--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত পুৰুষৰ সমানে সমানে কাম কৰিবলৈ আগুৱাই আহিছে মহিলা। ভাৰতীয় মহিলাসকলে লাহে লাহে বৰ্তমান প্ৰতিটো বৃত্তিতে যোগদান কৰিছে। আমাৰ সমাজত এনেকুৱা বহু মহিলা আছে যিয়ে ই-ৰিক্সা, অটো ৰিক্সা, ট্ৰাক আদি চলায়। এগৰাকী মহিলা অটো চালকৰ এক আদৰ্শৰ কাহিনী পোহৰলৈ আহিছে। মহিলা অটো ৰিক্সা চালকগৰাকী তামিলনাডু চেন্নাইৰ বাসিন্দা। তেওঁৰ নাম ৰাজী অশোক। চেন্নাইত বাস কৰা মহিলা, বৃদ্ধ পুৰুষ আৰু অত্যাৱশ্যকীয় কামৰ বাবে নিশা ভ্ৰমণ কৰিব লগীয়া মানুহক ৰাজী অশোকে যথেষ্ট সহায় কৰে। ৰাজী অশোকে প্ৰায় ২৩ বছৰ ধৰি অটো ৰিক্সা চলোৱা বৃত্তিত জড়িত হৈ আছে। ৰাজীয়ে নিশা ১০ বজাৰ পাছত মহিলা,যুৱতী, বৃদ্ধক বিনামূলীয়া যাত্ৰাসেৱা আগবঢ়ায়। জৰুৰী কালীন অৱস্থাত তেওঁ যাত্ৰীসকলক চিকিৎসালয়লৈ লৈ যাবলৈও সাজু। কাৰোবাৰ এটা ফোনকলতে সহায় কৰিবলৈ আগবাঢ়ি আহে ৰাজী। মহিলা যাত্ৰীসকলৰ সুৰক্ষাৰ কথা মনত ৰাখি তেওঁ ২৩ বছৰ আগতে অটো ৰিক্সা চলাবলৈ আৰম্ভ কৰিছিল। যোৱা ২৩ বছৰ ধৰি চেন্নাইত অটোৰিক্সা চলাই থকা ৰাজীয়ে স্নাতক ডিগ্ৰীও লাভ কৰিছে। তেওঁ মূলতঃ কেৰালাৰ কিন্তু পাছত স্বামীৰ সৈতে চেন্নাইলৈ স্থানান্তৰিত হৈছিল। ডিগ্ৰী লৈ চৰকাৰী চাকৰি পাবলৈ অক্ষম হোৱাৰ পাছত ৰাজীয়ে পৰিয়ালৰ ভৰণপোষণৰ বাবে এখন অটো চলাবলৈ সিদ্ধান্ত লয়। ৫০ বছৰীয়া ৰাজীয়ে আগ্ৰহী মহিলাসকলক বিনামূলীয়াকৈ অটো-ড্ৰাইভিঙৰ প্ৰশিক্ষণ দিয়ে। ৰাজীয়ে কয় যে অটোৰিক্সাৰ জৰিয়তে তেওঁ প্ৰতি মাহে প্ৰায় ১৫ ৰ পৰা ২০ হাজাৰ টকা উপাৰ্জন কৰে। আৰু পঢ়কঃ কেনে যাব আপোনাৰ দিনটো…১৩ মাৰ্চৰ ৰাশিফল চাওঁ আহক BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন