ডিজিটেল ডেস্ক: এগৰাকী ভাৰতীয়ৰ সাহসিকতাক লৈ বিশ্বজুৰি চৰ্চা৷ তেওঁ পেছাত এগৰাকী পাইলট৷ ভাৰতীয় পাইলটগৰাকীৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন৷ ৰক্তাক্ত পাইলটে কেনেকৈ বচালে যাত্ৰীৰ প্ৰাণ? কোন এই ভাৰতীয় পাইলট স্মিত মাচ্ছৰ? যাক প্ৰশংসা নেতানিয়াহু, ট্ৰাম্প, মোদীৰ!
মাত্ৰ ৩০ ছেকেণ্ডতে সলনি হৈ গৈছিল সকলো।৩৪ হাজাৰ ফুট উচ্চতাত ডুবাইৰ পৰা ইজৰাইলৰ বেন গুৰিয়ন বিমানবন্দৰলৈ উৰি আছিল ফ্লাইদুবাইৰ বিমান। হঠাৎ ককপিটৰ ভিতৰতে সৃষ্টি হ’ল ভয়ংকৰ পৰিস্থিতি। আকাশত চলিল জীৱন-মৃত্যুৰ যুঁজ৷ সহ-পাইলটৰ হাতত ছুৰী৷ আক্ৰমণৰ লক্ষ্য ভাৰতীয় কেপ্টেইন স্মিত মাচ্ছৰ৷
সহ-পাইলটৰ ছুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় স্মিত মাচ্ছৰ। মূৰ আৰু হাতত গভীৰ আঘাত, প্ৰচণ্ড ৰক্তক্ষৰণ। কিন্তু ৰক্তাক্ত শৰীৰেও হাৰ নামানিলে তেওঁ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বৰ্ণনা অনুসৰি, আক্ৰমণকাৰীক প্ৰতিহত কৰি ককপিটৰ দুৱাৰ খুলিবলৈ সক্ষম হয় স্মিত মাচ্ছৰ। তাৰ পাছত যাত্ৰী আৰু ক্ৰুৱে আক্ৰমণকাৰীক নিয়ন্ত্ৰণলৈ আনে।
মাত্ৰ কেইছেকেণ্ডতে বিমানখন প্ৰায় ১৪ হাজাৰ ৩০০ ফুট তললৈ নামি আহে। ট্ৰেন্সপণ্ডাৰত প্ৰথমে ৭৭০০ জৰুৰী সংকেত, তাৰ পাছত ৭৫০০ হাইজেক সংকেত। পিছে কোনে সংকেত দুটা প্ৰেৰণ কৰিছিল, সেয়া অৱশ্যে স্পষ্ট নহয়। প্ৰায় ৯ মিনিটলৈ বিমানখনৰ অৱস্থানৰ তথ্যও বিচ্ছিন্ন হৈ পৰে। অৱশেষত বিমানখন ঘূৰি আহে ছৌদি আৰৱৰ দিশে আৰু টাবুকত সফলভাৱে অৱতৰণ কৰে।
ফ্লাইদুবাইয়ে জনোৱা মতে, বিমানখনৰ সকলো যাত্ৰী সুৰক্ষিত। কিন্তু গুৰুতৰভাৱে আহত কেপ্টেইন স্মিত মচ্ছৰক তৎকালীনভাৱে চিকিৎসালয়লৈ লৈ যোৱা হয়। আক্ৰমণকাৰীক গ্ৰেপ্তাৰ ছৌদি কৰ্তৃপক্ষৰ৷
ইজৰাইলী বিষয়াৰ তথ্য অনুসৰি, আক্ৰমণকাৰীজন ওমানৰ নাগৰিক। এই ঘটনাৰ পাছতেই বিশ্বজুৰি চৰ্চাত ভাৰতীয় কেপ্টেইনজনৰ সাহসিকতা। নেতানিয়াহু, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও স্মিত মচ্ছৰৰ সাহসিকতাৰ প্ৰশংসা কৰে। মোদীয়ে তেওঁক ‘হিৰো’ বুলি অভিহিত কৰে।
মুম্বাইৰ ঘাটকোপাৰৰ বাসিন্দা কেপ্টেইন স্মিত মাচ্ছৰ৷ প্ৰতিবেদন অনুসৰি, স্পাইচজেটত প্ৰায় ১১ বছৰ কাম কৰাৰ পাছত ২০২২ চনত ফ্লাইদুবাইৰ ৭৩৭ বহৰত কেপ্টেইন হিচাপে তেওঁ যোগদান কৰিছিল৷
তেওঁৰ আছে প্ৰায় ৯,৭৫০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আৰু এইবাৰ সেই অভিজ্ঞতাৰেই যেন কঠিন পৰীক্ষা হৈছিল আকাশৰ বুকুত। মৃত্যুৰ ছাঁ নামি অহাৰ মুহূৰ্ততো যুঁজিছিল এজন ভাৰতীয়ই। নিজে ৰক্তাক্ত হৈও বচাবলৈ চেষ্টা কৰিছিল আনৰ জীৱন। আৰু সেই সাহসিকতাৰ সাক্ষী হৈ ৰ’ল ১৭৪টা জীৱন..