--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীক ৰীল বনাবলৈ বাধা দি মৃত্যু চপালে এজন স্বামীয়ে৷বিহাৰৰ বেগুচৰাইৰ এগৰাকী মহিলাই ভাইৰেল সংগীতত ইনষ্টাগ্ৰাম ৰীল বনোৱাত আপত্তি কৰাৰ পাছতে প্ৰেমিক, দুগৰাকী ভগ্নীৰ সৈতে পৰিকল্পনা ৰচনা কৰি স্বামীৰ ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ দুগৰাকী ভগ্নীকো জেৰাৰ বাবে আটক কৰিছে।

প্ৰায় ৭ বছৰ পূৰ্বে মহেশ্বৰ কুমাৰ ৰায়ে (২৫) ৰাণী কুমাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। আগতে তেওঁ কলকাতাত শ্ৰমিক হিচাপে কাম কৰিছিল, আৰু শেহতীয়াকৈ ঘৰলৈ উভতি আহিছিল। তেওঁৰ পত্নী ৰাণী কুমাৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম (টিক-টক আৰু ইনষ্টাগ্ৰাম)ত অসংখ্য ভিডিঅ’ নিৰ্মাণৰ প্ৰতি দুৰ্বল হৈ পৰিছিল, যিবোৰ মহেশ্বৰে ভাল নাপায়ছাল আৰু বিৰোধিতা কৰিছিল, যাৰ ফলত দুয়োৰে মাজত সঘনাই কাজিয়া হৈছিল।

মহেশ্বৰৰ পিতৃয়ে কয় যে ৰাণী কুমাৰীৰ মহম্মদ ছাজ্জাদ নামৰ আন এজন ব্যক্তিৰ সৈতেও অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। দেওবাৰে নিশা প্ৰায় ৯ বজাত ৰাণীয়ে মহেশ্বৰক শহুৰেকৰ ঘৰলৈ ফোন কৰে য’ত ৰাণীয়ে তেওঁক হত্যা কৰে, প্ৰেমিক আৰু দুগৰাকী ভগ্নী ৰোজী আৰু সোণালী কুমাৰীৰ সহায়ত হত্যা কৰে বুলি মহেশ্বৰৰ পিতৃয়ে জানিবলৈ দিয়ে।

নিশা প্ৰায় ১০.৩০ বজাত মহেশ্বৰৰ ভাতৃ ৰুডালে কলকাতাৰ পৰা ফোন কৰাত আন কোনোবাই ফোন ৰিচিভ কৰাৰ লগে লগে এই অপৰাধ পোহৰলৈ আহে। ফাউল প্লে’ৰ সন্দেহ কৰি ৰুডালে পিতৃক ফাফৌট গাঁৱলৈ পঠিয়াই দিয়ে, তাতে মহেশ্বৰক মৃত অৱস্থাত উদ্ধাৰ কৰে। তাৰ পাছত আৰক্ষীক জনোৱা হয়, আৰু তেওঁলোকে মৃতদেহটো জিম্মাত লয়।ভাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৫জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। দুই ভগ্নীক সোধা-পোছা কৰাৰ সময়তে ৰাণী কুমাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু