--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ এদিনীয়া ক্ৰিকেট কেৰিয়াৰত এতিয়ালৈকে মুঠ ১৮ শতক অৰ্জন কৰিছে। ইয়াৰে ১৪টাত দলে জয়লাভ কৰিছে। এদিনীয়া ক্ৰিকেটত বাবৰ আজমৰ সফলতাই দেখুৱাইছে পাকিস্তান তেওঁৰ ওপৰত কিমান নিৰ্ভৰশীল। নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা শেহতীয়া ছিৰিজতো তেওঁ ছন্দত আছে।

এইবাৰ পাকিস্তানৰ অধিনায়কগৰাকীয়ে এদিনীয়া ক্ৰিকেটত তেওঁৰ শ্ৰেষ্ঠ শতকীয় ইনিংছটো বাছি উলিয়াইছে। বাবৰৰ মতে, ২০১৯ৰ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে কৰা শতকটো তেওঁৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ।

বাবৰে ক’লে, “নিউজিলেণ্ডৰ বিৰুদ্ধে সেই শতকটো স্মৰণীয়। কাৰণ সেই মেচখনত তেওঁলোকে কম ৰানত আমাক ধৰি ৰাখিবলৈ সক্ষম হৈছিল। পাছত বৰষুণৰ বাবে স্পিনাৰসকলে সহায় লাভ কৰে। তেতিয়া আমি বেছি সমস্যাত পৰো।’’

সেই পৰিস্থিতিৰ পৰা কেনেকৈ ওলাই আহিল সেই কথা বৰ্ণনা কৰি বাবৰে কয়, ''সেই পৰিস্থিতিটো মই আৰু হেৰিছে চম্ভালি ল’লো। মেচখনো সলনি হ’ল৷ স্পিনাৰৰ বিৰুদ্ধে টেষ্ট মেচৰ দৰে বেটিং কৰিছিলো। মই পেচাৰসকলক আক্ৰমণ কৰিছিলো।"

বাবৰে লগতে কয়, ‘তেওঁলোকৰ মাত্ৰ এজন স্পিনাৰ আছিল (মিচেল ছাণ্টনাৰ)। গতিকে সেই অভাৰবোৰত ৪-৬ ৰান পাবলৈ চেষ্টা কৰি আছিলো। কিন্তু ফাষ্ট বলাৰসকলৰ বলে বেটত খুব ভালকৈ আঘাত কৰিছিল।’’

উল্লেখ্য যে সেই মেচত বাবৰ আৰু হেৰিছ সোহেলে চতুৰ্থ উইকেটত ১২৭ ৰানৰ যুটী বান্ধি দলক জয়ী কৰে। ৬ উইকেট বাকী থকা অৱস্থাতে পাকিস্তানে ২৩৮ ৰানৰ বিজয়লক্ষ্য অতিক্ৰম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে