--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পইচাত ছপোৱা হ’ব লিঅ’নেল মেছিৰ ছৱি! ৩৬ বছৰৰ মূৰত দেশক বিশ্বকাপ বিজয়ৰ আনন্দ প্ৰদান কৰা লিঅ’নেল মেছিৰ ছৱি পইচাত ছপোৱাৰ কথা ভাবিছে আৰ্জেণ্টিনাৰ চেণ্ট্ৰেল বেংকে।

দেশখনৰ সংবাদপত্ৰ এল ফিনান্সিয়েৰোৰ এটা বাতৰিত এয়া প্ৰকাশ পাইছে। বাতৰিটোত প্ৰকাশ কৰা মতে, হাজাৰ টকীয়া নোটত মেছিৰ ছৱি ছপোৱা হ’ব। বিশ্বকাপ বিজয়ৰ ঐতিহাসিক ক্ষণটোক স্মৰণীয় কৰি ৰাখিবলৈকে এই সিদ্ধান্তৰ বিষয়ে ভবা হৈছে।

কেৱল মেছিয়ে নহয়, নোটৰ বিপৰীত পিঠিত আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিঅ’নেল স্কাল’নিক সন্মান জনাই তেওঁৰো ছৱি ছপোৱা হ’ব।

বিশ্বকাপৰ ফাইনেলৰ পূৰ্বেই এই বিষয় আলোচনা কৰা হৈছিল। প্ৰথমতে আমোদ লাভৰ বাবেই এই প্ৰস্তাৱ আগবঢ়োৱা হৈছিল। বিশেষকৈ আৰ্জেণ্টিনাৰ জনপ্ৰিয় ফুটবল ক্লাব ব’কা জুনিয়ৰছ আৰু ইনডিপেনডিয়েণ্টৰ সমৰ্থকসকলে এই প্ৰস্তাৱত সমৰ্থন জনাইছিল। তেওঁলোকে কৈছিল যে মেছিৰ ছৱি থকা নোটে আৰ্জেণ্টাইনসকলৰ একতাক জাগ্ৰত কৰিব।

ইয়াৰ পূৰ্বেও ১৯৭৮ চনত ডেনিয়েল পাচাৰেলাৰ নেতৃত্বত বিশ্বচেম্পিয়ন হৈছিল আৰ্জেণ্টিনা। তেতিয়াও সেই বিজয়ক স্মৰণীয় কৰি ৰাখিবলৈ এটা কইনছ প্ৰকাশ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক