--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেষ্টেৰল হৈছে এক প্ৰকাৰৰ চৰ্বি, যিয়ে শৰীৰৰ বাবে কোষ আৰু হৰম’ন তৈয়াৰ কৰাৰ কাম কৰে। কিন্তু যেতিয়া ইয়াৰ মাত্ৰা শৰীৰত বাঢ়িবলৈ আৰম্ভ কৰে তেতিয়া বহুতো স্বাস্থ্যজনিত সমস্যাও হ’বলৈ আৰম্ভ কৰে। বয়স অনুসৰি শৰীৰত কলেষ্টেৰলৰ মাত্ৰা ভিন্ন হয়।

উল্লেখ্য যে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱাটো আপোনাৰ বেয়া জীৱনশৈলীৰ ফল। অৱশ্যে ঔষধ সেৱন কৰিও ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰি। প্ৰথম অৱস্থাত প্ৰাকৃতিক পদ্ধতিৰ সহায়ত নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰাটো ভাল।

১) নৰসিংহৰ পাতঃ শৰীৰৰ বেয়া কলেষ্টেৰল কমোৱাত নৰসিংহৰ পাত অতি ফলপ্ৰসূ। ইয়াৰ কাৰণ হ’ল ইয়াত থকা এণ্টি-অক্সিডেণ্ট, যিবোৰ কলেষ্টেৰল কমোৱাৰ বাবে অতি প্ৰয়োজনীয়।

খোৱাৰ পদ্ধতি

নৰসিংহ পাতৰ সুফল পাবলৈ আপুনি দৈনিক ৰন্ধনত ৮-১০ টা পাত ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ৰসো প্ৰস্তুত কৰি পান কৰিব পাৰে। কিন্তু ইয়াৰ আগতে নিশ্চিতভাৱে আপোনাৰ স্বাস্থ্য বিশেষজ্ঞৰ পৰামৰ্শ লওক।

 ২)ধনীয়াৰ পাতঃ প্ৰত্যেক ঘৰতে ধনীয়া পাত ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা হয়। কিন্তু বেছিভাগ মানুহেই নাজানে যে খাদ্যৰ সোৱাদ উন্নত কৰাৰ লগতে ই স্বাস্থ্য উন্নত কৰাৰ ক্ষেত্ৰতো অতি উপকাৰী। নিয়মিতভাৱে সেৱন কৰিলে আপুনি উচ্চ কলেষ্টেৰলৰ সমস্যা নিৰাময় কৰিব পাৰে।

খোৱাৰ পদ্ধতি
ধনীয়া পাত চালাডত দি বা তাৰ পৰা চাটনি বনাই খাব পাৰে।
 
৩) জামু ফলৰ পাতঃ যদি আপুনি কলেষ্টেৰল হ্ৰাস কৰাৰ ঘৰুৱা উপায় বিচাৰিছে তেন্তে জামুৰ পাত আপোনাৰ বাবে সৰ্বোত্তম বিকল্প। আচলতে ইয়াৰ এণ্টি-অক্সিডেণ্ট আৰু এন্থ’চাইনিনৰ দৰে গুণ আছে, যিয়ে সিৰাত জমা হোৱা চৰ্বি হ্ৰাস কৰাৰ কাম কৰে।

খোৱাৰ পদ্ধতি
জামুৰ পাত গুড়ি ৰূপত খাব পাৰে। অথবা ইয়াৰ চাহ বা ৰস বনাই দিনটোত ১-২ বাৰ খাব পাৰে।

৪) মেথিৰ পাতঃ এক অধ্যয়নত মেথিৰ পাতত থকা ঔষধি গুণৰ লগত শৰীৰত জমা হোৱা বেয়া কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ স্বাস্থ্যসন্মত মাত্ৰাৰ সম্পৰ্ক থকা দেখা গৈছে। এনে পৰিস্থিতিত উচ্চ কলেষ্টেৰল স্বাভাৱিক কৰিবলৈ মেথি পাত সেৱন কৰিব পাৰে।

খোৱাৰ পদ্ধতি
সাধাৰণ ভাজি হিচাপে বা দাইলত দি মেথি পাত খাব পাৰে।

৫) তুলসীৰ পাতঃ কলেষ্টেৰলৰ মাত্ৰা স্বাভাৱিক কৰাত তুলসীৰ পাত অতি উপকাৰী বুলি প্ৰমাণিত হৈছে। আচলতে ইয়াত থকা গুণবোৰে বিপাকীয় চাপ হ্ৰাস কৰাৰ কাম কৰে, যিয়ে শৰীৰৰ ওজন আৰু কলেষ্টেৰল বজাই ৰাখে।

খোৱাৰ পদ্ধতি
প্ৰতিদিনে পুৱা খালী পেটত তুলসীৰ পাত খাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু