--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে তেওঁৰ পচন্দৰ ব্যক্তি এগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব পাৰে অথবা একেলগে বসবাস কৰিবও পাৰে৷ এইক্ষেত্ৰত তেওঁলোক মুক্ত আৰু তেওঁলোকৰ পিতৃ-মাতৃ বা তেওঁলোকৰ অংশীদাৰ বাচনি কৰাৰ স্বাধীনতাৰ অধিকাৰত হস্তক্ষেপ কৰিব নোৱাৰে৷ শনিবাৰে এই ৰায় প্ৰদান কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷

ন্যায়ালয়ে কয় যে এই স্বাধীনতা সংবিধানৰ দ্বাৰা নিশ্চিত জীৱনৰ অধিকাৰ আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা উদ্ভৱ হোৱা।
লিভ-ইন সম্পৰ্কত আন্তঃধৰ্মীয় দম্পতীৰ দ্বাৰা দাখিল কৰা এখন আৱেদনৰ নিষ্পত্তি কৰি ন্যায়াধীশ সুৰেন্দ্ৰ সিঙে শেহতীয়া ৰায়ত নিৰ্দেশ দিছিল যে যদি আৱেদনকাৰীসকলৰ শান্তিপূৰ্ণ জীৱনযাপনত কোনো অশান্তি হয়, তেওঁলোকে সুৰক্ষাৰ বাবে আদেশৰ এটা প্ৰতিলিপিৰ সৈতে সংশ্লিষ্ট আৰক্ষী অধীক্ষকৰ কাষ চাপিব পাৰিব। 

তেওঁলোকৰ আবেদনত মুছলমান মহিলাগৰাকী আৰু তেওঁৰ হিন্দু লিভ-ইন সংগীয়ে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক তেওঁলোকৰ শান্তিপূৰ্ণ জীৱন-যাপনত হস্তক্ষেপ নকৰিবলৈ নিৰ্দেশ দিবলৈ বিচাৰিছিল। তেওঁলোকে সুৰক্ষাৰ বাবে আৰক্ষীক নিৰ্দেশনা বিচাৰিছিল।

আৱেদনকাৰীৰ পৰামৰ্শদাতাই দাখিল কৰিছিল যে দুয়োজন প্ৰাপ্তবয়স্ক আৰু তেওঁলোকৰ নিজৰ ইচ্ছাৰ লিভ-ইন সম্পৰ্কত আছে। লগতে দাখিল কৰা হৈছিল যে মহিলাগৰাকীৰ মাতৃ আৰু পৰিয়াল লিভ-ইন সম্পৰ্কৰ প্ৰতি বিমুখ। মহিলাগৰাকীৰ মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলে আবেদনকাৰীসকলৰ শান্তিপূৰ্ণ জীৱনত হাৰাশাস্তি আৰু বিচলিত কৰি আছে বুলি অভিযোগ কৰা হৈছে। তেওঁ আৱেদনকাৰীসকলক ভয়ংকৰ পৰিণতিৰ ভাবুকি দিছে, আবেদনখনত দাবী কৰা হৈছে।
মহিলাগৰাকীয়ে ৪ আগষ্টত গৌতম বুদ্ধ নগৰ আয়ুক্তালয়ৰ পৰা সুৰক্ষা বিচাৰিছিল কিন্তু ইয়াৰ কোনো ফলপ্ৰসূ সমাধান হোৱা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক