--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ২২ আগষ্ট সোমবাৰে মিথুন ৰাশিত চন্দ্ৰই ট্ৰেন্সজিট কৰিছে। এই ৰাশিত চন্দ্ৰৰ যোগাযোগৰ বাবে মিথুন ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত সপ্তাহৰ আৰম্ভণি সুখদায়ক ফল লাভ কৰিব। চাওঁক আপোনাৰ ৰাশিফলে কি কয়..

 মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত নতুন ব্যৱসায়িক সম্পৰ্ক আৰু চুক্তি চূড়ান্ত কৰাৰ বাবে সময় অনুকূল বুলিব পাৰি। কৰ্ম সম্পৰ্কীয় ভ্ৰমণত শুভ, গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰিব। স্বাস্থ্যৰ যতন লোৱা উচিত।

 বৃষ ৰাশি : বৃষ ৰাশিৰ লোকসকলে আজিৰ দিনটোতে চৰকাৰৰ পৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে সুবিধা লাভ কৰা সম্ভাৱনা আছে। বন্ধু-বান্ধৱী বা পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যোগ পৰিলক্ষিত হয়। শিৱ পূজা কৰিলে শুভ ফল পাব।

 মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আত্মবিশ্বাস আৰু সাহস বাঢ়িব, ৰাজনীতি বা সামাজিক কামৰ সৈতে জড়িত লোকৰ সৈতে মত বিনিময় কৰিব পাৰিব, কৰ্মক্ষেত্ৰত সন্মানৰ বাঢ়িব। প্ৰেমত শুভ, শিৱলিংগত তিল পানীৰে জল অভিষেক কৰিলে শুভ ফল লাভ কৰিব।

 কৰ্কট ৰাশি : আজি এই ৰাশিৰ লোকসকলৰ আজিৰ দিনটো ব্যৱসায়ত শুভ, প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ লাভজনক হ’ব। অৰ্থনৈতিক অৱস্থাও উন্নত হ’ব। আজিৰ দিনটোত আপুনি সূৰ্য দেৱতাক জল অৰ্পণ কৰিলে শুভ ফল লাভ কৰিব।

 সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সাৱধানে থাকক। ভাই-ভনীৰ লগত হোৱা বিবাদে পাৰিবাৰিক জীৱনত অস্থিৰতা সৃষ্টি কৰিব পাৰে। আৰ্থিকত শুভ দেখা যায়। কামত সফলতা, যোগ প্ৰাণায়ামৰ অভ্যাস কৰক।

 কন্যা ৰাশি : কন্যা ৰাশিৰ লোকসকলক আজি দিনটোত নতুন কামৰ সুযোগ আহিব, উৎসাহী আৰু আত্মবিশ্বাসী হ’ব, যিয়ে ভৱিষ্যতে সফলতাৰ দিশত আগুৱাই লৈ যাব। বন্ধু-বান্ধৱীয়ে সমস্যাত পেলাব পাৰে।

 তুলা ৰাশি : তুলা ৰাশিৰ লোকসকলৰ আজি দিনটোত মিশ্ৰিত ফল লাভ কৰিব। ব্যৱসায়ত শুভ, শৈক্ষিক দিশতো ভাল ফল লাভ কৰিব। শিৱলিংগত পানী অৰ্পণ কৰিলে সফলতা লাভ কৰিব।

 বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কামৰ বোজা বাঢ়িব পাৰে। মানসিক অস্থিৰতা বৃদ্ধি পাব পাৰে, অভিভাৱকৰ সহযোগত অসমাপ্ত কাম সম্পূৰ্ণ হ’ব। পত্নীৰ পৰামৰ্শ আপোনাৰ বাবে কামত আহিব। ভগৱান শ্ৰীকৃষ্ণৰ পূজা কৰিলে শুভ ফল লাভ কৰিব।

 ধনু ৰাশি : ধনু ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত গণেশৰ উপাসনা কৰিলে শুভ ফল লাভ পাৰিবাৰিক সুখ লাভ, নতুন কামৰ যোগাযোগ, সামাজিক মৰ্যাদা বৃদ্ধি পাব। আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হ’ব।

 মকৰ ৰাশি : মকৰ ৰাশি জাতক-জাতিকাসকলৰ নতুন ব্যৱসায়িক সম্পৰ্ক আৰু চুক্তিৰ বাবে আজিৰ দিনটো অনুকূল। ভ্ৰমণৰ যোগ দেখা যায়, প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক স্থাপন হ’ব। প্ৰেমত শুভ ভাই-ভনীৰ সম্পৰ্ক উন্নত হ’ব। মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিলে শুভ ফল লাভ কৰিব।

 কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ লোকসকলৰ আজিৰ দিনটো ব্যস্ততা বাঢ়িব। ৰৈ থকা কাম আগবাঢ়িব। আপুনি মাংগলিক কামত অংশগ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীক লগ পোৱাৰ সুযোগো পাব। আৰ্থিকভাৱে পৰিস্থিতি সন্তোষজনক। শিৱ চালিছা পাঠ কৰিলে শুভ ফল লাভ কৰিব।

 মীন ৰাশি : মীন ৰাশিৰ লোকসকলৰ আজিৰ দিনটো সাৱধান হ’ব। ঊৰ্ধ্বতন বিষয়াৰ সৈতে মনোমালিন্য ঘটিব পাৰে। বিনিয়োগৰ বাবে আজিৰ দিনটো শুভ, পলিচী বা শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিব পাৰে। হনুমান চালিছা পাঠ কৰিলে শুভ ফল লাভ কৰিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement