--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী "লাজকুৰীয়া" পাকিস্তানী যুৱতী৷ কোনেও ভবাই নাছিল যে সেইগৰাকী যুৱতীয়েই বাধাৰ প্ৰাচীৰ নেওচি পাকিস্তানৰ চিৰ বৈৰী দেশ ভাৰতৰ যুৱকৰ সৈতে বিয়া হ’বলৈ ভাৰতলৈ গুচি আহিব৷  পাকিস্তানী যুৱতীগৰাকীয়ে ভাৰতত থকা প্ৰেমিকক লগ পাবলৈ  গহনা বিক্ৰী কৰিছিল আৰু বন্ধুবৰ্গৰ পৰা ডুবাইলৈ বিমানৰ টিকট কিনিবলৈ টকা ধাৰলৈ লৈছিল ৷  

তাৰ তেওঁ ডুবাই হৈ  কাঠমাণ্ডু আৰ শেষত ভাৰতত উপস্থিত হয়৷ পাকিল্তানী যুৱতীগৰাকীয়ে ভাৰতৰ  মুলায়ম সিং যাদৱ নামৰ এজন হিন্দু যুৱকৰ প্ৰেমত পৰিছিল আৰু যুৱকজনক লগ ধৰিবলৈয়েই তেওঁ ভাৰতলৈ আহিছিল৷পাকিস্তানৰ যুৱতীগৰাকী পিছে ভাৰতত প্ৰৱেশ কৰাৰ পিছতে ধৰা পৰি যায়৷ তেোঁক ৱাঘা সীমান্তত পাকিস্তানী কৰ্তৃপক্ষৰ হাতত ভাৰতে  গতাই দিছে। জানিব পৰা মতে পাকিস্তানৰ যুৱতীগৰাকীয়ে মুলায়েমক তেওঁলোকে ছ’চিয়েল মিডিয়াত  লগ পাইছিল আৰু প্ৰেমত পৰিছিল আৰু পিছত বিয়া হোৱাৰ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছত তেওঁ কেইমাহমান আগতে নেপালত উপস্থিত হৈছিল আৰু নেপালতেই দুয়োৰে  বিয়া  হৈছিল।  পাকিস্তানৰ সিন্ধু প্ৰদেশৰ যুৱতীগৰাকীৰ পৰিয়ালৰ সূত্ৰই দাবী কৰিছে  যে ইক্ৰা নামৰ  যুৱতীগৰাকীক দেওবাৰে  ভাৰতীয় কৰ্তৃপক্ষই  পাকিস্তানৰ হাতত গতাই দিছে৷  

যোৱা বছৰৰ ছেপ্টেম্বৰ মাহতে মুলায়েমক লগ পাবলৈ  ইক্ৰা কলেজলৈ যোৱাৰ পিছতে নিৰুদ্দেশ হৈছিল।যুৱতীগৰাকীৰ পিতৃ  চোহেল জীৱানীয়ে কয়  যে তাইৰ জীৱনত এটা নতুন শিক্ষা হ’ল।তেওঁ কয় " আমি নাজানো তাই কেনেকৈ নিজে ভাৰতলৈ যোৱাৰ সাহস গোটাব  পাৰিছিল। তাই লাজকুৰীয়া ছোৱালী আছিল।"    ইক্ৰাই কেনেকৈ কৰাচীৰ পৰা ডুবাইলৈ তাৰ পিছত কাঠমাণ্ডুলৈ আৰু তাৰ পৰা ভাৰতলৈ যাত্ৰা কৰিবলৈ সক্ষম হৈছিল তাকে লৈও এতিয়া বহুতৰে মনত প্ৰশ্ন ৰৈ গৈছে।তেওঁৰ পিতৃয়ে কয় "  তাই  দীঘলীয়া আৰু বিপদজ্জনক  যাত্ৰা  কৰিছিল৷ 

 তাই এজন ভাৰতীয় ব্যক্তিৰ প্ৰেমত পৰিছিল,  যাক তাই এজন মুছলমান ছফ্টৱেৰ অভিযন্তা সমীৰ আনছাৰী বুলি ভাবিছিল," । বাস্তৱত আনছাৰী আছিল ২৬ বছৰীয়া মুলায়ম সিং যাদৱ৷ তেওঁ  বাংগালুৰুত ছিকিউৰিটি  গাৰ্ডৰ কাম কৰে৷  

যাক ইক্ৰাই অনলাইন লুডো গেম খেলি থাকোতে লগ পাইছিল। সমীৰ আনছাৰী বুলি ভবা ইক্ৰাই মুলায়েমক লগ পাবলৈ তেওঁৰ  গহনা বিক্ৰী কৰিছিল আৰু কলেজৰ বন্ধুবৰ্গৰ পৰা ডুবাইলৈ বিমানৰ টিকট কিনিবলৈ টকা ধাৰলৈ  লৈছিলযুৱতীগৰাকীৰ  খুৰাক আফজল জীৱানীয়ে কয়  যে ইক্ৰা ডুবাই লৈ গৈছিল আৰু তাৰ পিছত কাঠমাণ্ডুলৈ গৈছিল ৷ কিয়নো তাই ভাৰতৰ বাবে ভিছা লাভ কৰিব পৰা নাছিল৷  দক্ষিণ সিন্ধু প্ৰদেশৰ হায়দৰাবাদ চহৰৰ শ্বাহি বজাৰত ব্যৱসায় থকা জীৱানী পৰিয়ালে কয়  যে ইক্ৰাই বাংগালুৰুত উপস্থিত হোৱাৰ পিছত আৰু যাদৱক লগ পোৱাৰ পিছত তাইৰ ভুল অনুভৱ কৰিছিল৷

 তেতিয়া তেওঁ   মাকক হোৱাটছএপত ফোন কৰি সকলো কথা  অৱগত কৰিছিল৷ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়  যে পৰিয়ালটোৱে আৰক্ষীক এই বিষয়ে বিষয়ে অৱগত কৰিছিল আৰু তেওঁলোকে পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ৰ সৈতে  যোগাযোগ কৰিছিল ৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক