--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব ৰেডিঅ' দিৱস। নগাওঁৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এসময়ত ৰেডিঅ'ত দিল্লীৰ অসমীয়া বাতৰি বিভাগত ঠিকাভিত্তিক নিউজ ৰীডাৰ হিচাপে কাম কৰিছিল। বিশ্ব ৰেডিঅ' দিৱস দিনটো পুনৰবাৰ চৰ্চালৈ আহিছে তেওঁৰ এটা পুৰনি ফেচবুক প’ষ্ট। প’ষ্টটোত তেওঁ সেই সময়ছোৱাৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে এনেদৰে-

‘সৰুতে ৰাতিপুৱাই বিচনাত শুই শুইয়েই শুনিছিলোঁ লিলি দাস মালিকৰ দিল্লীৰ পৰা দিয়া সেই চিনাকি মাতৰ অসমীয়া বাতৰি। সেইয়াই আছিল যেন সদায় দিনটোৰ এক আৰম্ভণি, এক ষ্টেইপোল ডায়েট...

কিন্তু সপোনতো ভবা নাছিলোঁ যে এদিন সেই 'লিজেন্ডাৰী' লিলি দাস মালিকৰ লগত একেলগে কাম কৰিম ! দিল্লীত পঢ়ি থাকোঁতে এদিন কোনোবাই খবৰ দিলে যে অ'ল ইন্ডিয়া ৰেডিঅই দিল্লীৰ অসমীয়া বাতৰি বিভাগত ঠিকা ভিত্তিক নিউজ ৰীডাৰ বিচাৰিছে। দৰ্খাস্ত দিলোঁ, কেইবাটাও ৰাউন্ডত ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ আৰু তাৰপিছত বাতৰি পঢ়া অ'ডিচন, চাকৰি টো ময়েই পালোঁ। মাহটোৰ ভিতৰত মাজতে দুই এদিন বিৰতি দি এঘাৰ দিনৰ পৰা বিশ দিন মানলৈ চাকৰি, দৈনিক ভিত্তিত মজুৰি পাম। হোষ্টেলত থাকি দিল্লীত চলিবৰ বাবে সেইয়া যথেষ্ট পয়চা !

দিল্লীৰ অসমীয়া বাতৰি বিভাগৰ মূৰব্বী হ'ল লিলি দাস মালিক আৰু লগতে আটাইকেইজন সেই অতি চিনাকী ব্যক্তিসকল... নছিউৰ ৰহমান, গুন বৰুৱা, বিভা গোস্বামী, হিৰন দত্ত, অৱন বৰপূজাৰী, প্ৰসন্ন গোস্বামী...মইয়েই আটাইতকৈ নূমলীয়া। কামত যোগদান কৰাৰ আগতেই কোনোবাই ক'লে বোলে লিলি দাস মালিক উজানবজাৰৰ, দিল্লীতো সাইলাখ যেন সিংহীনি। কামত কোনো তেৰি মেৰী নচলিব। প্ৰথম দুমাহ মান লিলি বাইদেৱে কেৱল অনুবাদেই কৰিবলৈ দিলে.... তাৰপিছত এদিন হঠাতে ৰাতিপুৱাই ক'লে আজি তুমি নিউজ পঢ়িবা, লগত মই থাকিম।
সেই দিনাৰ দৰে নাৰ্ভাচ চাগে মই জীৱনতেই হোৱা নাই... একেটা স্টুডিঅ'ত মই নিউজ পঢ়িছোঁ..লাইভ... আৰু মাইক্ৰফোনৰ সিপাৰে বহি, ...ঠিক নাকৰ তলত ঢিলা হৈ পৰি থকা চেইন লগোৱা চশমাযোৰৰ ওপৰেদি মোক তীক্ষ্ণ ভাৱে চাই আছে অসমীয়া বাতৰি জগতৰ লিজেন্ড লিলি দাস মালিকে !

এ আই আৰ বিল্ডিংত আহি প্ৰতিদিনে ৰাতিপুৱা ৭টা বজাৰ নিউজ পঢ়িবলৈ মই হোষ্টেলৰ পৰা চাৰিটা বজাতে ওলাব লাগে কাৰণ বাতৰিৰ ডেৰ ঘন্টা মানৰ আগৰে পৰা ইংৰাজীত লিখা স্ক্ৰীপ্ট বিলাক অনুবাদ কৰিব লাগে। কাম কৰি থকা অৱস্থাতে প্ৰায় প্ৰতিদিনাই লিলি বাইদেৱে গৰম চাহৰ লগত খাবলৈ টেমাৰ পৰা ওলিয়াই দিয়ে তেওঁ নিজে ঘৰত বনোৱা কুকিজ্ বা কেক। কেতিয়াবা আকৌ নিউজ পঢ়ি আজৰি হোৱাৰ পিচতে ক'ব - এতিয়া তুমি হোষ্টেলত গৈ ব্ৰেকফাষ্ট পাবা জানো ? ব'লা আমাৰ ঘৰতে ব্ৰেকফাষ্ট কৰিবা...লগে লগে মনটো বৰ উৎফুল্লিত হৈ যায় কাৰণ তেওঁৰ ঘৰত ব্ৰেকফাষ্ট মানেই যেন এক এলাহী কাৰবাৰ হে !

তেতিয়া অসম আন্দোলনৰ ভৰ পক। অসমত তীব্ৰ জাতীয়তাবাদী চিন্তাৰ জোৱাৰ উঠিছে। পৰেশ বৰুৱাহঁতে স্বাধীন অসমৰ কথা ক'বলৈ আৰম্ভ কৰিছে। অসমীয়া বাতৰি বিভাগত কাম কৰা ময়েই একমাত্র ছাত্ৰ, তাকো জে এন ইউত পঢ়োঁ। অল ইন্ডিয়া ৰেডিঅৰ সঞ্চালক প্ৰধানলৈ আই বিৰ পৰা পৰামৰ্শ আহিল মোৰ ওপৰত চকু দিবলৈ...কিজানি নিউজ পঢ়াৰ চলেৰে দিল্লীৰ অল ইন্ডিয়া ৰেডিঅৰ হেডকোৱাৰ্টাৰৰ পৰাই মই এদিন স্বাধীন অসমৰ কথা ঘোষণা কৰি দিঁও !! মোৰ কামৰ মাহেকীয়া কন্ট্ৰেক্ট বন্ধ কৰিবলৈ হেনো মুখ্য উপসঞ্চালক প্ৰধানে লিলি বাইদেউক পৰামৰ্শ দিলে...লিলি বাইদেৱে পোনচাটেই এই পৰামৰ্শ অগ্ৰাহ্য কৰি ক'লে - " আ: ডোন্ট ইউ ৱ'ৰী..হি ইজ টু মাচ অব এ প্ৰফেছনেল .."। মই পিছে এই সকলোবিলাক কথা তেতিয়া ঘূণাক্ষৰেও গম নাপালোঁ.. লিলি বাইদেউৰ তত্ত্বাৱধানত দিল্লীত পঢ়ি থকা দিন বিলাক নিৰ্ভয়ে পাৰ কৰিলো অল ইন্ডিয়া ৰেডিঅ'ত..পিট পিটাই ফুৰিলোঁ কোনো প্ৰশ্নৰ সন্মুখীন নোহোৱাকৈ।‘’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক