--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব ৰেডিঅ' দিৱস। নগাওঁৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এসময়ত ৰেডিঅ'ত দিল্লীৰ অসমীয়া বাতৰি বিভাগত ঠিকাভিত্তিক নিউজ ৰীডাৰ হিচাপে কাম কৰিছিল। বিশ্ব ৰেডিঅ' দিৱস দিনটো পুনৰবাৰ চৰ্চালৈ আহিছে তেওঁৰ এটা পুৰনি ফেচবুক প’ষ্ট। প’ষ্টটোত তেওঁ সেই সময়ছোৱাৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে এনেদৰে-

‘সৰুতে ৰাতিপুৱাই বিচনাত শুই শুইয়েই শুনিছিলোঁ লিলি দাস মালিকৰ দিল্লীৰ পৰা দিয়া সেই চিনাকি মাতৰ অসমীয়া বাতৰি। সেইয়াই আছিল যেন সদায় দিনটোৰ এক আৰম্ভণি, এক ষ্টেইপোল ডায়েট...

কিন্তু সপোনতো ভবা নাছিলোঁ যে এদিন সেই 'লিজেন্ডাৰী' লিলি দাস মালিকৰ লগত একেলগে কাম কৰিম ! দিল্লীত পঢ়ি থাকোঁতে এদিন কোনোবাই খবৰ দিলে যে অ'ল ইন্ডিয়া ৰেডিঅই দিল্লীৰ অসমীয়া বাতৰি বিভাগত ঠিকা ভিত্তিক নিউজ ৰীডাৰ বিচাৰিছে। দৰ্খাস্ত দিলোঁ, কেইবাটাও ৰাউন্ডত ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ আৰু তাৰপিছত বাতৰি পঢ়া অ'ডিচন, চাকৰি টো ময়েই পালোঁ। মাহটোৰ ভিতৰত মাজতে দুই এদিন বিৰতি দি এঘাৰ দিনৰ পৰা বিশ দিন মানলৈ চাকৰি, দৈনিক ভিত্তিত মজুৰি পাম। হোষ্টেলত থাকি দিল্লীত চলিবৰ বাবে সেইয়া যথেষ্ট পয়চা !

দিল্লীৰ অসমীয়া বাতৰি বিভাগৰ মূৰব্বী হ'ল লিলি দাস মালিক আৰু লগতে আটাইকেইজন সেই অতি চিনাকী ব্যক্তিসকল... নছিউৰ ৰহমান, গুন বৰুৱা, বিভা গোস্বামী, হিৰন দত্ত, অৱন বৰপূজাৰী, প্ৰসন্ন গোস্বামী...মইয়েই আটাইতকৈ নূমলীয়া। কামত যোগদান কৰাৰ আগতেই কোনোবাই ক'লে বোলে লিলি দাস মালিক উজানবজাৰৰ, দিল্লীতো সাইলাখ যেন সিংহীনি। কামত কোনো তেৰি মেৰী নচলিব। প্ৰথম দুমাহ মান লিলি বাইদেৱে কেৱল অনুবাদেই কৰিবলৈ দিলে.... তাৰপিছত এদিন হঠাতে ৰাতিপুৱাই ক'লে আজি তুমি নিউজ পঢ়িবা, লগত মই থাকিম।
সেই দিনাৰ দৰে নাৰ্ভাচ চাগে মই জীৱনতেই হোৱা নাই... একেটা স্টুডিঅ'ত মই নিউজ পঢ়িছোঁ..লাইভ... আৰু মাইক্ৰফোনৰ সিপাৰে বহি, ...ঠিক নাকৰ তলত ঢিলা হৈ পৰি থকা চেইন লগোৱা চশমাযোৰৰ ওপৰেদি মোক তীক্ষ্ণ ভাৱে চাই আছে অসমীয়া বাতৰি জগতৰ লিজেন্ড লিলি দাস মালিকে !

এ আই আৰ বিল্ডিংত আহি প্ৰতিদিনে ৰাতিপুৱা ৭টা বজাৰ নিউজ পঢ়িবলৈ মই হোষ্টেলৰ পৰা চাৰিটা বজাতে ওলাব লাগে কাৰণ বাতৰিৰ ডেৰ ঘন্টা মানৰ আগৰে পৰা ইংৰাজীত লিখা স্ক্ৰীপ্ট বিলাক অনুবাদ কৰিব লাগে। কাম কৰি থকা অৱস্থাতে প্ৰায় প্ৰতিদিনাই লিলি বাইদেৱে গৰম চাহৰ লগত খাবলৈ টেমাৰ পৰা ওলিয়াই দিয়ে তেওঁ নিজে ঘৰত বনোৱা কুকিজ্ বা কেক। কেতিয়াবা আকৌ নিউজ পঢ়ি আজৰি হোৱাৰ পিচতে ক'ব - এতিয়া তুমি হোষ্টেলত গৈ ব্ৰেকফাষ্ট পাবা জানো ? ব'লা আমাৰ ঘৰতে ব্ৰেকফাষ্ট কৰিবা...লগে লগে মনটো বৰ উৎফুল্লিত হৈ যায় কাৰণ তেওঁৰ ঘৰত ব্ৰেকফাষ্ট মানেই যেন এক এলাহী কাৰবাৰ হে !

তেতিয়া অসম আন্দোলনৰ ভৰ পক। অসমত তীব্ৰ জাতীয়তাবাদী চিন্তাৰ জোৱাৰ উঠিছে। পৰেশ বৰুৱাহঁতে স্বাধীন অসমৰ কথা ক'বলৈ আৰম্ভ কৰিছে। অসমীয়া বাতৰি বিভাগত কাম কৰা ময়েই একমাত্র ছাত্ৰ, তাকো জে এন ইউত পঢ়োঁ। অল ইন্ডিয়া ৰেডিঅৰ সঞ্চালক প্ৰধানলৈ আই বিৰ পৰা পৰামৰ্শ আহিল মোৰ ওপৰত চকু দিবলৈ...কিজানি নিউজ পঢ়াৰ চলেৰে দিল্লীৰ অল ইন্ডিয়া ৰেডিঅৰ হেডকোৱাৰ্টাৰৰ পৰাই মই এদিন স্বাধীন অসমৰ কথা ঘোষণা কৰি দিঁও !! মোৰ কামৰ মাহেকীয়া কন্ট্ৰেক্ট বন্ধ কৰিবলৈ হেনো মুখ্য উপসঞ্চালক প্ৰধানে লিলি বাইদেউক পৰামৰ্শ দিলে...লিলি বাইদেৱে পোনচাটেই এই পৰামৰ্শ অগ্ৰাহ্য কৰি ক'লে - " আ: ডোন্ট ইউ ৱ'ৰী..হি ইজ টু মাচ অব এ প্ৰফেছনেল .."। মই পিছে এই সকলোবিলাক কথা তেতিয়া ঘূণাক্ষৰেও গম নাপালোঁ.. লিলি বাইদেউৰ তত্ত্বাৱধানত দিল্লীত পঢ়ি থকা দিন বিলাক নিৰ্ভয়ে পাৰ কৰিলো অল ইন্ডিয়া ৰেডিঅ'ত..পিট পিটাই ফুৰিলোঁ কোনো প্ৰশ্নৰ সন্মুখীন নোহোৱাকৈ।‘’

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু