--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুটা দশকৰ আগতে তেওঁলোকো উলংগ হৈছিল। কিন্তু স্বেচ্ছাই।  থানজাম মনোৰমা নামৰ মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ প্ৰতিবাদত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় কংলা দুৰ্গৰ সন্মুখত সমবেত হৈছিল মণিপুৰৰ ১২ গৰাকী মহিলা। নিজৰ লাজ লুকুৱাবলৈ কেৱল এখন বগা কাপোৰ গাত মেৰিয়াই লৈছিল। তাত ইংৰাজীত লিখা আছিল- '‘আহক ভাৰতীয় সেনা, আমাক ধৰ্ষণ কৰক’’।

আনন্দবাজাৰ পত্ৰিকাত প্ৰকাশিত এটা বাতৰি মতে, শেহতীয়াকৈ মণিপুৰত সংঘটিত হোৱা দলীয় হিংসা আৰু নাৰী নিৰ্যাতনৰ ঘটনাত চৰ্চালৈ আহিছে সেই ১২ গৰাকী মহিলা। সেই প্ৰতিবাদী আন্দোলনৰ অন্যতম মুখ ধ্যানেশ্বৰীৰ বয়স এতিয়া ৭০ বছৰৰ ওপৰত। বৃহস্পতিবাৰে তেওঁ কয়, "পৰিস্থিতিলৈ চালে এনে লাগে যেন এতিয়া মণিপুৰত যুদ্ধৰ পৰিস্থিতি চলি আছে!"

২০০৪ চনৰ ১৫ জুলাইত ১২ গৰাকী মহিলাৰ প্ৰতিবাদে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। মণিপুৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (এ এফ এছ পি এ) আৰু বিক্ষিপ্ত এলেকা আইন প্ৰত্যাহাৰৰ দাবীত অস্ত্ৰৰে সজ্জিত হৈ পৰিছিল। আৰু সেই উলংগ প্ৰতিবাদত চামিল হোৱা ১২ গৰাকী মহিলা ‘মণিপুৰ জননী’ নামেৰে পৰিচিত হ’ল।

উল্লেখ্য যে ২০০৪ চনৰ ১১ জুলাইত আছাম ৰাইফলছৰ জোৱানৰ এটা দলে উগ্ৰপন্থী বুলি সন্দেহ কৰি ৩২ বছৰীয়া মহিলা মনোৰামাক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে। পিছদিনা ঘৰৰ পৰা তিনি কিলোমিটাৰ দূৰত তেওঁৰ গুলীৰে ভৰা, অংগচ্ছেদ কৰা মৃতদেহ উদ্ধাৰ হয়। অভিযোগ অনুসৰি তীব্ৰ নিৰ্যাতন আৰু ধৰ্ষণৰ পিছত গুলীয়াই হত্যা কৰা হৈছিল ছানীক।

সেই ঘটনাৰ প্ৰতিবাদত সেই বছৰৰ ১৫ জুলাইত মণিপুৰৰ কংলা দুৰ্গত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সম্পূৰ্ণ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ১২ গৰাকী মহিলাই। সেইদিনা সমগ্ৰ দেশতে প্ৰতিবাদৰ ধুমুহা সৃষ্টি হৈছিল। তেতিয়াৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে প্ৰতিশ্ৰুতি দিবলগীয়া হৈছিল যে আফছপাক অধিক মানৱীয় কৰি তোলাৰ বাবে সংশোধন কৰা হ’ব।

কিন্তু দেশৰ উত্তৰ-পূব অংশৰ পৰা আফস্পা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ নকৰাত মণিপুৰৰ আন এগৰাকী ``জননী'' ৰমণীয়ে হতাশা প্ৰকাশ কৰিছে। তেওঁলোকে কয়, "দুয়ো পক্ষই মহিলাৰ ওপৰত নৃশংস অত্যাচাৰ চলাই আছে। ১৯ বছৰ আগতে আমি নাৰীৰ অধিকাৰৰ বাবে থিয় দিছিলো। আমি স্তম্ভিত হৈ পৰিছো। আমি চৰকাৰক অনুৰোধ কৰিম যে মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সৈতে জড়িত সকলো অভিযোগৰ তদন্ত কৰক।''










FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে