--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱী, পানী, বায়ু, অগ্নি আৰু আকাশ এই পাঁচটা উপাদানৰে গঠিত আমাৰ শৰীৰ। এই ৫টা মৌল শৰীৰৰ ৭টা মূল চক্ৰত ভাগ কৰা হৈছে। এই পঞ্চমৌল আৰু সাতটা চক্ৰৰ ভাৰসাম্যতাই শৰীৰক সুস্থ কৰি ৰাখে। প্ৰাচীন কালত বেদৰ পৰা পণ্ডিতলৈকে সকলোৱে মানি লৈছিল যে ৫টা উপাদানে আমাৰ শৰীৰ আৰু মনক সুখী আৰু সুস্থ কৰি ৰখাত সহায় কৰে। জীৱনৰ ভাৰসাম্যতা গঢ়ি তুলিবলৈ প্ৰকৃতিৰ এই ৫টা মৌল আৰু চাৰিটা পদাৰ্থৰ অতি প্ৰয়োজন। সেয়েহে কোৱা হয় যে এই ৫টা উপাদানক জীৱনৰ অংশ কৰি লওক আৰু সদায় সুস্থ হৈ থাকক।

 সুস্থ হৈ থাকিবলৈ পাঁচটা উপাদানৰ প্ৰয়োজন-

১. পৃথিৱীঃ-ইয়াৰ অৰ্থ হ’ল জলবায়ু অনুযায়ী বতৰৰ ফলমূল আৰু শাক-পাচলি খাব লাগে। আপুনি থকা ঠাইত খেতি কৰা স্থানীয় খাদ্য স্বাস্থ্যৰ বাবে উত্তম বুলি গণ্য কৰা হয়। গতিকে খাদ্য তালিকাত নিশ্চিতভাৱে নিজৰ স্থানীয় খাদ্য অন্তৰ্ভুক্ত কৰক।

 ২. পানীঃ-সুস্থ হৈ থাকিবলৈ পানী আটাইতকৈ প্ৰয়োজন আৰু দিনটোত ৩-৪ লিটাৰ পানী খাব লাগে। লগতে পানী খৰখেদাকৈ নাখায় আৰামত খোৱাৰ অভ্যাস গঢ়ি তোলক। অতি গৰম বা ঠাণ্ডা পানীৰ পৰিৱৰ্তে কুহুমীয়া বা স্বাভাৱিক উষ্ণতাত পানী খাব লাগে।

 ৩. অগ্নিঃ-শৰীৰক সুস্থ কৰি ৰাখিবলৈ অগ্নি ৰক্ষা কৰাটোও প্ৰয়োজনীয়। পেটত থকা অগ্নি মৌলটোৱে আমাৰ শৰীৰক শক্তি প্ৰদান কৰে। ইয়াৰ ফলত খাদ্য হজম হয়। অগ্নিৰ অৰ্থ শক্তিও। পৃথিৱীৰ গছ-গছনি আৰু জীৱনৰ বাবে যেনেকৈ সূৰ্য্য ৰশ্মিৰ প্ৰয়োজন, ঠিক সেইদৰে সূৰ্য্যৰ পোহৰ আমাৰ শৰীৰৰ বাবেও প্ৰয়োজন। দিনটোত কমেও ১৫-২০ মিনিট ৰ’দত বহিব লাগে। কাৰণ সূৰ্য্যৰ পোহৰত ভিটামিন-‘ডি’ প্ৰচুৰ পৰিমাণে থাকে আৰু শৰীৰে শক্তি লাভ কৰিব।

 ৪. বায়ুঃ-শৰীৰৰ বাবে বায়ু কিমান গুৰুত্বপূৰ্ণ সেয়া সকলোৱে জানে। বায়ুৱে উশাহ লোৱাত সহায় কৰে আৰু শৰীৰৰ অংগসমূহ সুস্থ কৰি ৰাখে। এনে ব্যায়াম কৰিব লাগে, যাতে শৰীৰে শুদ্ধ বতাহ আহৰণ কৰিব পাৰে। ইয়াৰ বাবে হাওঁফাওঁত বায়ু ভালদৰে পোৱা এটা দিনত কমেও ১৫ মিনিট সময় প্ৰাণায়াম, কপালভতি বা এনেধৰণৰ যিকোনো যোগ কৰাটো প্ৰয়োজনীয়।

 ৫. আকাশঃ-এই উপাদানৰ অৰ্থ আয়ুৰ্বেদত কোৱা হৈছে, উপবাস। এমাহত কমেও এদিন উপবাস থাকিলে আমাৰ শৰীৰ ডিটক্সিফাইড হয়। এদিন খালী পেটত থাকি প্ৰচুৰ পৰিমাণে পানী খালে শৰীৰত জমা হোৱা মলি ওলাই যায়। উপবাসৰ সময়ত কেৱল ফলমূল বা তৰল খাদ্য গ্ৰহণ কৰিলে শৰীৰটো ভিতৰৰ পৰা পৰিষ্কাৰ হৈ পৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক