৰাছৰ দ্বাৰা শিশুসকল বেছিকৈ আক্ৰান্ত হৈছে। বংগত পশ্চিমবংগৰ বহু  চিকিৎসালয়ৰ শিশু বিভাগত কোনো খালী বিচনা নোহোৱা হৈ পৰিছে। কোনো খালী ভেণ্টিলেটৰো  নাই বুলি সংবাদমাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে। এডেনোভাইৰাছত আক্ৰান্ত হোৱাৰ প্ৰধান লক্ষণ হৈছে  জ্বৰ, চৰ্দি, কাহ আৰু উশাহ চুটি হোৱা আদি ৷বহু  চিকিৎসকসকলে দাবী কৰিছে যে বেছিভাগ শিশু এডেনোভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল, ঋতুগত জ্বৰ আৰু চৰ্দিৰ দ্বাৰা নহয়।

 এডেনোভাইৰাছৰ তীব্ৰতাৰ বিষয়ে শিশু স্বাস্থ্য প্ৰতিষ্ঠানৰ মুখ্য চিকিৎসক আৰু শিশু ৰোগ বিশেষজ্ঞ প্ৰভাস প্ৰসূন গিৰিয়ে কয় "বতৰৰ পৰিৱৰ্তনৰ বাবে, চৰ্দি আৰু কাহৰ সমস্যা হয়। কিন্তু এতিয়া জ্বৰ, চৰ্দিত ভুগি থকা বেছিভাগ শিশু এডেনোভাইৰাছৰ দ্বাৰা সংক্ৰমিত আৰু এই ভাইৰাছৰ প্ৰভাৱ মাৰাত্মক। গতিকে, এই সময়ত সাৱধান হ'ব।যিহেতু বতৰ এতিয়া সলনি হৈছে আৰু শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ঘৰত জ্বৰ আৰু চৰ্দিত ভুগি আছে''।  এডেনোভাইৰাছৰ লক্ষণবোৰ কেনেদৰে চিনাক্ত কৰিব পাৰি বুলি সাংবাদিকে সোধা   প্ৰশ্নৰ উত্তৰত বিশেষজ্ঞগৰাকীয়ে কয় যে জ্বৰ, চৰ্দি, কাহ আদি লক্ষণ । যদি কাৰোবাৰ  ডিঙিৰ বিষ হৈছে, নাকেৰে পানী বৈ আছে  , চকু ৰঙা হৈছে, উশাহ লোৱাত সমস্যা হৈছে, লগে লগে  চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে"। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু