--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাই কলেষ্টেৰলে তেজৰ সোঁত লেহেমীয়া কৰে, যাৰ ফলত হৃদযন্ত্ৰৰ কাম-কাজত প্ৰভাৱ পৰে। যেতিয়া তেজত কলেষ্টেৰলৰ মাত্ৰা ২০০ মিলিগ্ৰাম/ডেচিলিটাৰতকৈ বেছি হয়, তেতিয়া ইয়াক উচ্চ কলেষ্টেৰল বুলি কোৱা হয়। ইয়াক এল ডি এল কলেষ্টেৰল বুলিও কোৱা হয় আৰু ইয়াক আওকাণ কৰা উচিত নহয়। আজি আমি সেই ৬টা অভ্যাসৰ কথা ক’ম, যাৰ বাবে কলেষ্টেৰলৰ মাত্ৰা প্ৰায়ে বেছি হয়।

১) আপুনি শাৰীৰিকভাৱে সক্ৰিয় নহয়ঃ আপুনি হয়তো ভাবিব পাৰে যে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ ৩০ মিনিট খোজ কাঢ়িলেই যথেষ্ট। বৰঞ্চ সত্যটো হ’ল শাৰীৰিকভাৱে সক্ৰিয় হোৱাৰ প্ৰয়োজনীয়তা সকলোৰে বেলেগ বেলেগ। যদি আপুনি সঠিকভাৱে ব্যায়াম নকৰে তেন্তে বহুতো মাৰাত্মক ৰোগে আপোনাক ধৰিব পাৰে।

২) মদ সেৱনঃ মদ্যপানে কলেষ্টেৰলৰ মাত্ৰাত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। যদি আপুনি নিয়মিতভাৱে ঔষধ খাই আছে আৰু লগতে মদ্যপান কৰি আছে তেন্তে ঔষধে আপোনাক সহায় নকৰে।

৩) কেৱল ঔষধে আপোনাক সহায় নকৰেঃ কলেষ্টেৰল ব্যৱস্থাপনা আপুনি ভবাতকৈও ডাঙৰ। ইয়াৰ বাবে এজন ব্যক্তিয়ে সুস্থ জীৱনশৈলী গ্ৰহণ কৰিব লাগিব, ব্যায়াম কৰিব লাগিব আৰু নিয়মিতভাৱে কলেষ্টেৰল হ্ৰাস কৰা ঔষধ সেৱন কৰিব লাগিব। যদি আপোনাৰ খাদ্য আৰু অন্যান্য কাৰক একেই থাকে তেন্তে কেৱল ঔষধৰ ওপৰত নিৰ্ভৰ কৰিলে কলেষ্টেৰল হ্ৰাস কৰাত সহায় নহ’ব।

৪) অত্যধিক মানসিক চাপঃ আমি সকলোৱে জানো যে কলেষ্টেৰল স্বাস্থ্যৰ বাবে ভাল নহয়। উচ্চ কলেষ্টেৰলৰ পৰা আপুনি তৎক্ষণাত বিপদত নপৰে। গতিকে ৰাতিটোৰ ভিতৰতে কম কৰিবলৈ নিজকে জোৰ নিদিব। মনটোক শান্ত কৰি ৰাখক আৰু ভাল জীৱনশৈলী গ্ৰহণ কৰক। 

৫) আপুনি সঠিক মাত্ৰাৰ ঔষধ গ্ৰহণ কৰা নাইঃ উচ্চ কলেষ্টেৰলৰ বাবে ষ্টেটিনক উত্তম ঔষধ বুলি গণ্য কৰা হয় যদিও চিকিৎসকৰ পৰামৰ্শ মতে ইয়াক গ্ৰহণ কৰিব লাগে। চিকিৎসকে এই ঔষধসমূহ উচ্চ কলেষ্টেৰল অৱস্থা থকা লোকক প্ৰেছক্ৰিপচন কৰি হাৰ্ট ৰোগ, হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কম কৰিবলৈ দিয়ে। আন এটা ডাঙৰ কাৰণ হ’ল কিছুমান মানুহে ষ্টেটিনৰ সঠিক মাত্ৰা গ্ৰহণ নকৰে। এজনে নিয়মিতভাৱে কলেষ্টেৰলৰ মাত্ৰা পৰীক্ষা কৰি ৰিপৰ্টৰ সৈতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। কলেষ্টেৰলৰ মাত্ৰা অনুসৰি চিকিৎসকে নিৰ্দিষ্ট সময়ৰ পিছত ষ্টেটিনৰ মাত্ৰা সলনি কৰিব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া কাৰ্যসূচীৰে ২০ নৱেম্বৰত অৰুণাচললৈ আহিব অমিত শ্বাহ
আত্মীয়ক বিদায় দিবলৈ গৈ বন্দে ভাৰত এক্সপ্ৰেছত বন্দী ১২ জন; ১৫০ কিলোমিটাৰ যাত্ৰা কৰি ভৰিলে ৩৬ হাজাৰ টকাৰ জৰিমনা
ডেটিং এপৰ প্ৰেম: কানাডাৰ পৰা ভাৰতলৈ অহা ৬১ বছৰীয়া মহিলাক বিয়া কৰাবলৈ অস্বীকাৰ যুৱকৰ
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী