--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰীল বনোৱাৰ নামত এতিয়ালৈকে বহুতেই মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। এইবাৰ পুনৰ ৰীলৰ বাবেই  এগৰাকী যুৱতীয়ে কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। ঘটনাটোৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।  মহাৰাষ্ট্ৰৰ পাহাৰীয়া অঞ্চলত এগৰাকী যুৱতীয়ে গাড়ীৰে সৈতে ৩০০ ফুট দ খাৱৈত বাগৰি পৰে । ফলত তেওঁৰ মৃত্যু ঘটে। সমগ্ৰ ঘটনাটো মৃত যুৱতীগৰাকীৰ সংগীয়ে তোলা ভিডিঅ’টোত ধৰা পৰিছে। যিটো ভিডিঅ’  ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। 

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ৰীল বনাই থকা অৱস্থাতে দুৰ্ঘটনাত মৃত্যু হয় ২৩ বছৰীয়া শ্বেতা দীপক সৰৱাছৰ। তেওঁৰ সংগী আছিল ২৫ বছৰীয়া সুৰজ সঞ্জু খচ্চৰ।  দুয়োজনে ঔৰংগাবাদৰ পৰা চুলিভাঞ্জন পাহাৰলৈ  গৈছিল।তাতেই  কেনেকৈ গাড়ী চলাব লাগে তাৰ ৰীল বনাই আছিল যুৱতীগৰাকীয়ে। ভাইৰেল ভিডিঅ’টোত শ্বেতাই মুখত হাঁহি লৈ লাহে লাহে গাড়ীখন পিছুৱাই থকা  দেখা গৈছে। প্ৰথম অৱস্থাত খাদৰ  পৰা প্ৰায় ৫০ মিটাৰ দূৰত্বত আছিল। কিন্তু পিছুৱাই গৈ গৈ খাদত পৰি যায়। 

ভিডিঅ’টোত দেখা গৈছে, সুৰজে চিঞৰিছে আৰু শ্বেতাক গাড়ী ৰখাবলৈ সকীয়াই দিছে, গাড়ীখনৰ গতি কমাই দিবলৈ কৈছে । এটা সময়ত তেওঁ চিঞৰি উঠিল ‘ক্লাচ ক্লাচ ক্লাচ’। কিন্তু  তাৰ আগতে গাড়ীখন ৩০০ ফুট দ’ খাৱৈত বাগৰি পৰিল। থিতাতে মৃত্যু হয় যুৱতীগৰাকীৰ। খবৰ লাভ কৰাৰ পিছতে স্থানীয় থানাৰ আৰক্ষীয়ে গাড়ীখনৰ লগতে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ