--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক এক বিশেষ বাৰ্তা দিলে। শেহতীয়াকৈ  তেওঁ উষ্ট্ৰাসনৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই আসনৰ ভিডিঅ’টো  AI ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে। ভিডিঅ’টোৰ জড়িয়তে মোদীয়ে  সকলোকে বুজাই দিছে যে শৰীৰটো সুস্থ কৰি ৰখাটো কিমান গুৰুত্বপূৰ্ণ।

মোদীৰ ভাষাত যোগে সকলো সীমা অতিক্ৰম কৰি বিশ্বৰ সকলো জনসাধাৰণক একত্ৰিত কৰিছে। বিশ্বৰ লাখ লাখ লোকে সুস্থতাৰ সন্ধানত এতিয়া যোগাসন কৰিবলৈ লৈছে। মঙলবাৰে মোদীয়ে  উষ্ট্ৰাছানৰ ভিডিঅ’টো নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি সেই কথা দোহাৰে।  মোদীয়ে AI প্ৰযুক্তিৰ জৰিয়তে  শিকোৱা আসনে সকলোকে আকৃষ্ট কৰিছে। উষ্ট্ৰাসনৰ মূল উপকাৰিতা হৈছে ই   পিঠি আৰু ডিঙিৰ পেশী শক্তিশালী কৰে। ৰক্ত সঞ্চালন আৰু দৃষ্টিশক্তি উন্নত কৰাৰ ক্ষেত্ৰতো ইয়াৰ গুৰুত্ব অপৰিসীম।

মোদীয়ে এক্স হেণ্ডেলত লিখিছে, ‘সমগ্ৰ বিশ্বই দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিব। এয়া একতা আৰু সম্প্ৰীতিৰ উদযাপন। আজি যোগে সাংস্কৃতিক আৰু ভৌগোলিক সীমা অতিক্ৰম কৰিছে। সমগ্ৰ বিশ্বৰ লাখ লাখ লোকে সুস্থতাৰ সন্ধানত একত্ৰিত হৈছে।'
 

মন কৰিবলগীয়া যে ২০১৪ চনত মোদীয়ে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল। একে বছৰৰ ২৭ ছেপ্টেম্বৰত তেওঁ  ৰাষ্ট্ৰসংঘক ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। আৰু সেই বছৰতে ১১ ডিচেম্বৰত তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে সেই দিনটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছিল। তেতিয়াৰে পৰাই মোদীৰ  আহ্বানত দেশ-বিদেশৰ কোটি কোটি লোকে সেই দিনটোতে যোগ দিৱস পালন কৰি আহিছে।

বিশ্ব ঐক্য গঢ়াত যোগৰ ভূমিকা সদায় অপৰিসীম বুলি মোদীয়ে কৈ আহিছে। যোৱা বছৰ তেওঁ আমেৰিকাত  যোগ দিৱস পালন কৰিছিল। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত মোদীয়ে যোগাসন কৰিছিল। প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত যোগাসনৰ নেতৃত্ব দিছিল মোদীয়ে। ৰাষ্ট্ৰসংঘৰ ১৮০খন সদস্য দেশৰ প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি কূটনীতিক, শিল্পী, শিক্ষাবিদ - সকলোৱে যোগ কাৰ্যসূচীত  যোগদান কৰিছিল।  ৰাষ্ট্ৰসংঘৰ শীৰ্ষ বিষয়াসকলেও মোদীৰ নেতৃত্বত যোগাসন কৰিছিল। সেই অুষ্ঠানে  গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো স্থান লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ