--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমুখত এদিনীয়া বিশ্বকাপ৷এদিনীয়া বিশ্বকাপ '২৩ৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰা হৈছে। সংবাদমেলৰ জৰিয়তে মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই দলটোৰ কথা ঘোষণা কৰে। বিশ্বৰ বাবে দলটোৰ কম্বিনেচন যথেষ্ট আকৰ্ষণীয় কৰি ৰখা হৈছে। দলটোত - ৫ জন বেটছমেন, ৩ জন তিনিজন অল ৰাউণ্ডাৰ, ২ জন উইকেটকীপাৰ, ৪ জন বেষ্ট বলাৰ আৰু ১ জন স্পিনাৰ বাছনি কৰা হয়।

দলৰ মূল বেটছমেনৰ ভিতৰত অধিনায়ক ৰোহিত শৰ্মা নিজেই প্ৰথম স্থানত আছে। ইয়াৰ পাছত বিৰাট কোহলী অভিজ্ঞ বেটছমেন হিচাপে দলত স্থান লাভ কৰিছে। তাৰ পাছতে দেখা যাব যুৱ বেটছমেন শুভমন গীলক। ইয়াৰ পাছত শ্ৰেয়স আয়াৰক মিডল অৰ্ডাৰ বেটছমেন হিচাপে নিৰ্বাচিত কৰা হয়। একে সময়তে পঞ্চম স্থানত বেটছমেন হিচাপে দলত থাকিব সূৰ্যকুমাৰ যাদৱ।

কে এল ৰাহুল আৰু ঈশান কিষাণক উইকেটকিপাৰ বেটছমেন্ হিচাপে সুযোগ দিয়া হৈছে। উইকেটকীপাৰ হিচাপে দলৰ প্ৰথম পছন্দ হ’ব ৰাহুল। একে সময়তে ঈশানক বেকআপ কিপাৰ হিচাপে ৰখা হৈছে।

দলৰ সহ-অধিনায়ক হাৰ্দিক পাণ্ডিয়াক অল ৰাউণ্ডাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও অভিজ্ঞ স্পিন অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাও দলটোৰ অংশ। একে সময়তে অক্ষৰ পেটেলক দলত ৰখা হৈছে।দলটোত মাত্ৰ এজন মূল স্পিনাৰ কুলদীপ যাদৱকহে সুযোগ দিয়া হৈছে যদিও ৰবীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেলক স্পিনাৰ হিচাপে দেখা যাব।বিশ্বকাপৰ বাবে ৪ গৰাকী বেগী বলাৰক দলত অন্তৰ্ভুক্ত কৰা হৈছে। য’ত আছে যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি, মহম্মদ ছিৰাজ আৰু শ্বাৰদুল ঠাকুৰ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু