--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰীল বনোৱাৰ নামত এতিয়ালৈকে বহুতেই মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। এইবাৰ পুনৰ ৰীলৰ বাবেই  এগৰাকী যুৱতীয়ে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। ঘটনাটোৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।  মহাৰাষ্ট্ৰৰ পাহাৰীয়া অঞ্চলত এগৰাকী যুৱতীয়ে গাড়ীৰে সৈতে ৩০০ ফুট দ খাৱৈত বাগৰি পৰে । ফলত তেওঁৰ মৃত্যু ঘটে। সমগ্ৰ ঘটনাটো মৃত যুৱতীগৰাকীৰ সংগীয়ে তোলা ভিডিঅ’টোত ধৰা পৰিছে। যিটো ভিডিঅ’  ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ৰীল বনাই থকা অৱস্থাতে দুৰ্ঘটনাত মৃত্যু হয় ২৩ বছৰীয়া শ্বেতা দীপক সৰৱাছৰ। তেওঁৰ সংগী আছিল ২৫ বছৰীয়া সুৰজ সঞ্জু খচ্চৰ।  দুয়োজনে ঔৰংগাবাদৰ পৰা চুলিভাঞ্জন পাহাৰলৈ  গৈছিল।তাতেই  কেনেকৈ গাড়ী চলাব লাগে তাৰ ৰীল বনাই আছিল যুৱতীগৰাকীয়ে। ভাইৰেল ভিডিঅ’টোত শ্বেতাই মুখত হাঁহি লৈ লাহে লাহে গাড়ীখন পিছুৱাই থকা  দেখা গৈছে। প্ৰথম অৱস্থাত খাদৰ  পৰা প্ৰায় ৫০ মিটাৰ দূৰত্বত আছিল। কিন্তু পিছুৱাই গৈ গৈ খাদত পৰি যায়। 

ভিডিঅ’টোত দেখা গৈছে, সুৰজে চিঞৰিছে আৰু শ্বেতাক গাড়ী ৰখাবলৈ সকীয়াই দিছে, গাড়ীখনৰ গতি কমাই দিবলৈ কৈছে । এটা সময়ত তেওঁ চিঞৰি উঠিল ‘ক্লাচ ক্লাচ ক্লাচ’। কিন্তু  তাৰ আগতে গাড়ীখন ৩০০ ফুট দ’ খাৱৈত বাগৰি পৰিল। থিতাতে মৃত্যু হয় যুৱতীগৰাকীৰ। খবৰ লাভ কৰাৰ পিছতে স্থানীয় থানাৰ আৰক্ষীয়ে গাড়ীখনৰ লগতে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু