--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ডাক্তৰৰ দুগৰাকী পত্নী। দুই পত্নীৰ কাজিয়া এতিয়া ভাইৰেল হৈ পৰিল ছচিয়েল মিডিয়াত।

মুজাফ্ফৰনগৰৰ এখন ফেমিলি ক্লিনিকত ডাক্তৰৰ পত্নী দুগৰাকীৰ মাজত বিবাদ ইমানেই বাঢ়ি গ’ল যে দুয়োৰে মাজত তীব্ৰ কাজিয়া হ’ল। ডাক্তৰৰ প্ৰথম পত্নীয়ে দ্বিতীয়গৰাকী পত্নীক মহিলা সংগীসকলৰ সৈতে লগলাগি মাৰপিট কৰে। ঘটনাটো তাত সংস্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছে।

মুজাফ্ফৰনগৰৰ বুধনা অঞ্চলত ডাঃ কাছিম আলীৰ ক্লিনিক আছে। তেওঁ দুবাৰকৈ বিয়া পাতিছে। প্ৰথম বিবাহ আয়েছাৰ সৈতে হোৱাৰ বিপৰীতে দ্বিতীয়খন বিয়া হৈছে ফাৰাহ আঞ্জুমৰ সৈতে। তিনিদিন আগতে তেওঁৰ দ্বিতীয় পত্নীয়ে তেওঁক লগ কৰিবলৈ ক্লিনিকলৈ গৈছিল। কিন্তু, তেওঁক অহা দেখি ডাক্তৰজন পলাই যায়। ইয়াৰ পিছত দ্বিতীয় পত্নীয়ে চকীখনত বহি স্বামীৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে।

এই বিষয়ে কোনোবাই ডাক্তৰৰ প্ৰথম পত্নীক জনোৱাত তেওঁ মহিলা সংগীসকলক লগত লৈ আহি সেই স্থানত উপস্থিত হল। ইয়াৰ পিছত ফাৰাহক তেওঁলোকে লাঠিৰে তীব্ৰ প্ৰহাৰ কৰিলে। এই মাৰপিটৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ফাৰাহ আঞ্জুম। ক্লিনিকৰ পৰা চিঞৰ-বাখৰ শুনি চুবুৰীয়াই সেই স্থানত উপস্থিত হৈ কাজিয়া শান্ত কৰি ফাৰাহক চিকিৎসালয়ত ভৰ্তি কৰে।

এই সমগ্ৰ কাজিয়াৰ ঘটনা ক্লিনিকত লগোৱা চিচিটিভি কেমেৰাত বন্দী হৈছিল। অৱশ্যে কোনোবাই গোপনে এই কাজিয়াৰ ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছিল। আনহাতে চিচিটিভিৰ ৰেকৰ্ডিং লৈ ফাৰাহে থানাত উপস্থিত হয়।

দ্বিতীয় পত্নীয়ে স্বামী, প্ৰথম পত্নী আৰু সহযোগী মহিলা ফাৰ্জানা, গুলছান, নোমানা, চাইমা, ছিমৰান, নভিছাকে ধৰি অজ্ঞাত এজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।

এই গোচৰত চি অ’ বিনয় কুমাৰ গৌতমে কয় যে মহিলাগৰাকীৰ অভিযোগত চিকিৎসক আৰু তেওঁৰ পত্নীকে ধৰি ৭জন লোকৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰা হৈছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান চলাইছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস