--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুটা দশকৰ আগতে তেওঁলোকো উলংগ হৈছিল। কিন্তু স্বেচ্ছাই।  থানজাম মনোৰমা নামৰ মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় কংলা দুৰ্গৰ সন্মুখত সমবেত হৈছিল মণিপুৰৰ ১২ গৰাকী মহিলা। নিজৰ লাজ লুকুৱাবলৈ কেৱল এখন বগা কাপোৰ গাত মেৰিয়াই লৈছিল। তাত ইংৰাজীত লিখা আছিল- '‘আহক ভাৰতীয় সেনা, আমাক ধৰ্ষণ কৰক’’।

আনন্দবাজাৰ পত্ৰিকাত প্ৰকাশিত এটা বাতৰি মতে, শেহতীয়াকৈ মণিপুৰত সংঘটিত হোৱা দলীয় হিংসা আৰু নাৰী নিৰ্যাতনৰ ঘটনাত চৰ্চালৈ আহিছে সেই ১২ গৰাকী মহিলা। সেই প্ৰতিবাদী আন্দোলনৰ অন্যতম মুখ ধ্যানেশ্বৰীৰ বয়স এতিয়া ৭০ বছৰৰ ওপৰত। বৃহস্পতিবাৰে তেওঁ কয়, "পৰিস্থিতিলৈ চালে এনে লাগে যেন এতিয়া মণিপুৰত যুদ্ধৰ পৰিস্থিতি চলি আছে!"

২০০৪ চনৰ ১৫ জুলাইত ১২ গৰাকী মহিলাৰ প্ৰতিবাদে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। মণিপুৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (এ এফ এছ পি এ) আৰু বিক্ষিপ্ত এলেকা আইন প্ৰত্যাহাৰৰ দাবীত অস্ত্ৰৰে সজ্জিত হৈ পৰিছিল। আৰু সেই উলংগ প্ৰতিবাদত চামিল হোৱা ১২ গৰাকী মহিলা ‘মণিপুৰ জননী’ নামেৰে পৰিচিত হ’ল।

উল্লেখ্য যে ২০০৪ চনৰ ১১ জুলাইত আছাম ৰাইফলছৰ জোৱানৰ এটা দলে উগ্ৰপন্থী বুলি সন্দেহ কৰি ৩২ বছৰীয়া মহিলা মনোৰামাক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। পিছদিনা ঘৰৰ পৰা তিনি কিলোমিটাৰ দূৰত তেওঁৰ গুলীৰে ভৰা, অংগচ্ছেদ কৰা মৃতদেহ উদ্ধাৰ হয়। অভিযোগ অনুসৰি তীব্ৰ নিৰ্যাতন আৰু ধৰ্ষণৰ পিছত গুলীয়াই হত্যা কৰা হৈছিল ছানীক।

সেই ঘটনাৰ প্ৰতিবাদত সেই বছৰৰ ১৫ জুলাইত মণিপুৰৰ কংলা দুৰ্গত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সম্পূৰ্ণ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ১২ গৰাকী মহিলাই। সেইদিনা সমগ্ৰ দেশতে প্ৰতিবাদৰ ধুমুহা সৃষ্টি হৈছিল। তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে প্ৰতিশ্ৰুতি দিবলগীয়া হৈছিল যে আফছপাক অধিক মানৱীয় কৰি তোলাৰ বাবে সংশোধন কৰা হ’ব।

কিন্তু দেশৰ উত্তৰ-পূব অংশৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ নকৰাত মণিপুৰৰ আন এগৰাকী ``জননী'' ৰমণীয়ে হতাশা প্ৰকাশ কৰিছে। তেওঁলোকে কয়, "দুয়ো পক্ষই মহিলাৰ ওপৰত নৃশংস অত্যাচাৰ চলাই আছে। ১৯ বছৰ আগতে আমি নাৰীৰ অধিকাৰৰ বাবে থিয় দিছিলো। আমি স্তম্ভিত হৈ পৰিছো। আমি চৰকাৰক অনুৰোধ কৰিম যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সৈতে জড়িত সকলো অভিযোগৰ তদন্ত কৰক।''










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস