--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী নিষ্ঠুৰ মাতৃ, যিয়ে নিজৰ সন্তানক নিশ্চিত মৃত্যুলৈ ঠেলি দিবলৈ তিলমানো কুণ্ঠবোধ নকৰিলে। ঘটনাটো সংঘটিত হৈছে উজবেকিস্তানৰ এখন চিৰিয়াখানাত । আনদিনাৰ দৰে সেইদিনাও চিৰিয়াখানাত অগণন মানুহৰ ভিৰ আছিল। হঠাৎ এগৰাকী মাতৃয়ে সকলোকে আচৰিত কৰি তেওঁৰ তিনি বছৰীয়া শিশুটিক ভালুকৰ পিঞ্জৰাটোলৈ দলিয়াই পঠিয়াই। ঘটনাটো হঠাৎ সংঘটিত হোৱাৰ পাছত তাত থকা সকলো মানুহে মুহুৰ্তৰ বাবে নিস্তব্ধ হৈ পৰিছিল, তাৰ পাছতে সকলো লোকে শিশুটোক উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, ঘটনাটো তাচখন্দ চিৰিয়াখানাত সংঘটিত হৈছিল। ভাইৰেল ভিডিঅ'টোত দেখা গৈছে যে প্ৰথমে মাতৃগৰাকীয়ে নিজৰ ছোৱালীজনীক ভালুকৰ বেষ্টনীৰ বাহিৰৰ ওখ ৰেলিঙত তুলি লৈছিল। তাৰ পিছত তাইক ১৬ ফুট গভীৰ ভালুকৰ পিঞ্জৰালৈ নিক্ষেপ কৰিছিল। মাতৃগৰাকীৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে। মাতৃৰ এই আচৰণে এতিয়া নেটিজেনসকলক ক্ষোভিত কৰি তুলিছে, লগতে ভালুকটোৰ আচৰণে এতিয়া মনোযোগ আকৰ্ষণ কৰিছে সকলোৰে। যেতিয়া শিশুটোক পিঞ্জৰালৈ নিক্ষেপ কৰিছিল, ভালুকটোও প্ৰথমে হতবাক হৈছিল। তাৰ পিছত সি শিশুটোৰ ওচৰলৈ লাহে-লাহে আহে আৰু তাক শুঙে। অৱশ্যে, ভালুকটোৱে কোনো ক্ষতি নকৰাকৈ তাৰ পৰা আঁতৰি যায়। ফলস্বৰূপে, ছোৱালীজনীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা সম্ভৱ হৈছিল। ঘটনাটোৰ পিছত, আৰক্ষীয়ে হত্যা কৰিবলৈ চেষ্টা কৰা মাতৃগৰাকীক গ্ৰেপ্তাৰ কৰে। অৱশ্যে, তেওঁৰ নাম সংবাদ মাধ্যমত প্ৰকাশ কৰা হোৱা নাই। সূত্ৰ অনুসৰি, অভিযুক্তৰ বিৰুদ্ধে যি ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে সেইবোৰ আদালতত হত্য প্ৰমাণিত হ'লে সৰ্বাধিক ১৫ বছৰৰ বাবে কাৰাবাস হ'ব পাৰে। আনহাতে, শিশুটোক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰু বৰ্তমান শিশুটো চিকিৎসাধীন হৈ আছে। চিৰিয়াখানাৰ এজন মুখপাত্ৰই কৈছিল যে, যুৱতীগৰাকীয়ে কিয় ইমান বৰ্বৰ আচৰণ কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে তেওঁৰ সৈতে কথা পাতি সকলো বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে। অৱশ্যে, এই ভয়ংকৰ ঘটনাৰ পাছতো, যেতিয়া শিশুটোক উদ্ধাৰ কৰা হৈছিল, তেওঁ জ্ঞান হেৰুৱাইছিল। চিকিৎসকে কৈছে যে, তেওঁৰ শৰীৰত কোনো আভ্যন্তৰীণ আঘাত নাই। গতিকে চিৰিয়াখানা কৰ্তৃপক্ষই আশা কৰে যে শিশুটি সোনকালে আৰোগ্য হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু