--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ কাৰাবন্দী হোৱাৰ দিশে অখিল গগৈ। গগৈৰ বিৰুদ্ধে পুনৰ চলিব NIAৰ গোচৰ। NIAৰ গোচৰত দৈনন্দিন ভিত্তিত হ’ব শুনানি। গগৈৰ বিৰুদ্ধে বিচাৰ চলোৱাৰ অনুমতি ন্যায়ালয়ৰ।

 ‘কা’ আন্দোলনৰ সময়ত অখিল গগৈ আৰু তেওঁৰ ৩জন সহযোগীৰ বিৰুদ্ধে ৰুজু হোৱা NIAৰ গোচৰত পুনৰ আৰম্ভ হ’ব বিচাৰ প্ৰক্ৰিয়া। গোচৰটো সন্দৰ্ভত উপযুক্ত প্ৰমাণৰ অভাৱত অখিল গগৈক মুক্তি দিয়া হৈছিল যদিও পুনৰ বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল NIAএ। অখিল গগৈৰ বিৰুদ্ধে বিচাৰ চলোৱাৰ বাবে উচ্চ ন্যায়ালয়ে অনুমতি দিয়াৰ লগতে অখিল গগৈক অহা ২৩ ফেব্ৰুৱাৰীত নতুনকৈ জামিন আবেদন কৰিবলৈ নিৰ্দেশ দিছে। তেনেক্ষেত্ৰত ২৩ ফেব্ৰুৱাৰীত অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাই দেখা দিছে। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।

তেনে সময়ছোৱাতে অখিল গগৈয়ে ফেচবুকত লিখিলে এটা আবেগিক প’ষ্ট। অখিল গগৈয়ে লিখিলে এনেদৰে...

কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছো

আমাৰ বিৰুদ্ধে ‘কা’বিৰোধী আন্দোলনৰ ‘নিয়া’(NIA)ৰ গোচৰটো পুনৰ আৰম্ভ হ’ল।’নিয়া’ৰ আপীলৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা ৯ ফেব্ৰুৱাৰীত গোচৰটো পুনৰাম্ভ কৰিবলৈ নিৰ্দেশ দিছে। তথ্য-প্ৰমাণসহ ‘নিয়া’ৰ অভিযোগ প্ৰমাণ নোহোৱাত  যোৱা ১ জুলাই ২০২১ তাৰিখে এই গোচৰটোৰ পৰা মোক আৰু মোৰ সতীৰ্থসকলক ‘নিয়া’ আদালতে সম্পূৰ্ণ মুক্ত কৰি দিছিল। কিন্তু চৰকাৰে মোৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিলে; কাৰণ মই দৃঢ়তাৰে বিজেপি চৰকাৰ বিৰোধী অৱস্হান অব্যাহত ৰাখিলো।  এতিয়া মই ২৩ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব। বোধহয় সিদিনাই মই পুনৰ কাৰাগাৰলৈ যাব লাগিব।আগৰবাৰ ‘কা’বিৰোধী এই গোচৰত ১ বছৰ ৭ মাহ জে’লত আছিলো, এইবাৰ কিমান দিন জে’লত থাকিব লাগিব নাজানো। আপোনালোক আটাইৰে পৰা এই সংকটৰ সময়ত আশীৰ্বাদ বিচাৰিলো।

  আপোচ নকৰাই মোৰ একমাত্ৰ অপৰাধ। মোক আপোচৰ অনেক প্ৰস্তাৱ দিয়া হৈছিল; সকলোবোৰ মই দৃঢ়তাৰে নাকচ কৰিছিলো। মই জনগণ, জাতি আৰু দেশক বিশ্বাসঘাতকতা কৰিব নোৱাৰে। বিশ্বাসঘাতকতা মোৰ তেজত নাই। সাম্প্ৰদায়িক ফেচিবাদীহঁতৰ সৈতে মই আপোচ কৰিব নোৱাৰো। তাতকৈ জে’লৰ জীৱনকে মই বাচি লৈছো। দৰকাৰ হ’লে ওৰে জীৱন কাৰাগাৰতে কটাম; কিন্তু জাতিক বিশ্বাসঘাটকতা নকৰো।

জয় আই অসম।
ইনকিলাব জিন্দাবাদ”

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ