--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱী, পানী, বায়ু, অগ্নি আৰু আকাশ এই পাঁচটা উপাদানৰে গঠিত আমাৰ শৰীৰ। এই ৫টা মৌল শৰীৰৰ ৭টা মূল চক্ৰত ভাগ কৰা হৈছে। এই পঞ্চমৌল আৰু সাতটা চক্ৰৰ ভাৰসাম্যতাই শৰীৰক সুস্থ কৰি ৰাখে। প্ৰাচীন কালত বেদৰ পৰা পণ্ডিতলৈকে সকলোৱে মানি লৈছিল যে ৫টা উপাদানে আমাৰ শৰীৰ আৰু মনক সুখী আৰু সুস্থ কৰি ৰখাত সহায় কৰে। জীৱনৰ ভাৰসাম্যতা গঢ়ি তুলিবলৈ প্ৰকৃতিৰ এই ৫টা মৌল আৰু চাৰিটা পদাৰ্থৰ অতি প্ৰয়োজন। সেয়েহে কোৱা হয় যে এই ৫টা উপাদানক জীৱনৰ অংশ কৰি লওক আৰু সদায় সুস্থ হৈ থাকক।

 সুস্থ হৈ থাকিবলৈ পাঁচটা উপাদানৰ প্ৰয়োজন-

১. পৃথিৱীঃ-ইয়াৰ অৰ্থ হ’ল জলবায়ু অনুযায়ী বতৰৰ ফলমূল আৰু শাক-পাচলি খাব লাগে। আপুনি থকা ঠাইত খেতি কৰা স্থানীয় খাদ্য স্বাস্থ্যৰ বাবে উত্তম বুলি গণ্য কৰা হয়। গতিকে খাদ্য তালিকাত নিশ্চিতভাৱে নিজৰ স্থানীয় খাদ্য অন্তৰ্ভুক্ত কৰক।

 ২. পানীঃ-সুস্থ হৈ থাকিবলৈ পানী আটাইতকৈ প্ৰয়োজন আৰু দিনটোত ৩-৪ লিটাৰ পানী খাব লাগে। লগতে পানী খৰখেদাকৈ নাখায় আৰামত খোৱাৰ অভ্যাস গঢ়ি তোলক। অতি গৰম বা ঠাণ্ডা পানীৰ পৰিৱৰ্তে কুহুমীয়া বা স্বাভাৱিক উষ্ণতাত পানী খাব লাগে।

 ৩. অগ্নিঃ-শৰীৰক সুস্থ কৰি ৰাখিবলৈ অগ্নি ৰক্ষা কৰাটোও প্ৰয়োজনীয়। পেটত থকা অগ্নি মৌলটোৱে আমাৰ শৰীৰক শক্তি প্ৰদান কৰে। ইয়াৰ ফলত খাদ্য হজম হয়। অগ্নিৰ অৰ্থ শক্তিও। পৃথিৱীৰ গছ-গছনি আৰু জীৱনৰ বাবে যেনেকৈ সূৰ্য্য ৰশ্মিৰ প্ৰয়োজন, ঠিক সেইদৰে সূৰ্য্যৰ পোহৰ আমাৰ শৰীৰৰ বাবেও প্ৰয়োজন। দিনটোত কমেও ১৫-২০ মিনিট ৰ’দত বহিব লাগে। কাৰণ সূৰ্য্যৰ পোহৰত ভিটামিন-‘ডি’ প্ৰচুৰ পৰিমাণে থাকে আৰু শৰীৰে শক্তি লাভ কৰিব।

 ৪. বায়ুঃ-শৰীৰৰ বাবে বায়ু কিমান গুৰুত্বপূৰ্ণ সেয়া সকলোৱে জানে। বায়ুৱে উশাহ লোৱাত সহায় কৰে আৰু শৰীৰৰ অংগসমূহ সুস্থ কৰি ৰাখে। এনে ব্যায়াম কৰিব লাগে, যাতে শৰীৰে শুদ্ধ বতাহ আহৰণ কৰিব পাৰে। ইয়াৰ বাবে হাওঁফাওঁত বায়ু ভালদৰে পোৱা এটা দিনত কমেও ১৫ মিনিট সময় প্ৰাণায়াম, কপালভতি বা এনেধৰণৰ যিকোনো যোগ কৰাটো প্ৰয়োজনীয়।

 ৫. আকাশঃ-এই উপাদানৰ অৰ্থ আয়ুৰ্বেদত কোৱা হৈছে, উপবাস। এমাহত কমেও এদিন উপবাস থাকিলে আমাৰ শৰীৰ ডিটক্সিফাইড হয়। এদিন খালী পেটত থাকি প্ৰচুৰ পৰিমাণে পানী খালে শৰীৰত জমা হোৱা মলি ওলাই যায়। উপবাসৰ সময়ত কেৱল ফলমূল বা তৰল খাদ্য গ্ৰহণ কৰিলে শৰীৰটো ভিতৰৰ পৰা পৰিষ্কাৰ হৈ পৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু