--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিজন মানুহৰে ব্যক্তিত্ব বেলেগ বেলেগ। কিছুমান মানুহ অতি সংবেদনশীল আৰু কিছুমান অতি শক্তিশালী মনৰ। কিছুমানে আনৰ লগত কথা পাতিবলৈ কুণ্ঠাবোধ নকৰে, আন কিছুমানে নতুন মানুহৰ লগত মিলি যাবলৈ সময় লয়। আজি আমি আপোনালোকক এনে পাঁচটা অভ্যাসৰ বিষয়ে কম, যিবোৰে এজন সংবেদনশীল আৰু শক্তিশালী ব্যক্তিৰ বৈশিষ্ট্য। এই অভ্যাসবোৰ কি জানি লও আহক।

১)আপুনি সঠিক কথাৰ পক্ষে থিয় দিয়েঃ যদি আপুনি জীৱনত সঠিক কথাৰ পক্ষে থিয় দিয়ে আৰু সদায় সঠিক কথাই কয় তেন্তে আপুনি সেইসকল লোকৰ মাজৰ এজন যিসকলৰ ব্যক্তিত্ব সংবেদনশীল আৰু শক্তিশালী। কাৰোবাৰ লগত কিবা বেয়া ঘটি থকা দেখিলে তাৰ বিৰুদ্ধে আপুনি মাত মাতে।মনোবিজ্ঞানীসকলৰ মতে, আপুনি এই কামটো কৰিবলৈ সক্ষম হয় কাৰণ আপুনি অধিক সংবেদনশীল হয় কাৰণে আপুনি নিজকে আনৰ সমস্যাৰ সৈতে নিজক সম্পৰ্কিত কৰিবলৈ সক্ষম হয়। সেই ব্যক্তিজনৰ লগত কি হৈ আছে আপুনি বুজি পায়। শক্তিশালী হোৱাৰ বাবে আপুনি বিষয়টোত মাত মাতিব পাৰে আৰু সঠিক কথাক সমৰ্থন কৰে।

২)আপুনি মানুহৰ মাজত সমন্বয় আনে: মনোবিজ্ঞানীসকলে বিশ্বাস কৰে যে আনৰ মাজত শান্তি সৃষ্টি কৰাসকল শক্তিশালী আৰু সংবেদনশীল। দুজন মানুহৰ মাজত আপুনি খুব সুন্দৰকৈ মধ্যস্থতা কৰিব পাৰে। আচলতে সংবেদনশীল স্বভাৱৰ বাবে দুয়োজন মানুহৰ বিষয়বোৰ আপুনি ভালদৰে বুজিবলৈ সক্ষম হয় আৰু শক্তিশালী ব্যক্তিত্বৰ বাবে তেওঁলোকৰ কথাবোৰ দুয়োজনকে বুজাই দিবলৈ সক্ষম হয়। 

৩)আপুনি অতি চিন্তাশীলভাৱে সিদ্ধান্ত লয়: সংবেদনশীল আৰু শক্তিশালী মানুহে কোনো পৰিস্থিতিৰ সিদ্ধান্ত লোৱাৰ আগতে বহুত চিন্তা কৰে। এনে লোকে কোনো সিদ্ধান্ত লোৱাৰ আগতে নিজৰ ওচৰ-চুবুৰীয়া মানুহৰ কথাও চিন্তা কৰে। অৱশ্যে কাৰো ব্যক্তিগত এজেণ্ডাই আপোনাৰ সিদ্ধান্তত প্ৰভাৱ পেলাবলৈ নিদিয়ে।

৪)আপুনি সদায় সঁচা কথা কয়: মানুহৰ আগত যদি আপুনি সঁচা কথা ক’বলৈ ভয় নকৰে তেন্তে আপুনিও এজন সংবেদনশীল আৰু শক্তিশালী ব্যক্তিত্ব। আপুনি কাকো মিছা সান্ত্বনা নিদিয়ে। আপুনি আপোনাৰ সন্মুখৰ মানুহজনক সদায়ে সঁচা কথা কয়।

৫)আপুনি আনৰ সমস্যাৰ কথা শুনেঃ এজন ব্যক্তিয়ে যেতিয়া আপোনাৰ আগত তেওঁলোকৰ সমস্যাৰ বিষয়ে কথা পাতে, তেতিয়া আপুনি কেৱল তেওঁলোকৰ কথা শুনিবলৈ নহয়, তেওঁলোকৰ দৃষ্টিভংগী বুজিবলৈ তেওঁলোকৰ কথা শুনি থাকে। আপুনি এইটো কৰে কাৰণ আপুনি জানে যে আপুনি কাৰোবাৰ সমস্যা শুনিলে আন এজন ব্যক্তিয়ে কিমান সকাহ পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement