--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক এক বিশেষ বাৰ্তা দিলে। শেহতীয়াকৈ  তেওঁ উষ্ট্ৰাসনৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। এই আসনৰ ভিডিঅ’টো  AI ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে। ভিডিঅ’টোৰ জড়িয়তে মোদীয়ে  সকলোকে বুজাই দিছে যে শৰীৰটো সুস্থ কৰি ৰখাটো কিমান গুৰুত্বপূৰ্ণ।

মোদীৰ ভাষাত যোগে সকলো সীমা অতিক্ৰম কৰি বিশ্বৰ সকলো জনসাধাৰণক একত্ৰিত কৰিছে। বিশ্বৰ লাখ লাখ লোকে সুস্থতাৰ সন্ধানত এতিয়া যোগাসন কৰিবলৈ লৈছে। মঙলবাৰে মোদীয়ে  উষ্ট্ৰাছানৰ ভিডিঅ’টো নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি সেই কথা দোহাৰে।  মোদীয়ে AI প্ৰযুক্তিৰ জৰিয়তে  শিকোৱা আসনে সকলোকে আকৃষ্ট কৰিছে। উষ্ট্ৰাসনৰ মূল উপকাৰিতা হৈছে ই   পিঠি আৰু ডিঙিৰ পেশী শক্তিশালী কৰে। ৰক্ত সঞ্চালন আৰু দৃষ্টিশক্তি উন্নত কৰাৰ ক্ষেত্ৰতো ইয়াৰ গুৰুত্ব অপৰিসীম।

মোদীয়ে এক্স হেণ্ডেলত লিখিছে, ‘সমগ্ৰ বিশ্বই দশম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিব। এয়া একতা আৰু সম্প্ৰীতিৰ উদযাপন। আজি যোগে সাংস্কৃতিক আৰু ভৌগোলিক সীমা অতিক্ৰম কৰিছে। সমগ্ৰ বিশ্বৰ লাখ লাখ লোকে সুস্থতাৰ সন্ধানত একত্ৰিত হৈছে।'
 

মন কৰিবলগীয়া যে ২০১৪ চনত মোদীয়ে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল। একে বছৰৰ ২৭ ছেপ্টেম্বৰত তেওঁ  ৰাষ্ট্ৰসংঘক ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। আৰু সেই বছৰতে ১১ ডিচেম্বৰত তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে সেই দিনটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছিল। তেতিয়াৰে পৰাই মোদীৰ  আহ্বানত দেশ-বিদেশৰ কোটি কোটি লোকে সেই দিনটোতে যোগ দিৱস পালন কৰি আহিছে।

বিশ্ব ঐক্য গঢ়াত যোগৰ ভূমিকা সদায় অপৰিসীম বুলি মোদীয়ে কৈ আহিছে। যোৱা বছৰ তেওঁ আমেৰিকাত  যোগ দিৱস পালন কৰিছিল। ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত মোদীয়ে যোগাসন কৰিছিল। প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত যোগাসনৰ নেতৃত্ব দিছিল মোদীয়ে। ৰাষ্ট্ৰসংঘৰ ১৮০খন সদস্য দেশৰ প্ৰতিনিধিৰ পৰা আৰম্ভ কৰি কূটনীতিক, শিল্পী, শিক্ষাবিদ - সকলোৱে যোগ কাৰ্যসূচীত  যোগদান কৰিছিল।  ৰাষ্ট্ৰসংঘৰ শীৰ্ষ বিষয়াসকলেও মোদীৰ নেতৃত্বত যোগাসন কৰিছিল। সেই অুষ্ঠানে  গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো স্থান লাভ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু