--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোগৰ লক্ষণ শৰীৰৰ বিভিন্ন অংগত দেখা দিব পাৰে। কেতিয়াবা বহুতৰে হাতৰ নখ হঠাতে বগা হৈ পৰে। এয়া এক ৰোগৰো লক্ষণ হ’ব পাৰে৷  স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে নখৰ আগটো বগা পৰা আইৰণৰ অভাৱৰ বাবেও হ'ব পাৰে। মানৱ  দেহৰ বাবে আইৰণ এবিধ অত্যন্ত প্ৰয়োজনীয় উপাদান। শৰীৰত যদি আইৰণৰ অভাৱ ঘটে তেন্তে   বিভিন্ন ধৰণৰ উপসৰ্গই দেখা দিব পাৰে।

আমাৰ দেশত দেহত আইৰণৰ অভাৱত দেখা দিয়া সমস্যা এক গুৰুতৰ সমস্যা হিচাবে পৰিগণিত হৈছে।আইৰণৰ অভাৱত  এনিমিয়া অৰ্থাৎ ৰক্তহীনতাৰ দৰে সমস্যাই দেখা দিব পাৰে ।স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে  ৰক্তহীনতা নিজে কোনো ৰোগ নহয় যদিও আন ৰোগৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ৰক্তহীনতা এক গুৰুতৰ সমস্যা হিচাবে দেখা দিব পাৰে।সচৰাচৰ মহিলা আৰু শিশুসকলেই বেছিকৈ ৰক্তহীনতাত ভোগা বুলি বিভিন্ন সমীক্ষাত কোৱা হৈছে।

গ্ল’ৱেল নিউট্ৰিছনৰ প্ৰতিবেদন অনুসৰি ৰক্তহীনতাৰ দিশৰ পৰা বিশ্ব ১৪০ খন দেশৰ ভিতৰত ভাৰত বহু তলৰ পিনে থকা দেশ। অৰ্থাৎ ভাৰতত বহু লোক এতিয়াও ৰক্তহীনতাৰ চিকাৰ হৈছে।

ৰক্তহীনতাত ভোগাৰ প্ৰধান কেইটামান লক্ষণ হৈছে দুর্বল অনুভৱ কৰা,ছাল শোঁতৰা-শোঁতৰ পৰা,অলপ পৰিশ্ৰম কৰিলেই ভাগৰ লগা,দেহত বিষ অনুভৱ কৰা,হাত-ভৰি ঠাণ্ডা হৈ পৰা,নখ ফাটি যোৱা, অত্যধিক চুলি সৰা,জিভা শুকাই থকা, মুখৰভিতৰত ঘাঁ লগা আদি।একোগৰাকী সুস্থ লোকৰ বাবে প্ৰতিদিনে বিভিন্ন মাত্ৰাত আইৰণৰ প্ৰয়োজন হয়।

সেই অনুসৰি ৪ ৰ পৰা ৮ বছৰ বয়সৰ সকলোৰ বাবে নিতৌ ১০ মিলিগ্ৰাম,৯-১৩ বছৰৰ সকলৰ বাবে নিতৌ ৮ মিলিগ্ৰাম,১৯-৫০ বছৰৰ সকলোৰ বাবে নিতৌ ১৮ মিলিগ্ৰামৰ প্ৰয়োজন।আইৰণৰ অভাৱ দূৰ কৰাৰ বাবে বিন বা দাইল জাতীয় খাদ্য প্ৰচুৰ পৰিমাণে খোৱা উচিৎ বুলি চিকিৎসকসকলে কৈ আহিছে।বিনত ৭ ৰ পৰা ৯ মিলিগ্ৰাম পৰ্যন্ত আইৰণ থাকে।

বাদাম , পুৰাকল,কাজু , কল,কিছমিছ, বিভিন্ন ধৰণৰ শাক আদিত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। সকলো ধৰণৰ কচুতো আইৰণ থাকে। সেয়ে প্ৰাকৃতিক ভাবে লাভ কৰা আইৰণ আমি যিমান পাৰি সিমান গ্ৰহণ কৰিব লাগে। নিতৌ কমেও এটাকৈ ডালিম খালেও প্ৰায় ২৫-৩০ দিনতে তেজত আইৰণৰ পৰিমাণ ভালে খিনি বৃদ্ধি পায়।আইৰণৰ অভাৱত মূৰ আচন্দ্ৰাই কৰা, বুকু ধৰফৰ কৰা আদি লক্ষণেও দেখা দিব পাৰে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ