--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমুখত এদিনীয়া বিশ্বকাপ৷এদিনীয়া বিশ্বকাপ '২৩ৰ বাবে ১৫ জনীয়া ভাৰতীয় দল ঘোষণা কৰা হৈছে। সংবাদমেলৰ জৰিয়তে মুখ্য নিৰ্বাচক অজিত আগৰকাৰ আৰু ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই দলটোৰ কথা ঘোষণা কৰে। বিশ্বৰ বাবে দলটোৰ কম্বিনেচন যথেষ্ট আকৰ্ষণীয় কৰি ৰখা হৈছে। দলটোত - ৫ জন বেটছমেন, ৩ জন তিনিজন অল ৰাউণ্ডাৰ, ২ জন উইকেটকীপাৰ, ৪ জন বেষ্ট বলাৰ আৰু ১ জন স্পিনাৰ বাছনি কৰা হয়।

দলৰ মূল বেটছমেনৰ ভিতৰত অধিনায়ক ৰোহিত শৰ্মা নিজেই প্ৰথম স্থানত আছে। ইয়াৰ পাছত বিৰাট কোহলী অভিজ্ঞ বেটছমেন হিচাপে দলত স্থান লাভ কৰিছে। তাৰ পাছতে দেখা যাব যুৱ বেটছমেন শুভমন গীলক। ইয়াৰ পাছত শ্ৰেয়স আয়াৰক মিডল অৰ্ডাৰ বেটছমেন হিচাপে নিৰ্বাচিত কৰা হয়। একে সময়তে পঞ্চম স্থানত বেটছমেন হিচাপে দলত থাকিব সূৰ্যকুমাৰ যাদৱ।

কে এল ৰাহুল আৰু ঈশান কিষাণক উইকেটকিপাৰ বেটছমেন্ হিচাপে সুযোগ দিয়া হৈছে। উইকেটকীপাৰ হিচাপে দলৰ প্ৰথম পছন্দ হ’ব ৰাহুল। একে সময়তে ঈশানক বেকআপ কিপাৰ হিচাপে ৰখা হৈছে।

দলৰ সহ-অধিনায়ক হাৰ্দিক পাণ্ডিয়াক অল ৰাউণ্ডাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও অভিজ্ঞ স্পিন অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজাও দলটোৰ অংশ। একে সময়তে অক্ষৰ পেটেলক দলত ৰখা হৈছে।দলটোত মাত্ৰ এজন মূল স্পিনাৰ কুলদীপ যাদৱকহে সুযোগ দিয়া হৈছে যদিও ৰবীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেলক স্পিনাৰ হিচাপে দেখা যাব।বিশ্বকাপৰ বাবে ৪ গৰাকী বেগী বলাৰক দলত অন্তৰ্ভুক্ত কৰা হৈছে। য’ত আছে যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি, মহম্মদ ছিৰাজ আৰু শ্বাৰদুল ঠাকুৰ।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?