--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নীক ৰীল বনাবলৈ বাধা দি মৃত্যু চপালে এজন স্বামীয়ে৷বিহাৰৰ বেগুচৰাইৰ এগৰাকী মহিলাই ভাইৰেল সংগীতত ইনষ্টাগ্ৰাম ৰীল বনোৱাত আপত্তি কৰাৰ পাছতে প্ৰেমিক, দুগৰাকী ভগ্নীৰ সৈতে পৰিকল্পনা ৰচনা কৰি স্বামীৰ ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ দুগৰাকী ভগ্নীকো জেৰাৰ বাবে আটক কৰিছে।

প্ৰায় ৭ বছৰ পূৰ্বে মহেশ্বৰ কুমাৰ ৰায়ে (২৫) ৰাণী কুমাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। আগতে তেওঁ কলকাতাত শ্ৰমিক হিচাপে কাম কৰিছিল, আৰু শেহতীয়াকৈ ঘৰলৈ উভতি আহিছিল। তেওঁৰ পত্নী ৰাণী কুমাৰীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম (টিক-টক আৰু ইনষ্টাগ্ৰাম)ত অসংখ্য ভিডিঅ’ নিৰ্মাণৰ প্ৰতি দুৰ্বল হৈ পৰিছিল, যিবোৰ মহেশ্বৰে ভাল নাপায়ছাল আৰু বিৰোধিতা কৰিছিল, যাৰ ফলত দুয়োৰে মাজত সঘনাই কাজিয়া হৈছিল।

মহেশ্বৰৰ পিতৃয়ে কয় যে ৰাণী কুমাৰীৰ মহম্মদ ছাজ্জাদ নামৰ আন এজন ব্যক্তিৰ সৈতেও অবৈধ প্ৰেমৰ সম্পৰ্ক আছিল। দেওবাৰে নিশা প্ৰায় ৯ বজাত ৰাণীয়ে মহেশ্বৰক শহুৰেকৰ ঘৰলৈ ফোন কৰে য’ত ৰাণীয়ে তেওঁক হত্যা কৰে, প্ৰেমিক আৰু দুগৰাকী ভগ্নী ৰোজী আৰু সোণালী কুমাৰীৰ সহায়ত হত্যা কৰে বুলি মহেশ্বৰৰ পিতৃয়ে জানিবলৈ দিয়ে।

নিশা প্ৰায় ১০.৩০ বজাত মহেশ্বৰৰ ভাতৃ ৰুডালে কলকাতাৰ পৰা ফোন কৰাত আন কোনোবাই ফোন ৰিচিভ কৰাৰ লগে লগে এই অপৰাধ পোহৰলৈ আহে। ফাউল প্লে’ৰ সন্দেহ কৰি ৰুডালে পিতৃক ফাফৌট গাঁৱলৈ পঠিয়াই দিয়ে, তাতে মহেশ্বৰক মৃত অৱস্থাত উদ্ধাৰ কৰে। তাৰ পাছত আৰক্ষীক জনোৱা হয়, আৰু তেওঁলোকে মৃতদেহটো জিম্মাত লয়।ভাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৫জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। দুই ভগ্নীক সোধা-পোছা কৰাৰ সময়তে ৰাণী কুমাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক