ডিজিটেল ডেস্ক: এল নিন'ৰ ফলত বতৰৰ পৰিৱৰ্তনে ভাৰতত ভয়াৱহ দুৰ্যোগৰ সূচনা কৰিছে। এফালে যদি অত্যধিক বৰষুণৰ ফলত বান-ভূমিস্খলনে জনজীৱন ব্যাহত কৰিছে, আনফালে আকৌ বৰষুণৰ অভাৱত কেইবাখনো ৰাজ্যত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।
দেশত ১৯ ছেপ্টেম্বৰৰ পৰা লাহে লাহে বর্ষা ঋতুৱে বিদায় লোৱা আৰম্ভ কৰিছে আৰু ১৫ অক্টোবৰৰ ভিতৰত ই সম্পূৰ্ণৰূপে বিদায় ল'ব। বর্ষা ঋতুৱে বিদায় ল'লে যদিও চলিত বৰ্ষৰ বাৰিষা কালছোৱাত দেশত স্বাভাৱিকতকৈ ১২ শতাংশ বৰষুণ কমকৈ হ'ল। যিয়েই পৰিৱেশতন্ত্ৰত বিৰূপ প্ৰভাৱ পেলাইছে। বৰষুণৰ অভাৱত দেশৰ ৫১ শতাংশ অঞ্চলত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্যত এই কথা প্রকাশ পাইছে। তথ্য অনুসৰি, চলিত বৰ্ষত দেশৰ এটা বৃহৎ অংশত ২০ বছৰৰ ভিতৰত সৰ্বাধিক বৃষ্টিপাত হোৱাৰ বিপৰীতে বাকী অংশত আকৌ যোৱা ১৭ বছৰৰ ভিতৰত সৰ্বনিম্ন বৰষুণ হয়। চলিত বৰ্ষত দক্ষিণ ভাৰতত ২৩ শতাংশ বৃষ্টিপাত হ্রাস পায়।
যাৰ ফলত ২০২৬ চনৰ বৰ্ষা ঋতু ২৪ বছৰৰ ভিতৰত আটাইতকৈ শুকান বর্ষা হিচাপে চিহ্নিত হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যত আৰু প্ৰকাশ পাইছে যে উত্তৰ আৰু উত্তৰ-পূব ভাৰততো চলিত বৰ্ষত ২৫ শতাংশ বৰষুণ কমকৈ হয়। যিটো ১৯০১ চনৰ পাছত আটাইতকৈ কম। চলিত বৰ্ষত বৰষুণ কম হোৱা ৰাজ্যকেইখন হৈছে মেঘালয় (৬০% কম), মণিপুৰ (৪৫%), অৰুণাচল প্রদেশ (৪৪%), পঞ্জাব (৪২%), পুডুচেৰী (৩৭%), গোৱা (৩৪%), বিহাৰ (৩১%), কর্ণাটক (৩০%), অসম (২৮%), লাক্ষাদ্বীপ (২৮%), কেৰালা (২৭%), হাৰিয়ানা (২৫%), অন্ধ্র প্রদেশ (২৩%), ৰাজস্থান (২২%)।
ইফালে ওড়িশা, দাদ্ৰা আৰু নগৰ হাভেলি আৰু দমন-ডিউত আকৌ সাধাৰণতকৈ বহু বেছি পৰিমাণৰ বৰষুণ হয়। বৰষুণ হ্রাস পোৱাৰ ফলত দেশৰ কৃষি খণ্ডত ব্যাপক নেতিবাচক প্ৰভাৱ পৰিছে। দেশৰ ৬০ শতাংশ কৃষকেই কৃষি উৎপাদনৰ বাবে বাৰিষাৰ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰে। খৰাং সদৃশ পৰিস্থিতিৰ ফলত চলিত বৰ্ষত দেশত পূৰ্বৰ তুলনাত ১ কোটি টন ধানৰ উৎপাদন হ্রাস পোৱাৰ সম্ভাৱনা আছে। যিটো যোৱা বছৰতকৈ ৬.৫ শতাংশ কম হ'ব। ইফালে বতৰ বিজ্ঞানীসকলে প্রকাশ কৰিছে এল নিন'ৰ প্ৰভাৱ ২০২৭ চনৰ ফেব্ৰুৱাৰী পর্যন্ত থাকিব। যাৰ ফলত এইবাৰ শীত কালত শীতৰ প্রকোপ হ্রাস পাব আৰু মানুহে গৰম অনুভৱ কৰিব।
উৎস: দৈনিক জনমভূমি