--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ এদিনীয়া ক্ৰিকেট কেৰিয়াৰত এতিয়ালৈকে মুঠ ১৮ শতক অৰ্জন কৰিছে। ইয়াৰে ১৪টাত দলে জয়লাভ কৰিছে। এদিনীয়া ক্ৰিকেটত বাবৰ আজমৰ সফলতাই দেখুৱাইছে পাকিস্তান তেওঁৰ ওপৰত কিমান নিৰ্ভৰশীল। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা শেহতীয়া ছিৰিজতো তেওঁ ছন্দত আছে।

এইবাৰ পাকিস্তানৰ অধিনায়কগৰাকীয়ে এদিনীয়া ক্ৰিকেটত তেওঁৰ শ্ৰেষ্ঠ শতকীয় ইনিংছটো বাছি উলিয়াইছে। বাবৰৰ মতে, ২০১৯ৰ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে কৰা শতকটো তেওঁৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ।

বাবৰে ক’লে, “নিউজিলেণ্ডৰ বিৰুদ্ধে সেই শতকটো স্মৰণীয়। কাৰণ সেই মেচখনত তেওঁলোকে কম ৰানত আমাক ধৰি ৰাখিবলৈ সক্ষম হৈছিল। পাছত বৰষুণৰ বাবে স্পিনাৰসকলে সহায় লাভ কৰে। তেতিয়া আমি বেছি সমস্যাত পৰো।’’

সেই পৰিস্থিতিৰ পৰা কেনেকৈ ওলাই আহিল সেই কথা বৰ্ণনা কৰি বাবৰে কয়, ''সেই পৰিস্থিতিটো মই আৰু হেৰিছে চম্ভালি ল’লো। মেচখনো সলনি হ’ল৷ স্পিনাৰৰ বিৰুদ্ধে টেষ্ট মেচৰ দৰে বেটিং কৰিছিলো। মই পেচাৰসকলক আক্ৰমণ কৰিছিলো।"

বাবৰে লগতে কয়, ‘তেওঁলোকৰ মাত্ৰ এজন স্পিনাৰ আছিল (মিচেল ছাণ্টনাৰ)। গতিকে সেই অভাৰবোৰত ৪-৬ ৰান পাবলৈ চেষ্টা কৰি আছিলো। কিন্তু ফাষ্ট বলাৰসকলৰ বলে বেটত খুব ভালকৈ আঘাত কৰিছিল।’’

উল্লেখ্য যে সেই মেচত বাবৰ আৰু হেৰিছ সোহেলে চতুৰ্থ উইকেটত ১২৭ ৰানৰ যুটী বান্ধি দলক জয়ী কৰে। ৬ উইকেট বাকী থকা অৱস্থাতে পাকিস্তানে ২৩৮ ৰানৰ বিজয়লক্ষ্য অতিক্ৰম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান