ডিজিটেল ডেস্ক: FZ1073 বিমানখনত আক্ৰমণৰ পিছত কেপ্তেইন স্মিত মাচ্চাৰে যিদৰে সাহস প্ৰদৰ্শন কৰিলে, সেয়া দেখি তেওঁক বিশ্বজুৰি প্ৰশংসা কৰিছে। নেতানিয়াহু, ট্ৰাম্প, মোদীয়েও প্ৰশংসা কৰিলে স্মিত মাচ্চাৰক। বলীউডৰ ভাইজান ছলমান খানো স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল।
উল্লেখ্য যে বুধবাৰে ডুবাইৰ পৰা তেলআভিভলৈ গৈ থকা বিমানখনত ওমানী সহ-পাইলটজনে ভাৰতীয় পাইলট স্মিত মাচ্চাৰৰ ওপৰত আক্ৰমণ চলায় আৰু বিমানখন ক্ৰেশ্ব কৰাৰ চেষ্টা কৰে। কিন্তু সেই সময়ত পাইলট স্মিত মাচ্চাৰে যিধৰণে সাহসিকতা দেখুৱালে, তাৰ বাবে সকলোৱে তেওঁক প্ৰশংসা কৰিছে।
ছলমান খানে স্মিত মাচ্চাৰৰ প্ৰশংসা কৰা কলে- ‘‘আপুনি বহুত ডাঙৰ কাম কৰিলে, আমি সকলোৱে আপোনাক চেলুট জনাইছো। আপোনাৰ সৈতে উৰিবলৈ পালে নিজকে সৌভাগ্যৱান মানিম। চাব্বাচ ব্ৰ’... কেপ্তেইন স্মিত মাচ্চাৰ।’’
ছলমান খানৰ এই পোষ্টটোত মানুহে স্মিত মাচ্চাৰক প্ৰশংসাৰে উপচাই পেলাইছে।
কোন স্মিত মাচ্চাৰ?
স্মিত মাচ্চাৰ মুম্বাইৰ ঘাটকোপাৰৰ বাসিন্দা। ফ্লাইদুবাইত চাকৰি পোৱাৰ আগতে স্মিত মাচ্চাৰে ১১ বছৰ ধৰি স্পাইচজেটত কাম কৰিছিল। ২০২২ চনত ফ্লাইদুবাইৰ ৭৩৭ বহৰত কেপ্টেইন হিচাপে তেওঁ যোগদান কৰিছিল৷ তেওঁৰ মুঠ প্ৰায় ৯,৭৫০ ঘণ্টা বিমান চলোৱাৰ অভিজ্ঞতা আছে আৰু ইয়াৰে ৬,৪০০ ঘণ্টাতকৈ অধিক সময় তেওঁ কেপ্তেইন হিচাপে বিমান চলাইছে।
বিমানখনত কি হৈছিল?
উৰণৰ সময়ত তেওঁৰ সহ-পাইলটে ককপিটৰ ভিতৰত তেওঁক ছুৰীৰে আক্ৰমণ কৰে। গুৰুতৰভাৱে আহত হোৱাৰ পাছতো মাচ্চাৰে সহ-পাইলট গৰাকীক প্ৰতিহত কৰে, ককপিটৰ দুৱাৰ খুলি দিয়ে আৰু যাত্ৰী আৰু কৰ্মচাৰীসকলক আক্ৰমণকাৰীক নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ পাছত বয়িং ৭৩৭ মেক্স বিমানখনে চৌদি আৰৱৰ উত্তৰ-পশ্চিমাঞ্চলৰ তাবুকত জৰুৰী অৱতৰণ কৰে। বিমানখনত থকা ১৭৪জন যাত্ৰীৰ জীৱন ৰক্ষা পৰে স্মিত মাচ্চাৰৰ সাহসিকতাত।
বহু তাৰকাৰ লগতে প্ৰধানমন্ত্ৰীয়েও স্মিত মাচ্চাৰৰ প্ৰশংসা কৰিছে আৰু তেওঁৰ সৈতে কথা পাতিছে। প্ৰধানমন্ত্ৰীয়ে ফোনত হোৱা কথা-বতৰাৰ সময়ত স্মিতক কয়- সমগ্ৰ দেশে আপোনাৰ বাবে প্ৰাৰ্থনা কৰিছে। সকলোফালে মহামৃত্যুঞ্জয় মন্ত্ৰৰ জপ চলি আছে। আপোনাৰ সাহস, ধৈৰ্য আৰু সুবুদ্ধিয়ে ইমানবোৰ মানুহৰ প্ৰাণ ৰক্ষা কৰিলে। আপুনি দেখুৱালে যে ভাৰতীয়সকল 'প্ৰাণ লোৱা নহয়, প্ৰাণ ৰক্ষা কৰা লোক'। আনহাতে, কেপ্তেইন মাছাৰে প্ৰধানমন্ত্ৰী মোদীক জনায় যে যেতিয়া তেওঁ যন্ত্ৰণাত আছিল তেতিয়া তেওঁ হনুমান চালিছা পাঠ কৰি আছিল। তেওঁৰ বিশ্বাস যে ঈশ্বৰেই তেওঁৰ প্ৰাণ ৰক্ষা কৰিছে।