--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটি সংবাদ প্ৰতিষ্ঠানে ভাৰত চৰকাৰে ইজৰাইল চৰকাৰৰ সৈতে চুক্তি কৰি পেগাছাচ স্পাইৱেৰ ক্ৰয় কৰাৰ তথ্য ৰাজহুৱা কৰাৰ পাছতেই দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ৷ একেসময়তে ব্যক্তি গোপনীয়তা ভংগ কৰি দেশৰ সাংবাদিক, ৰাজনৈতিক নেতা, বুদ্ধিজীৱীৰ ব্যক্তিগত ফোন টেপ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ সমালোচিত হৈছিল সৰ্বত্ৰ৷ পেগাছাচ কাণ্ডৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে এই বিষয়ত কোনো তথ্য উপলব্ধ নাই বুলি কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কালি সংসদত সদৰি কৰে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয়, পেগাছাচ সম্পৰ্কীয় যিটো বিষয়ৰ কথা উল্লেখ কৰা হৈছে, সেইটো উচ্চতম ন্যায়ালয়ে গঠন কৰা এখন সমিতিৰ দ্বাৰা তদন্তাধীন। এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰত কোনো তথ্য উপলব্ধ নহয়৷ তেওঁ ‘নিউয়ৰ্ক টাইমছ’ৰ শেহতীয়া প্ৰতিবেদনৰ ওপৰত আধাৰিত প্ৰশ্নৰ উত্তৰ দিছিল য’ত দাবী কৰা হৈছিল যে ভাৰতে ২০১৭ চনত ইজৰাইলৰ সৈতে ২ বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰতিৰক্ষা চুক্তিৰ অংশ হিচাপে পেগাছাচ স্পাইৱেৰ ক্ৰয় কৰিছিল। সংবাদ মাধ্যমৰ প্ৰতিবেদনত কোৱা হৈছে যে পেগাছাচ আৰু এটা মিছাইল প্ৰণালী দুয়োখন দেশৰ মাজত প্ৰায় ২ বিলিয়ন আমেৰিকান ডলাৰৰ অত্যাধুনিক অস্ত্ৰ আৰু চোৰাংচোৱা সঁজুলিৰ কেন্দ্ৰবিন্দু আছিল। ২০১৭ চনত প্ৰধানমন্ত্ৰীৰ ইজৰাইল ভ্ৰমণৰ সন্দৰ্ভত বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল, যাৰ বিৱৰণ ৰাজহুৱাভাৱে উপলব্ধ, বাগচীয়ে কয়। উল্লেখযোগ্য যে, এটা আন্তৰ্জাতিক অনুসন্ধানকাৰী সংস্থাই যোৱা বছৰ দাবী কৰিছিল যে ভাৰতৰ কেইবাগৰাকীও ৰাজনীতিবিদ, কৰ্মী, ব্যৱসায়ী আৰু সাংবাদিকক ইজৰাইলী প্ৰতিষ্ঠান এনএছঅ’ গ্ৰুপ টেকন’লজিছৰ ফোন হেকিং ছফ্টৱেৰ পেগাছাচে সম্ভাৱ্যভাৱে লক্ষ্য কৰি লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু