--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটা ভগা জুপুৰিতে তেওঁ সপোন দেখিছিল৷ অধ্যৱসায়, একাগ্ৰতা আৰু সাধনাৰ জৰিয়তে তেওঁ উপনীত হৈছে ইপ্সিত লক্ষ্যত৷ উৰুখা চালেৰে আকাশ দেখা সেই ঘৰটোৰ স্থানতেই এতিয়া তেওঁ সাজিছে প্ৰাসাদোপম অট্টালিকা৷ নিজৰ জীৱনক লৈ সম্পৰীক্ষা কৰি সফলতাৰ সোপান বগোৱা এই ব্যক্তিগৰাকী নগালেণ্ডৰ৷ 

তেওঁ হ’ল নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ বিশেষ কৰ্তব্যৰত বিষয়া নেলায়াপ্পন বি৷ নেলায়াপ্পন বিয়ে শেহতীয়াকৈ তেওঁৰ জীৱনকাহিনী ‘এক্স’ত শ্বেয়াৰ কৰিছে আৰু তেওঁৰ এই প্ৰেৰণাৰ কাহিনী দেশজুৰি চৰ্চিত হৈছে৷

এক্সত বিষয়াগৰাকীয়ে শ্বেয়াৰ কৰিছিল যে কেনেদৰে তেওঁ এসময়ত ৭জন লোকৰ সৈতে এটা কোঠালিৰ ঘৰত বাস কৰিছিল আৰু শিক্ষা, সংকল্প আৰু কঠোৰ পৰিশ্ৰমে তেওঁক জীৱনত সফলতা অৰ্জন কৰাত কেনেদৰে সহায় কৰিছিল। 

তেওঁ লিখিছে, মই ৩০ বছৰ বয়সলৈকে মোৰ পিতৃ-মাতৃ আৰু চাৰিগৰাকী ভাই-ভনীৰ সৈতে এই কোঠাটোতে কোঠাটোত বাস কৰিছিলোঁ৷ শিক্ষা, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আজিৰ স্থিতিত উপনীত হোৱাৰ বাবে ধন্য৷

তেওঁৰ কাহিনীয়ে সামাজিক মাধ্যমত নেটিজেনক অনুপ্ৰাণিত কৰিছে৷ এজন এক্স ব্যৱহাৰকাৰীয়ে লিখিছে- অভিনন্দন। হয়। শিক্ষা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম হৈছে মূল চালিকাশক্তি৷ আপোনাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমক অভিবাদন, মহাশয়৷ 

আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছিল, কোনো সম্পদৰ অভাৱত শিক্ষা হৈছে স্বাধীনতাৰ প্ৰকৃত উপায়। আপুনি মহান ছাৰ। সাধাৰণতে সফল লোকসকলে তেওঁলোকৰ অতীত লুকুৱাই ৰাখে কিন্তু আপোনাৰ পিতৃ-মাতৃৰ ঘৰৰ ছবি শ্বেয়াৰ কৰাটো আপোনাৰ নম্ৰতা। এইটো সঁচাকৈয়ে সকলোৰে বাবে এটা ডাঙৰ শিক্ষা যে অতীতক কেতিয়াও পাহৰিব নালাগে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত