--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেছি-এমবাপেৰ পুনৰ কপাল ফুলিব৷ শেহতীয়াকৈ ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে চৌদি আৰৱৰ আল-নাছেৰত যোগদান কৰিছে। ইয়াৰ পিছতে তেওঁ খেল পথাৰত লিয়োনেল মেছিৰ মুখামুখি হ'ব। বৃহস্পতিবাৰে  মেছিৰ দল পেৰিছ ছেইণ্ট জাৰ্মেইনে (পিএছজি) আল নাছেৰ আৰু আল হিলালৰ এটা সন্মিলিত দলৰ  বিৰুদ্ধে   খেলিব। 

মেছিয়ে সেই খেল খনত  বৃহৎ পৰিমাণৰ ধন লাভ কৰিব।পিএছজিয়ে ৰোনাল্ডোৰ যুটীয়া একাদশৰ বিৰুদ্ধে খেলিবলৈ ৮৮ কোটি ৫৪ লাখ ৬০ হাজাৰ টকা লাভ কৰিব। অৰ্থাৎ প্ৰতি ছেকেণ্ডত এই খেলখনৰ মূল্য হৈছে ১ লাখ ৬৩ হাজাৰ ৯৭৪ টকা। ফৰাচী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পিএছজিক এই বৃহৎ পৰিমাণৰ ধন প্ৰদান কৰা হ'ব। যিয়ে ক্লাবৰ উপাৰ্জন যথেষ্ট বৃদ্ধি কৰিব। যোৱা বছৰ ক্লাবটোৱে টিকে ৩,২৭৫ কোটি ৯৪  লাখ ৩০  হাজাৰ টকাৰ লোকচানৰ সন্মুখীন হৈছিল। এই বছৰ এনে   বৃহৎ উপাৰ্জনে পিএছজিক কিছু সকাহ দিব।

ৰিয়াধৰ কিং ফাহাদ ষ্টেডিয়ামত মেছি আৰু ৰোনাল্ডো ইজনে সিজনৰ মুখামুখি হ'ব। ৰোনাল্ডোক আল নাছেৰৰ দলৰ অধিনায়ক কৰা হৈছে। তেওঁ বৃহস্পতিবাৰে সংযুক্ত একাদশৰ অধিনায়ক হ'ব। ৰোনাল্ডোৱে  নাছেৰৰ দলৰ হৈ খেলাৰ  আগতে এই সংযুক্ত একাদশৰ হৈ খেলিব। ৰোনাল্ডোৱে দেওবাৰে আল নাছেৰৰ হৈ আত্মপ্ৰকাশ কৰিব বুলি আশা কৰা হৈছে। মানচেষ্টাৰ ইউনাইটেডত থাকোতে ৰোনাল্ডোক দুখন খেলৰ বাবে নিষিদ্ধ কৰা হৈছিল। আল নাছেৰলৈ অহাৰ কাৰণে তেওঁ প্ৰথম দুখন খেল খেলিব নোৱাৰিলে।

মেছিয়ে বিশ্বকাপ জিকাৰ পিছত পিছত পিএছজিত যোগদান কৰিছে। তেওঁ ক্লাব অফ পেৰিছৰ হৈও  খেলিছে। মেছিৰ বিশ্বকাপ জিকাৰ সপোনো পূৰণ হৈছে। তেওঁ নিজেই কৈছিল যে সেয়াই তেওঁৰ অন্তিম বিশ্বকাপ আছিল। অৱশ্যে, তেওঁ আৰ্জেণ্টিনাৰ হৈ আৰু কেইখনমান মেচ খেলিব বিচাৰে। বিশ্বকাপত মেছিয়ে ৭ টা গ'ল কৰিছিল। এতিয়া  সকলোৰে চকু মেছি বনাম ৰোনাল্ডোৰ ওপৰত পুনৰ নিবদ্ধ হৈ পৰিছে৷  











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক