--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটি সংবাদ প্ৰতিষ্ঠানে ভাৰত চৰকাৰে ইজৰাইল চৰকাৰৰ সৈতে চুক্তি কৰি পেগাছাচ স্পাইৱেৰ ক্ৰয় কৰাৰ তথ্য ৰাজহুৱা কৰাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ৷ একেসময়তে ব্যক্তি গোপনীয়তা ভংগ কৰি দেশৰ সাংবাদিক, ৰাজনৈতিক নেতা, বুদ্ধিজীৱীৰ ব্যক্তিগত ফোন টেপ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ সমালোচিত হৈছিল সৰ্বত্ৰ৷ পেগাছাচ কাণ্ডৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এই বিষয়ত কোনো তথ্য উপলব্ধ নাই বুলি কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কালি সংসদত সদৰি কৰে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, পেগাছাচ সম্পৰ্কীয় যিটো বিষয়ৰ কথা উল্লেখ কৰা হৈছে, সেইটো উচ্চতম ন্যায়ালয়ে গঠন কৰা এখন সমিতিৰ দ্বাৰা তদন্তাধীন। এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰত কোনো তথ্য উপলব্ধ নহয়৷ তেওঁ ‘নিউয়ৰ্ক টাইমছ’ৰ শেহতীয়া প্ৰতিবেদনৰ ওপৰত আধাৰিত প্ৰশ্নৰ উত্তৰ দিছিল য’ত দাবী কৰা হৈছিল যে ভাৰতে ২০১৭ চনত ইজৰাইলৰ সৈতে ২ বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰতিৰক্ষা চুক্তিৰ অংশ হিচাপে পেগাছাচ স্পাইৱেৰ ক্ৰয় কৰিছিল। সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে পেগাছাচ আৰু এটা মিছাইল প্ৰণালী দুয়োখন দেশৰ মাজত প্ৰায় ২ বিলিয়ন আমেৰিকান ডলাৰৰ অত্যাধুনিক অস্ত্ৰ আৰু চোৰাংচোৱা সঁজুলিৰ কেন্দ্ৰবিন্দু আছিল। ২০১৭ চনত প্ৰধানমন্ত্ৰীৰ ইজৰাইল ভ্ৰমণৰ সন্দৰ্ভত বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ বিৱৰণ ৰাজহুৱাভাৱে উপলব্ধ, বাগচীয়ে কয়। উল্লেখযোগ্য যে, এটা আন্তৰ্জাতিক অনুসন্ধানকাৰী সংস্থাই যোৱা বছৰ দাবী কৰিছিল যে ভাৰতৰ কেইবাগৰাকীও ৰাজনীতিবিদ, কৰ্মী, ব্যৱসায়ী আৰু সাংবাদিকক ইজৰাইলী প্ৰতিষ্ঠান এনএছঅ’ গ্ৰুপ টেকন’লজিছৰ ফোন হেকিং ছফ্টৱেৰ পেগাছাচে সম্ভাৱ্যভাৱে লক্ষ্য কৰি লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু