--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ডাক্তৰৰ দুগৰাকী পত্নী। দুই পত্নীৰ কাজিয়া এতিয়া ভাইৰেল হৈ পৰিল ছচিয়েল মিডিয়াত।

মুজাফ্ফৰনগৰৰ এখন ফেমিলি ক্লিনিকত ডাক্তৰৰ পত্নী দুগৰাকীৰ মাজত বিবাদ ইমানেই বাঢ়ি গ’ল যে দুয়োৰে মাজত তীব্ৰ কাজিয়া হ’ল। ডাক্তৰৰ প্ৰথম পত্নীয়ে দ্বিতীয়গৰাকী পত্নীক মহিলা সংগীসকলৰ সৈতে লগলাগি মাৰপিট কৰে। ঘটনাটো তাত সংস্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হৈছে।

মুজাফ্ফৰনগৰৰ বুধনা অঞ্চলত ডাঃ কাছিম আলীৰ ক্লিনিক আছে। তেওঁ দুবাৰকৈ বিয়া পাতিছে। প্ৰথম বিবাহ আয়েছাৰ সৈতে হোৱাৰ বিপৰীতে দ্বিতীয়খন বিয়া হৈছে ফাৰাহ আঞ্জুমৰ সৈতে। তিনিদিন আগতে তেওঁৰ দ্বিতীয় পত্নীয়ে তেওঁক লগ কৰিবলৈ ক্লিনিকলৈ গৈছিল। কিন্তু, তেওঁক অহা দেখি ডাক্তৰজন পলাই যায়। ইয়াৰ পিছত দ্বিতীয় পত্নীয়ে চকীখনত বহি স্বামীৰ বাবে অপেক্ষা কৰিবলৈ ধৰিলে।

এই বিষয়ে কোনোবাই ডাক্তৰৰ প্ৰথম পত্নীক জনোৱাত তেওঁ মহিলা সংগীসকলক লগত লৈ আহি সেই স্থানত উপস্থিত হল। ইয়াৰ পিছত ফাৰাহক তেওঁলোকে লাঠিৰে তীব্ৰ প্ৰহাৰ কৰিলে। এই মাৰপিটৰ ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ফাৰাহ আঞ্জুম। ক্লিনিকৰ পৰা চিঞৰ-বাখৰ শুনি চুবুৰীয়াই সেই স্থানত উপস্থিত হৈ কাজিয়া শান্ত কৰি ফাৰাহক চিকিৎসালয়ত ভৰ্তি কৰে।

এই সমগ্ৰ কাজিয়াৰ ঘটনা ক্লিনিকত লগোৱা চিচিটিভি কেমেৰাত বন্দী হৈছিল। অৱশ্যে কোনোবাই গোপনে এই কাজিয়াৰ ভিডিঅ’ বনাই ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছিল। আনহাতে চিচিটিভিৰ ৰেকৰ্ডিং লৈ ফাৰাহে থানাত উপস্থিত হয়।

দ্বিতীয় পত্নীয়ে স্বামী, প্ৰথম পত্নী আৰু সহযোগী মহিলা ফাৰ্জানা, গুলছান, নোমানা, চাইমা, ছিমৰান, নভিছাকে ধৰি অজ্ঞাত এজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে।

এই গোচৰত চি অ’ বিনয় কুমাৰ গৌতমে কয় যে মহিলাগৰাকীৰ অভিযোগত চিকিৎসক আৰু তেওঁৰ পত্নীকে ধৰি ৭জন লোকৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰা হৈছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান চলাইছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে