--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী নিষ্ঠুৰ মাতৃ, যিয়ে নিজৰ সন্তানক নিশ্চিত মৃত্যুলৈ ঠেলি দিবলৈ তিলমানো কুণ্ঠবোধ নকৰিলে। ঘটনাটো সংঘটিত হৈছে উজবেকিস্তানৰ এখন চিৰিয়াখানাত । আনদিনাৰ দৰে সেইদিনাও চিৰিয়াখানাত অগণন মানুহৰ ভিৰ আছিল। হঠাৎ এগৰাকী মাতৃয়ে সকলোকে আচৰিত কৰি তেওঁৰ তিনি বছৰীয়া শিশুটিক ভালুকৰ পিঞ্জৰাটোলৈ দলিয়াই পঠিয়াই। ঘটনাটো হঠাৎ সংঘটিত হোৱাৰ পাছত তাত থকা সকলো মানুহে মুহুৰ্তৰ বাবে নিস্তব্ধ হৈ পৰিছিল, তাৰ পাছতে সকলো লোকে শিশুটোক উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি, ঘটনাটো তাচখন্দ চিৰিয়াখানাত সংঘটিত হৈছিল। ভাইৰেল ভিডিঅ'টোত দেখা গৈছে যে প্ৰথমে মাতৃগৰাকীয়ে নিজৰ ছোৱালীজনীক ভালুকৰ বেষ্টনীৰ বাহিৰৰ ওখ ৰেলিঙত তুলি লৈছিল। তাৰ পিছত তাইক ১৬ ফুট গভীৰ ভালুকৰ পিঞ্জৰালৈ নিক্ষেপ কৰিছিল। মাতৃগৰাকীৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে। মাতৃৰ এই আচৰণে এতিয়া নেটিজেনসকলক ক্ষোভিত কৰি তুলিছে, লগতে ভালুকটোৰ আচৰণে এতিয়া মনোযোগ আকৰ্ষণ কৰিছে সকলোৰে। যেতিয়া শিশুটোক পিঞ্জৰালৈ নিক্ষেপ কৰিছিল, ভালুকটোও প্ৰথমে হতবাক হৈছিল। তাৰ পিছত সি শিশুটোৰ ওচৰলৈ লাহে-লাহে আহে আৰু তাক শুঙে। অৱশ্যে, ভালুকটোৱে কোনো ক্ষতি নকৰাকৈ তাৰ পৰা আঁতৰি যায়। ফলস্বৰূপে, ছোৱালীজনীক জীৱিত অৱস্থাত উদ্ধাৰ কৰা সম্ভৱ হৈছিল। ঘটনাটোৰ পিছত, আৰক্ষীয়ে হত্যা কৰিবলৈ চেষ্টা কৰা মাতৃগৰাকীক গ্ৰেপ্তাৰ কৰে। অৱশ্যে, তেওঁৰ নাম সংবাদ মাধ্যমত প্ৰকাশ কৰা হোৱা নাই। সূত্ৰ অনুসৰি, অভিযুক্তৰ বিৰুদ্ধে যি ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে সেইবোৰ আদালতত হত্য প্ৰমাণিত হ'লে সৰ্বাধিক ১৫ বছৰৰ বাবে কাৰাবাস হ'ব পাৰে। আনহাতে, শিশুটোক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল আৰু বৰ্তমান শিশুটো চিকিৎসাধীন হৈ আছে। চিৰিয়াখানাৰ এজন মুখপাত্ৰই কৈছিল যে, যুৱতীগৰাকীয়ে কিয় ইমান বৰ্বৰ আচৰণ কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে তেওঁৰ সৈতে কথা পাতি সকলো বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে। অৱশ্যে, এই ভয়ংকৰ ঘটনাৰ পাছতো, যেতিয়া শিশুটোক উদ্ধাৰ কৰা হৈছিল, তেওঁ জ্ঞান হেৰুৱাইছিল। চিকিৎসকে কৈছে যে, তেওঁৰ শৰীৰত কোনো আভ্যন্তৰীণ আঘাত নাই। গতিকে চিৰিয়াখানা কৰ্তৃপক্ষই আশা কৰে যে শিশুটি সোনকালে আৰোগ্য হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু