--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিভিন্ন কাৰণত মূৰৰ বিষ হ’ব পাৰে। চকু, নাক আদিৰ সমস্যাৰ বাবেও মূৰৰ বিষ হ’ব পাৰে। মাইগ্ৰেনৰ সমস্যাৰ বাবেও মূৰৰ বিষ হ'ব পাৰে। বহুসময়ত মূৰৰ বিষ ডিঙিৰ পৰা আৰম্ভ হয় আৰু মূৰৰ পিছফাললৈ বিয়পি পৰে। চিকিৎসকসকলে কৈছে যে এইটো চাৰ্ভোজেনিক মূৰৰ বিষৰ লক্ষণ। আন যিকোনো শাৰীৰিক ৰোগৰ বাবে  এনে ধৰণৰ বিষৰ জন্ম দিয়ে। সময়ৰ লগে লগে এই বিষ বৃদ্ধি হয়। শেহতীয়া এক অধ্যয়ন অনুসৰি, এই লক্ষণবোৰ মাইগ্ৰেইনৰ বিষৰ ক্ষেত্ৰতো প্ৰায় একে  হয়। মাইগ্ৰেইনৰ ক্ষেত্ৰত বিষ ডিঙিৰ পিছফালৰ পৰা আৰম্ভ হয়।

যদি মূৰৰ তালুত বিষ হয়, ইয়াক যিকোনো মানসিক চাপ বা উদ্বেগৰ পৰা হোৱা বুলি গণ্য কৰা হয়। বিষৰ তীব্ৰতা মৃদুৰ পৰা মধ্যমীয়া হয়। যেতিয়া কোনো কাৰণত মানসিক চিন্তা হয় তেতিয়াই এনে ধৰণৰ মূৰৰ বিষ হ’ব পাৰে। যদি আপুনি বিশ্ৰাম লয়, যদি আপুনি পৰ্যাপ্ত টোপনি যাব পাৰে তেন্তে এনে বিষৰ পৰা ঔষধ নোখোৱাকৈয়ে যথেষ্ট সকাহপাব পাৰে।

যদি চৰ্দি গোট মাৰি থাকে তেন্তে কপালৰ এপিনে বিষ আৰম্ভ হ’ব পাৰে। এনে অৱস্থাত গুড় খালে জমা হোৱা কফ আদি ওলাই যোৱাত সুবিধা হয়৷ গুড়ে শৰীৰৰ ভিতৰত জমা হোৱা চৰ্দি, ধূলি-মাকতি আদি উলিয়াই দিব পাৰে৷ সেয়ে কয়লা খনিত কাম কৰা লোকসকলক নিয়মিত গুড় খাবলৈ দিয়া হয়৷চৰ্দি ওলাই গ’লে মূৰৰ বিষৰ পৰাও আৰাম পাব৷

সূৰয কপালী মূৰৰ বিষত ভূগি থকা সকলে ঘৰুৱা ভাবেও কেতবোৰ প্ৰামাণ্য চিকিৎসা কৰি সুফল লাভ কৰিব পাৰে।
ভাৰতীয় আয়ুৰ্বেদৰ শক্তিৰ কথা সমগ্ৰ বিশ্বই জানে।  আমি যদি সঠিক ভাৱে গছ-লতিকাৰ প্ৰয়োগ কৰো তেন্তে সুফল নিশ্চয়কৈ লাভ কৰিম।

সূৰয কপালী মূৰৰ বিষত ভোগা সকলে অসমৰ বহুঠাইত চলি থকা এবিধ পৰম্পৰাগত পদ্ধতিৰে সূৰুয কপালী মূৰৰ বিষৰ পৰা নিস্তাৰ পাব পাৰে। 

এই পৰম্পৰাগত চিকিৎসা পদ্ধতিত এমুঠি আমৰ পাত আৰু এমুঠি বেলৰ পাত লৈ সেয়া ভালদৰে সিজাব লাগে। পানী খিনি ৰঙা যেন  হোৱাৰ পিছত ঠাণ্ডা কৰি সেই পানীৰে মূৰটো ধুই দিব লাগে।

এনেকৈ একেৰাহে তিনি দিনমান আম পাত-বেল পাত সিজোৱা পানীৰে মূৰ ধুলে সূৰয কপালী মূৰৰ বিষৰ  যন্ত্ৰণাৰ পৰা নিস্তাৰ পাব পাৰে। এনে ঘৰুৱা চিকিৎসাৰেও সুফল নাপালে চিকিৎসকৰ কাষ চাপিবলৈ হেলা নকৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক