--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাগালেণ্ডত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে৷ মোদীয়ে তেওঁৰ ভাষণত  কয় যে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈছে নাগালেণ্ডৰ শান্তি, প্ৰগতি আৰু সমৃদ্ধি নিশ্চিত কৰা । ডিমাপুৰৰ নাগালেণ্ডৰ কৃষি এক্সপো চেণ্টাৰ গ্ৰাউণ্ডত প্ৰথমখন নিৰ্বাচনী জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে নাগালেণ্ডত শান্তি সুনিশ্চিত কৰিবলৈ বিভিন্ন উগ্ৰপন্থী সংগঠনৰ বৃহৎ সংখ্যক কেডাৰে আত্মসমৰ্পণ কৰি মূলসুঁতিত যোগদান কৰিছে।

মোদীয়ে কয় " নাগালেণ্ডৰ বহু ঠাইৰ পৰা ইতিমধ্যে এএফএছপিএ (সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন প্ৰত্যাহাৰ কৰা হৈছে। চৰকাৰে ৰাজ্যখনত ভৱিষ্যতে যাতে এএফএছপিএৰ প্ৰয়োজন নহয় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে," । তেওঁ লগতে কয় যে বিগত ন বছৰত ৰাজ্যখনৰ দ্ৰুত উন্নয়ন হৈছে আৰু হিংসাত্মক ঘটনা ৭৫ শতাংশ হ্ৰাস পাইছে। চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে নাগালেণ্ডৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধান কৰা হৈছে বুলি কৈ প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো লোকৰ কল্যাণৰ বাবে আন্তঃগাঁথনিৰ  উন্নয়ন সাধন কৰাই  হৈছে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ অগ্ৰাধিকাৰ। কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি মোদীয়ে কয় যে কংগ্ৰেছৰ শাসনকালত তেওঁলোকৰ পৰিয়ালকল্যাণক প্ৰথম অগ্ৰাধিকাৰ দিছিল ৷  সেয়েহে উত্তৰ-পূবৰ ৰাইজে ভোট নিদি তেওঁলোকক শাস্তি দিছিল।

মোদীয়ে কয় " যেতিয়া কংগ্ৰেছে উত্তৰ-পূব অঞ্চলটো পিছপৰা কৰি ৰাখিবলৈ চেষ্টা কৰিছিল, এন ডি এ চৰকাৰে অঞ্চলটোক 'অষ্টা লক্ষ্মী' বুলি বিবেচনা কৰি ইয়াৰ সম্পদবোৰৰ উপযুক্ত ভাৱে ব্যৱহাৰ কৰি আহিছে। কংগ্ৰেছে ধনৰ অপব্যৱহাৰ কৰিবলৈ উত্তৰ-পূবক এটিএম হিচাপে ব্যৱহাৰ কৰিছিল।" মোদীয়ে কয়, "আগতে  ৰাজনীতি উত্তৰ-পূবক বিভক্ত কৰাৰ আছিল, আমি এতিয়া ইয়াক ঐশ্বৰিক শাসনলৈ ৰূপান্তৰিত কৰিছো। বিজেপিয়ে ধৰ্ম বা অঞ্চলৰ ভিত্তিত মানুহক বঞ্চিত নকৰে।" বিগত কেইবছৰমানত নাগালেণ্ডৰ কৃষকসকললৈ পোনপটীয়াকৈ ৪০০ কোটি টকা হস্তান্তৰ  কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ শাসনকালত বিত্ত আয়োগে নাগালেণ্ডক ২,০০০ কোটি টকা প্ৰদান কৰিছিল আৰু এতিয়া ইয়াক দুগুণ কৰা হৈছে। 

নাগালেণ্ডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নেটৱৰ্ক এতিয়া দুগুণ কৰা হৈছে আৰু ৰাজ্যখনক ম্যানমাৰৰ সৈতে সংযুক্ত কৰা হৈছে বুলিও মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে৷  প্ৰধানমন্ত্ৰীয়ে কয় যে নাগালেণ্ডৰ  পথ, ৰে'ল আৰু বিমান সংযোগ বিকশিত কৰা হৈছে। 

তেওঁ কয় যে বিজেপিয়ে নাগালেণ্ডৰ প্ৰথম গৰাকী মহিলা এছ ফাংনন কন্যাকক  ৰাজ্যসভাৰ সদস্য হিচাপে বাছনি কৰিছে আৰু তেওঁ এতিয়া সংসদত নাগা সংস্কৃতি, পৰম্পৰাক প্ৰতিনিধিত্ব কৰি আছে৷ মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৫৫,০০০ গৃহ নিৰ্মাণ   কৰিছে আৰু ৩.৫০ লাখ পৰিয়ালক পাইপযোগে পানী যোগান ধৰা হৈছে। শুক্ৰবাৰৰ নিৰ্বাচনী জনসভাখন নাগালেণ্ডত ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া  বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ প্ৰথম আৰু অন্তিম ৰাজহুৱা সভা আছিল। ডিমাপুৰৰ পৰা মোদীয়ে  নিৰ্বাচনমুখী মেঘালয়লৈ যায়৷ মেঘালয়ত  তেওঁ দুখন নিৰ্বাচনী ৰেলী সম্বোধন কৰে। মেঘালয় বিধানসভা নিৰ্বাচনো ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণিত অলিম্পিয়াডত দেশৰ ভিতৰত শীৰ্ষ স্থান দখল ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ
ভাৰতৰ বাবে কঠিন প্রত্যাহ্বান! ‘এল নিনো’ৰ প্ৰভাৱত এইবাৰ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰিব দেশ
অসমবাসীৰ অপৰিসীম আস্থা, বিশ্বাস আৰু আশীৰ্বাদ শিৰত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুস্বাস্থ্য কামনা আৰু নতুন চৰকাৰৰ কুশলাৰ্থে পুৰণিগুদামৰ ঐতিহাসিক মছজিদত সমূহীয়া দোৱা
৩ দুৰ্ধৰ্ষ ডকাইত ইউচুফ আলী, চানোৱাৰ হুছেইন আৰু তাইবুৰ আলীক গ্ৰেপ্তাৰ বশিষ্ঠ আৰক্ষীৰ
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই