--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাম সলনি কৰি প্ৰতাৰণা কৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা আৰক্ষীয়ে। আয়ুৰ্বেদিক চিকিৎসা আৰু তন্ত্ৰ মন্ত্ৰৰ নামত যুৱকজনে মানুহক ঠগি খাইছিল। তেওঁ মানুহক সহায় কৰাৰ অজুহাতত গহনা আৰু টকা লৈ পলাইছিল। যুৱকজনৰ নাম ইমৰান খান। তেওঁ কমলেশ শাস্ত্ৰী নাম লৈ ৰাইজক প্ৰতাৰণা কৰিছিল।

তেওঁৰ এখন আয়ুৰ্বেদ চিকিৎসাৰ দোকান আছে। তাত তন্ত্ৰ-মন্ত্ৰৰ জৰিয়তে জনসাধাৰণৰ প্ৰতিটো ইচ্ছা পূৰণ কৰা বুলি দাবী কৰা হৈছিল। দুজন ভুক্তভোগীৰ পৰা আৰক্ষীয়ে কমলেশ শাস্ত্ৰীয়ে প্ৰতাৰণা কৰাৰ অভিযোগ লাভ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত কমলেশক গ্ৰেপ্তাৰ কৰি জেৰা কৰে।

আৰক্ষীৰ মতে, বিষু নগৰৰ নিবাসী নম্ৰতা চাহু আৰু কোলাধনা বাসিন্দা হৰিয়ম ভয়ৰৰ এজাহাৰৰ ভিত্তিত আয়ুৰ্বেদৰ দোকানীজনক গ্ৰেপ্তাৰ কৰা হয়। জেৰাৰ সময়ত তেওঁ কয় যে তেওঁৰ নাম ইমৰান খান আৰু তেওঁ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বাসিন্দা। তেওঁ বিষু নগৰত এখন ভুৱা ঔষধৰ দোকান খুলিছিল। ইয়াত তেওঁ চিকিৎসাৰ নামত মানুহক ঠগিছিল।

তেওঁ কমলেশ শাস্ত্ৰী নামেৰে চিণ্ডৱাৰাত বাস কৰিছিল। তন্ত্ৰ-মন্ত্ৰৰ জৰিয়তে জনসাধাৰণৰ প্ৰতিটো ইচ্ছা পূৰণ কৰা বুলি দাবী কৰিছিল আৰু গহনা লুটি প্ৰতাৰণা কৰিছিল। ইমৰান খানৰ বিৰুদ্ধে নম্ৰতা আৰু হৰিয়মৰ এজাহাৰত ৪১৯, ৪২০,৪২১ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

এই গোচৰত ছিণ্ডৱাৰাৰ চি এছ পি অমন মিশ্ৰই কয় যে, "বুধবাৰে প্ৰতাৰণা কৰাৰ এজাহাৰ পোৱা যায়। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰা কৰে। অভিযুক্তই কমলেশ শাস্ত্ৰীৰ নামত আয়ুৰ্বেদ চিকিৎসা কেন্দ্ৰ চলাই থকা বুলি কয়।" তেওঁ মানুহক প্ৰলোভিত কৰি সোণৰ অলংকাৰ, টকা আদি লুটিছিল।" উল্লেখ্য যে আৰক্ষীয়ে অভিযুক্তৰ পৰা কিছু অলংকাৰো উদ্ধাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক