--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ সামাজিক মাধ্যমযোগে নিকৃষ্ট মন্তব্যৰ চিকাৰ হ’ল মহেন্দ্ৰ সিং ধোনী আৰু বিৰাট কোহলীৰ জীয়ৰী। দুয়োগৰাকী তাৰকা ক্ৰিকেটাৰৰ জীয়ৰীক এজন লোকে অশ্লীল মন্তব্য দিয়ে। তাৰপাছতে দিল্লী আৰক্ষীয়ে সোমবাৰে অভিযুক্তজনৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছে।

দিল্লী মহিলা আয়োগৰ (ডিচিডব্লিউ) অধ্যক্ষা স্বাতী মালিৱালে এই সন্দৰ্ভত দিল্লী আৰক্ষীৰ চাইবাৰ চেললৈ জাননী প্ৰদান কৰিছিল। তেওঁ কয় যে ৬টাকৈ সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা ধোনীৰ জীয়ৰী জিভা আৰু কোহলীৰ  কন্যা ভামিকাৰ বিষয়ে অশালীন মন্তব্য পোষ্ট কৰা হৈছিল। মহিলা আয়োগৰ জাননী পোৱাৰ লগে লগে দিল্লী আৰক্ষীয়ে ব্যৱ্স্থা গ্ৰহণ কৰে। সেই অভিযোগৰ ভিত্তিত কেওটা ছ'চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা গৈছে।

স্বাতী মালিৱালে টুইট কৰি কয়, "মই জাননী প্ৰদান কৰাৰ পিছত দিল্লী আৰক্ষীয়ে ধোনী (এম এছ ধোনী) আৰু কোহলীৰ জীয়েকক অশ্লীল মন্তব্য দিওঁতাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। অতি সোনকালেই সকলো অপৰাধীক কাৰাগাৰলৈ লৈ যোৱা হ'ব।’’ 

জানিব পৰা গৈছে যে কেৱলন সন্তানেই নহয়, দুয়োজন প্ৰাক্তন ভাৰতীয় অধিনায়কৰ পত্নীকো এই সামাজিক একাউণ্টবোৰৰ পৰা নিৰ্মাণ কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তজনক বিচাৰি আছে। অৱশ্যে, এতিয়ালৈকে কোনো গ্ৰেপ্তাৰ কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু