--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা ভগা জুপুৰিতে তেওঁ সপোন দেখিছিল৷ অধ্যৱসায়, একাগ্ৰতা আৰু সাধনাৰ জৰিয়তে তেওঁ উপনীত হৈছে ইপ্সিত লক্ষ্যত৷ উৰুখা চালেৰে আকাশ দেখা সেই ঘৰটোৰ স্থানতেই এতিয়া তেওঁ সাজিছে প্ৰাসাদোপম অট্টালিকা৷ নিজৰ জীৱনক লৈ সম্পৰীক্ষা কৰি সফলতাৰ সোপান বগোৱা এই ব্যক্তিগৰাকী নগালেণ্ডৰ৷ 

তেওঁ হ’ল নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ বিশেষ কৰ্তব্যৰত বিষয়া নেলায়াপ্পন বি৷ নেলায়াপ্পন বিয়ে শেহতীয়াকৈ তেওঁৰ জীৱনকাহিনী ‘এক্স’ত শ্বেয়াৰ কৰিছে আৰু তেওঁৰ এই প্ৰেৰণাৰ কাহিনী দেশজুৰি চৰ্চিত হৈছে৷

এক্সত বিষয়াগৰাকীয়ে শ্বেয়াৰ কৰিছিল যে কেনেদৰে তেওঁ এসময়ত ৭জন লোকৰ সৈতে এটা কোঠালিৰ ঘৰত বাস কৰিছিল আৰু শিক্ষা, সংকল্প আৰু কঠোৰ পৰিশ্ৰমে তেওঁক জীৱনত সফলতা অৰ্জন কৰাত কেনেদৰে সহায় কৰিছিল। 

তেওঁ লিখিছে, মই ৩০ বছৰ বয়সলৈকে মোৰ পিতৃ-মাতৃ আৰু চাৰিগৰাকী ভাই-ভনীৰ সৈতে এই কোঠাটোতে কোঠাটোত বাস কৰিছিলোঁ৷ শিক্ষা, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজিৰ স্থিতিত উপনীত হোৱাৰ বাবে ধন্য৷

তেওঁৰ কাহিনীয়ে সামাজিক মাধ্যমত নেটিজেনক অনুপ্ৰাণিত কৰিছে৷ এজন এক্স ব্যৱহাৰকাৰীয়ে লিখিছে- অভিনন্দন। হয়। শিক্ষা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম হৈছে মূল চালিকাশক্তি৷ আপোনাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক অভিবাদন, মহাশয়৷ 

আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল, কোনো সম্পদৰ অভাৱত শিক্ষা হৈছে স্বাধীনতাৰ প্ৰকৃত উপায়। আপুনি মহান ছাৰ। সাধাৰণতে সফল লোকসকলে তেওঁলোকৰ অতীত লুকুৱাই ৰাখে কিন্তু আপোনাৰ পিতৃ-মাতৃৰ ঘৰৰ ছবি শ্বেয়াৰ কৰাটো আপোনাৰ নম্ৰতা। এইটো সঁচাকৈয়ে সকলোৰে বাবে এটা ডাঙৰ শিক্ষা যে অতীতক কেতিয়াও পাহৰিব নালাগে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক