--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে তেওঁৰ পচন্দৰ ব্যক্তি এগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব পাৰে অথবা একেলগে বসবাস কৰিবও পাৰে৷ এইক্ষেত্ৰত তেওঁলোক মুক্ত আৰু তেওঁলোকৰ পিতৃ-মাতৃ বা তেওঁলোকৰ অংশীদাৰ বাচনি কৰাৰ স্বাধীনতাৰ অধিকাৰত হস্তক্ষেপ কৰিব নোৱাৰে৷ শনিবাৰে এই ৰায় প্ৰদান কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷

ন্যায়ালয়ে কয় যে এই স্বাধীনতা সংবিধানৰ দ্বাৰা নিশ্চিত জীৱনৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা উদ্ভৱ হোৱা।
লিভ-ইন সম্পৰ্কত আন্তঃধৰ্মীয় দম্পতীৰ দ্বাৰা দাখিল কৰা এখন আৱেদনৰ নিষ্পত্তি কৰি ন্যায়াধীশ সুৰেন্দ্ৰ সিঙে শেহতীয়া ৰায়ত নিৰ্দেশ দিছিল যে যদি আৱেদনকাৰীসকলৰ শান্তিপূৰ্ণ জীৱনযাপনত কোনো অশান্তি হয়, তেওঁলোকে সুৰক্ষাৰ বাবে আদেশৰ এটা প্ৰতিলিপিৰ সৈতে সংশ্লিষ্ট আৰক্ষী অধীক্ষকৰ কাষ চাপিব পাৰিব। 

তেওঁলোকৰ আবেদনত মুছলমান মহিলাগৰাকী আৰু তেওঁৰ হিন্দু লিভ-ইন সংগীয়ে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ শান্তিপূৰ্ণ জীৱন-যাপনত হস্তক্ষেপ নকৰিবলৈ নিৰ্দেশ দিবলৈ বিচাৰিছিল। তেওঁলোকে সুৰক্ষাৰ বাবে আৰক্ষীক নিৰ্দেশনা বিচাৰিছিল।

আৱেদনকাৰীৰ পৰামৰ্শদাতাই দাখিল কৰিছিল যে দুয়োজন প্ৰাপ্তবয়স্ক আৰু তেওঁলোকৰ নিজৰ ইচ্ছাৰ লিভ-ইন সম্পৰ্কত আছে। লগতে দাখিল কৰা হৈছিল যে মহিলাগৰাকীৰ মাতৃ আৰু পৰিয়াল লিভ-ইন সম্পৰ্কৰ প্ৰতি বিমুখ। মহিলাগৰাকীৰ মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলে আবেদনকাৰীসকলৰ শান্তিপূৰ্ণ জীৱনত হাৰাশাস্তি আৰু বিচলিত কৰি আছে বুলি অভিযোগ কৰা হৈছে। তেওঁ আৱেদনকাৰীসকলক ভয়ংকৰ পৰিণতিৰ ভাবুকি দিছে, আবেদনখনত দাবী কৰা হৈছে।
মহিলাগৰাকীয়ে ৪ আগষ্টত গৌতম বুদ্ধ নগৰ আয়ুক্তালয়ৰ পৰা সুৰক্ষা বিচাৰিছিল কিন্তু ইয়াৰ কোনো ফলপ্ৰসূ সমাধান হোৱা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব