--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেছি-এমবাপেৰ পুনৰ কপাল ফুলিব৷ শেহতীয়াকৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে চৌদি আৰৱৰ আল-নাছেৰত যোগদান কৰিছে। ইয়াৰ পিছতে তেওঁ খেল পথাৰত লিয়োনেল মেছিৰ মুখামুখি হ'ব। বৃহস্পতিবাৰে  মেছিৰ দল পেৰিছ ছেইণ্ট জাৰ্মেইনে (পিএছজি) আল নাছেৰ আৰু আল হিলালৰ এটা সন্মিলিত দলৰ  বিৰুদ্ধে   খেলিব। 

মেছিয়ে সেই খেল খনত  বৃহৎ পৰিমাণৰ ধন লাভ কৰিব।পিএছজিয়ে ৰোনাল্ডোৰ যুটীয়া একাদশৰ বিৰুদ্ধে খেলিবলৈ ৮৮ কোটি ৫৪ লাখ ৬০ হাজাৰ টকা লাভ কৰিব। অৰ্থাৎ প্ৰতি ছেকেণ্ডত এই খেলখনৰ মূল্য হৈছে ১ লাখ ৬৩ হাজাৰ ৯৭৪ টকা। ফৰাচী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পিএছজিক এই বৃহৎ পৰিমাণৰ ধন প্ৰদান কৰা হ'ব। যিয়ে ক্লাবৰ উপাৰ্জন যথেষ্ট বৃদ্ধি কৰিব। যোৱা বছৰ ক্লাবটোৱে টিকে ৩,২৭৫ কোটি ৯৪  লাখ ৩০  হাজাৰ টকাৰ লোকচানৰ সন্মুখীন হৈছিল। এই বছৰ এনে   বৃহৎ উপাৰ্জনে পিএছজিক কিছু সকাহ দিব।

ৰিয়াধৰ কিং ফাহাদ ষ্টেডিয়ামত মেছি আৰু ৰোনাল্ডো ইজনে সিজনৰ মুখামুখি হ'ব। ৰোনাল্ডোক আল নাছেৰৰ দলৰ অধিনায়ক কৰা হৈছে। তেওঁ বৃহস্পতিবাৰে সংযুক্ত একাদশৰ অধিনায়ক হ'ব। ৰোনাল্ডোৱে  নাছেৰৰ দলৰ হৈ খেলাৰ  আগতে এই সংযুক্ত একাদশৰ হৈ খেলিব। ৰোনাল্ডোৱে দেওবাৰে আল নাছেৰৰ হৈ আত্মপ্ৰকাশ কৰিব বুলি আশা কৰা হৈছে। মানচেষ্টাৰ ইউনাইটেডত থাকোতে ৰোনাল্ডোক দুখন খেলৰ বাবে নিষিদ্ধ কৰা হৈছিল। আল নাছেৰলৈ অহাৰ কাৰণে তেওঁ প্ৰথম দুখন খেল খেলিব নোৱাৰিলে।

মেছিয়ে বিশ্বকাপ জিকাৰ পিছত পিছত পিএছজিত যোগদান কৰিছে। তেওঁ ক্লাব অফ পেৰিছৰ হৈও  খেলিছে। মেছিৰ বিশ্বকাপ জিকাৰ সপোনো পূৰণ হৈছে। তেওঁ নিজেই কৈছিল যে সেয়াই তেওঁৰ অন্তিম বিশ্বকাপ আছিল। অৱশ্যে, তেওঁ আৰ্জেণ্টিনাৰ হৈ আৰু কেইখনমান মেচ খেলিব বিচাৰে। বিশ্বকাপত মেছিয়ে ৭ টা গ'ল কৰিছিল। এতিয়া  সকলোৰে চকু মেছি বনাম ৰোনাল্ডোৰ ওপৰত পুনৰ নিবদ্ধ হৈ পৰিছে৷  











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু