--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেষ্টেৰল হৈছে এক প্ৰকাৰৰ চৰ্বি, যিয়ে শৰীৰৰ বাবে কোষ আৰু হৰম’ন তৈয়াৰ কৰাৰ কাম কৰে। কিন্তু যেতিয়া ইয়াৰ মাত্ৰা শৰীৰত বাঢ়িবলৈ আৰম্ভ কৰে তেতিয়া বহুতো স্বাস্থ্যজনিত সমস্যাও হ’বলৈ আৰম্ভ কৰে। বয়স অনুসৰি শৰীৰত কলেষ্টেৰলৰ মাত্ৰা ভিন্ন হয়।

উল্লেখ্য যে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱাটো আপোনাৰ বেয়া জীৱনশৈলীৰ ফল। অৱশ্যে ঔষধ সেৱন কৰিও ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰথম অৱস্থাত প্ৰাকৃতিক পদ্ধতিৰ সহায়ত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাটো ভাল।

১) নৰসিংহৰ পাতঃ শৰীৰৰ বেয়া কলেষ্টেৰল কমোৱাত নৰসিংহৰ পাত অতি ফলপ্ৰসূ। ইয়াৰ কাৰণ হ’ল ইয়াত থকা এণ্টি-অক্সিডেণ্ট, যিবোৰ কলেষ্টেৰল কমোৱাৰ বাবে অতি প্ৰয়োজনীয়।

খোৱাৰ পদ্ধতি

নৰসিংহ পাতৰ সুফল পাবলৈ আপুনি দৈনিক ৰন্ধনত ৮-১০ টা পাত ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ৰসো প্ৰস্তুত কৰি পান কৰিব পাৰে। কিন্তু ইয়াৰ আগতে নিশ্চিতভাৱে আপোনাৰ স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 ২)ধনীয়াৰ পাতঃ প্ৰত্যেক ঘৰতে ধনীয়া পাত ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা হয়। কিন্তু বেছিভাগ মানুহেই নাজানে যে খাদ্যৰ সোৱাদ উন্নত কৰাৰ লগতে ই স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰতো অতি উপকাৰী। নিয়মিতভাৱে সেৱন কৰিলে আপুনি উচ্চ কলেষ্টেৰলৰ সমস্যা নিৰাময় কৰিব পাৰে।

খোৱাৰ পদ্ধতি
ধনীয়া পাত চালাডত দি বা তাৰ পৰা চাটনি বনাই খাব পাৰে।
 
৩) জামু ফলৰ পাতঃ যদি আপুনি কলেষ্টেৰল হ্ৰাস কৰাৰ ঘৰুৱা উপায় বিচাৰিছে তেন্তে জামুৰ পাত আপোনাৰ বাবে সৰ্বোত্তম বিকল্প। আচলতে ইয়াৰ এণ্টি-অক্সিডেণ্ট আৰু এন্থ’চাইনিনৰ দৰে গুণ আছে, যিয়ে সিৰাত জমা হোৱা চৰ্বি হ্ৰাস কৰাৰ কাম কৰে।

খোৱাৰ পদ্ধতি
জামুৰ পাত গুড়ি ৰূপত খাব পাৰে। অথবা ইয়াৰ চাহ বা ৰস বনাই দিনটোত ১-২ বাৰ খাব পাৰে।

৪) মেথিৰ পাতঃ এক অধ্যয়নত মেথিৰ পাতত থকা ঔষধি গুণৰ লগত শৰীৰত জমা হোৱা বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ স্বাস্থ্যসন্মত মাত্ৰাৰ সম্পৰ্ক থকা দেখা গৈছে। এনে পৰিস্থিতিত উচ্চ কলেষ্টেৰল স্বাভাৱিক কৰিবলৈ মেথি পাত সেৱন কৰিব পাৰে।

খোৱাৰ পদ্ধতি
সাধাৰণ ভাজি হিচাপে বা দাইলত দি মেথি পাত খাব পাৰে।

৫) তুলসীৰ পাতঃ কলেষ্টেৰলৰ মাত্ৰা স্বাভাৱিক কৰাত তুলসীৰ পাত অতি উপকাৰী বুলি প্ৰমাণিত হৈছে। আচলতে ইয়াত থকা গুণবোৰে বিপাকীয় চাপ হ্ৰাস কৰাৰ কাম কৰে, যিয়ে শৰীৰৰ ওজন আৰু কলেষ্টেৰল বজাই ৰাখে।

খোৱাৰ পদ্ধতি
প্ৰতিদিনে পুৱা খালী পেটত তুলসীৰ পাত খাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ