--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাম সলনি কৰি প্ৰতাৰণা কৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰা আৰক্ষীয়ে। আয়ুৰ্বেদিক চিকিৎসা আৰু তন্ত্ৰ মন্ত্ৰৰ নামত যুৱকজনে মানুহক ঠগি খাইছিল। তেওঁ মানুহক সহায় কৰাৰ অজুহাতত গহনা আৰু টকা লৈ পলাইছিল। যুৱকজনৰ নাম ইমৰান খান। তেওঁ কমলেশ শাস্ত্ৰী নাম লৈ ৰাইজক প্ৰতাৰণা কৰিছিল।

তেওঁৰ এখন আয়ুৰ্বেদ চিকিৎসাৰ দোকান আছে। তাত তন্ত্ৰ-মন্ত্ৰৰ জৰিয়তে জনসাধাৰণৰ প্ৰতিটো ইচ্ছা পূৰণ কৰা বুলি দাবী কৰা হৈছিল। দুজন ভুক্তভোগীৰ পৰা আৰক্ষীয়ে কমলেশ শাস্ত্ৰীয়ে প্ৰতাৰণা কৰাৰ অভিযোগ লাভ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত কমলেশক গ্ৰেপ্তাৰ কৰি জেৰা কৰে।

আৰক্ষীৰ মতে, বিষু নগৰৰ নিবাসী নম্ৰতা চাহু আৰু কোলাধনা বাসিন্দা হৰিয়ম ভয়ৰৰ এজাহাৰৰ ভিত্তিত আয়ুৰ্বেদৰ দোকানীজনক গ্ৰেপ্তাৰ কৰা হয়। জেৰাৰ সময়ত তেওঁ কয় যে তেওঁৰ নাম ইমৰান খান আৰু তেওঁ উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বাসিন্দা। তেওঁ বিষু নগৰত এখন ভুৱা ঔষধৰ দোকান খুলিছিল। ইয়াত তেওঁ চিকিৎসাৰ নামত মানুহক ঠগিছিল।

তেওঁ কমলেশ শাস্ত্ৰী নামেৰে চিণ্ডৱাৰাত বাস কৰিছিল। তন্ত্ৰ-মন্ত্ৰৰ জৰিয়তে জনসাধাৰণৰ প্ৰতিটো ইচ্ছা পূৰণ কৰা বুলি দাবী কৰিছিল আৰু গহনা লুটি প্ৰতাৰণা কৰিছিল। ইমৰান খানৰ বিৰুদ্ধে নম্ৰতা আৰু হৰিয়মৰ এজাহাৰত ৪১৯, ৪২০,৪২১ ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

এই গোচৰত ছিণ্ডৱাৰাৰ চি এছ পি অমন মিশ্ৰই কয় যে, "বুধবাৰে প্ৰতাৰণা কৰাৰ এজাহাৰ পোৱা যায়। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেৰা কৰে। অভিযুক্তই কমলেশ শাস্ত্ৰীৰ নামত আয়ুৰ্বেদ চিকিৎসা কেন্দ্ৰ চলাই থকা বুলি কয়।" তেওঁ মানুহক প্ৰলোভিত কৰি সোণৰ অলংকাৰ, টকা আদি লুটিছিল।" উল্লেখ্য যে আৰক্ষীয়ে অভিযুক্তৰ পৰা কিছু অলংকাৰো উদ্ধাৰ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু