--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিভাৱক সন্তানৰ বাবে এখন মুধচ৷কিন্তু যেতিয়া সেই অভিভাৱকেই সন্তানৰ বাবে কষ্ট আৰু পীড়া কঢ়িয়াই নিয়ে সেয়া কল্পনাতীত হৈ পৰে৷ পশ্চিম বংগৰ উত্তৰ পৰগনাৰ এহাল দম্পতীয়ে ইনষ্টাগ্ৰাম ৰীল তৈয়াৰ কৰাৰ বাবে আইফোন ১৪ ক্ৰয় কৰাৰ উদ্দেশ্যে নিজৰ ৮ মহীয়া সন্তানটি বিক্ৰী কৰা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে পশ্চিম বংগ আৰক্ষীয়ে সাথী নামৰ মাতৃগৰাকী আৰু কেঁচুৱাটো ক্ৰয় কৰা প্ৰিয়ংকা ঘোষ নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে এতিয়াও পলাতক অৱস্থাত আছে কেঁচুৱাটিৰ পিতৃ জয়দেৱ।

এই কাণ্ড পোহৰলৈ আহে যেতিয়া দম্পতীহালৰ ওচৰ-চুবুৰীয়াই অস্বাভাৱিক আচৰণ আৰু হঠাতে ৮ মহীয়া পুত্ৰৰ অনুপস্থিতি লক্ষ্য কৰি আৰক্ষীক সতৰ্ক কৰি দিয়ে।চুবুৰীয়াই লক্ষ্য কৰিছিল যে আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱা দম্পতীহালে তেওঁলোকৰ কেঁচুৱাটো নিৰুদ্দেশ হোৱাৰ প্ৰায় একে সময়তে হঠাতে এটা আইফোন কিনিছিল।

অধিক তদন্তৰ অন্তত মাতৃগৰাকীয়ে স্বীকাৰ কৰে যে তেওঁলোকে সঁচাকৈয়ে কেঁচুৱাটো বিক্ৰী কৰিছিল আৰু সেই ধনেৰে পশ্চিম বংগৰ বিভিন্ন ঠাইলৈ ভ্ৰমণৰ বাবে ইনষ্টাগ্ৰাম ৰীলৰ বাবে কন্টেন্ট তৈয়াৰ কৰিছিল।আচৰিত কথাটো হ’ল পিতৃয়ে তেওঁলোকৰ সাত বছৰীয়া কন্যা সন্তানকো বিক্ৰী কৰাৰ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

স্থানীয় কাউন্সিলাৰ তাৰক গুহাই কয় যে- 'ল’ৰাটোক বিক্ৰী কৰাৰ পাছত শনিবাৰে মাজনিশা জয়দেৱেও ছোৱালীজনীক বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল। আমি বুজি পোৱাৰ লগে লগে আৰক্ষীক জনাই দিওঁ।'বৰ্তমান তদন্ত চলি আছে আৰু কৰ্তৃপক্ষই গোচৰটো সকলো দিশৰ পৰা পৰীক্ষা কৰি আছে বুলি জানিব পৰা গৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস